--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষ কিম্বা মহিলা, চুলি সৰাৰ সমস্যা এতিয়া বহুতৰে বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে।  কিন্তু  এই সমস্যাৰ পৰা কেইটামান সাধাৰণ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই বহু খিনি মুক্ত হ'ব পৰা যায়।দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ আদিৰ বাবেও এনে সমস্যা হ'ব পাৰে। তেল, শ্বেম্পু, চুলিত সনা ৰং আদি ব্যৱহাৰৰ ফলতো চুলি সৰিব পাৰে।

চুলি  সৰা সমস্যা ৰ পৰা সকাহ পাবলৈ এনেবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি 

মচুৰ দাইল – চুলিৰ স্বাস্থ্যৰ বাবে মচুৰ বৰ উপকাৰী। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে ফোলিক এচিড পোৱা যায় যি চুলিৰ সুস্বাস্থ্যৰ লগতে কোষৰ বংশবৃদ্ধিত সহায় কৰে। মচুৰ দাইল খোৱাৰ উপৰি চুলিত বটি লগালে সুফল পোৱা যায়।

 বাৰ্লি – বাৰ্লিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু তাম ধাতু পোৱা যায়। ই আমাৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰি চুলিৰ গুড়িবোৰক শক্তিশালী কৰে। বাৰ্লি গাধোৱাৰ আগতে চুলিত লগালে ভাল ফল পোৱা যাব।
 কণী – চুলিৰ বাবে উপকাৰী আন এবিধ খাদ্য হৈছে কণী। কণীত প্ৰচুৰ পৰিমাণে মাল্টি ভিটামিন থকাৰ লগতে প্ৰ’টিন, ওমেগা ৩, জিংক, বায়’টিন, ছেলেনিয়াম আৰু কোলিন পোৱা যায়। কণীত থকা মাল্টি ভিটামিনে চুলিৰ গুড়িবিলাক মজবুত কৰাৰ লগতে চুলিৰ স্বাস্থ্য আৰু উজ্জ্বলতা বৃদ্ধি কৰে।

 নৰসিংহৰ পাত – নৰসিংহৰ পাতে আমাৰ অকালতে চুলি পকা সমস্যা বহুখিনি লাঘৱ কৰে। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিদ্ৰব্য থাকে যি আমাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে।

অ’টছ – চুলিৰ বাবে উপযোগী আন এবিধ খাদ্য হৈছে অ’টছ। অ’টছত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে দৰকাৰী ফেটি এচিড আৰু প্ৰাকৃতিক আঁহ পোৱা যায়। এই দুয়োবিধ পুষ্টিদ্ৰব্যই চুলিৰ কোষৰ বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰি অ’টছত যথেষ্ট পৰিমাণে জিংক আৰু আইৰণ পোৱা যায় । চুলি সৰা বন্ধ কৰিবলৈ এনেবোৰ হাতৰ কাষতে পোৱা বস্তু ব্যৱহাৰ কৰি চাওঁকচোন , সুফল পাবই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু