--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইয়ে ঘৰৰ সমৃদ্ধিৰ বাবে নানা বিধান দিছে। জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক। আজিকালি বজাৰত ধাতু, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা জাহাজৰ বিভিন্ন ধৰণৰ সুদৃশ্য প্ৰতিকৃতি কিনিবলৈ পোৱা যায় । এনেধৰণৰ প্ৰতিকৃতি যদি ঘৰৰ বিভিন্ন কোঠাত সজাই ৰখা হয় তেন্তে সেয়া সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰে। থকা ঘৰৰ লগতে কাৰ্যালয় আদিতো যদি জাহাজৰ প্ৰতিকৃতি ৰখা হয় তেন্তে অতি বিস্ময়কৰভাৱে সুখ আৰু সমৃদ্ধিয়ে আহি সকলোৰে লগ দিব।

অৱশ্যে জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

সেয়ে জাহাজৰ সন্মুখভাগ ঘৰৰ ভিতৰৰ দিশে ৰাখিব লাগে যেন জাহাজখন ঘৰৰ ভিতৰলৈহে আহি আছে। টাইটানিক জাহাজৰ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘটিছিল। আজিকালি বজাৰত টাইটানিক জাহাজৰ বহু প্ৰতিকৃতি পোৱা যায়। কিন্তু এনে টাইটানিক জাহাজৰ প্ৰতিকৃতি ঘৰত কেতিয়াও নাৰাখিব। দুৰ্ঘটনাত পতিত হোৱা জাহাজৰ প্ৰতিকৃতিয়ে শুভ ফলৰ সলনি অশুভ ফলহে দিব। 

সেয়ে জাহাজৰ মডেল নির্বাচন কৰোঁতে সাৱধান হ'ব। ঘৰত ৰাখিব বিচৰা জাহাজখনৰ আহি যাত্রীবাহী জাহাজৰ সলনি মাল পৰিবাহী জাহাজৰ আহি হ'লে বেছি ভাল হয়। জাহাজৰ লগত আপুনি কেতবোৰ নকল সোণৰ মুদ্ৰাও একেলগে ৰাখিব পাৰে । যদি নকল সোণৰ মুদ্ৰা পোৱা নাযায় তেন্তে সাধাৰণ মুদ্রাকেই জাহাজৰ সৈতে সজাই থ'লে লক্ষ্মী দেৱীয়ে ঘৰত সহজে প্ৰৱেশ কৰিব পাৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী