--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে বহু সমস্যাৰ সহজ সমাধান কৰে তিনিঠেঙীয়া ভেকুলীয়ে। সঠিক ৰূপত যদি ফেংছুইৰ বিধি- বিধানসমূহ মানি চলা হয় তেন্তে মানুহে অতি কম দিনৰ ভিতৰতে সমৃদ্ধিৰ মুখ দেখিবলৈ সক্ষম হয়। ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে দিয়া কেইটামান বিধি-বিধানৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে। এনে বিধি-বিধানসমূহ যথাযথভাৱে পালন কৰিব পাৰিলে মানুহ এজন কম দিনৰ ভিতৰতে সম্পদশালী হৈ উঠিব পাৰে।

ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেছুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ। মানি প্লেণ্ট ঘৰৰ পূব বা দক্ষিণ দিশত ৰাখিলেও একে ফলেই পোৱা যায়।
মানি প্লেণ্ট কেতিয়াও শোৱনি কোঠা বা স্নানাগাৰত নাৰাখিব।

সৌভাগ্য বৃদ্ধিৰ বাবে ঘৰত তিনিঠেঙীয়া ভেকুলীৰ প্ৰতিকৃতি ৰাখিব পাৰে।এনে তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰাখিব লাগে। এনে ভেকুলীৰ প্ৰতিকৃতিত চীনা মুদ্ৰা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাৰিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল  ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ ভেকুলী ঘৰৰ মূল প্ৰৱেশব্দৰৰ পৰা  কৌণিকভাবে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। 

ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি। অৱশ্যে এইক্ষেত্ৰত ভেকুলীৰ সংখ্যাৰ ওপৰত সৌভাগ্য বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰে। ঘৰৰ আলহী বহা কোঠাত সাধাৰণতে ৯টা, ৩টা বা ৬টা তিনি ঠেঙীয়া ভেকুলী ৰাখিব পাৰি। আলহী বহা কোঠাত ৰখা এই ভেকুলীবোৰ কেতিয়াও আনৰ চকুত পৰাকৈ ৰাখিব নালাগে। এনে ভেকুলী চকী মেজৰ তলত, চোফাৰ তলত ৰাখিব লাগে। মনত ৰাখিব যে শোৱনি কোঠাত কেতিয়াও এনে তিনিঠেঙীয়া ভেকুলী ৰাখিব নালাগে। 

যদি ঘৰৰ সদস্যসকলৰ মাজত অথবা কাৰ্যালয়ৰ কৰ্মীসকলৰ মাজত সদায় সৰু কথাক লৈয়ে কাজিয়া-পেচাল হৈ থাকে তেন্তে এটা ঘূৰণীয়া আকৃতিৰ পাত্ৰত পানী ৰাখি তাত অগৰু আৰু গোলাপৰ পানী মিহলাই ল'ব লাগে। সেই পানীত সজীৱ ফুলৰ পাহি থ'ব লাগে। পিছত সেই পাত্ৰটো মানুহে দেখাকৈ থব লাগে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল এয়ে যে ঘৰ বা কার্যালয়ৰ পশ্চিম অথবা উত্তৰ পশ্চিম দিশত এনে পানীপূর্ণ পাত্র ৰাখিব নালাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement