--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩১ আহাৰ। কাইলৈৰ পৰা অসমীয়া কেলেণ্ডাৰ মতে শাওণ মাহ আৰম্ভ হ'ব। এই মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। বিশেষকৈ শিৱ ভক্তসকলে এই মাহৰ বাবে অপেক্ষা কৰে। এই মাহত ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ ফল পোৱা যায়। এই মাহত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ। বিশ্বাস কৰা হয় যে শাওণ মাহত ভোলানাথে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে। শাওণ মাহত কিছুমান কাম নকৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। তেওঁ তেনে ভক্তৰ সোনকালেই মনৰ আশা পূৰণ কৰে। 

শাওণ মাহত কি কি কৰিব নালাগে জানো আহক-

১)আমিষ খাদ্য নাখাবঃ শাওণ মাহত পিঁয়াজ, নহৰু, মাছ-মাংস, কণী খাব নালাগে। ইয়াৰ বাহিৰেও শাওণ মাহত বেঙেনা সেৱন কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হয়।

২)ৰাতিপুৱা গা ধুবলৈ নাপাহৰিবঃ শাওণ মাহত পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গোটেই শাওণ মাহত ভোলেনাথক পানী আৰু বেল পাত আগবঢ়ালে ভাল ফল পোৱা যায় বুলি কোৱা হয়৷

৩)বিলাসৰ পৰা আঁতৰত থাককঃ শাওণ মাহটো তপস্যা আৰু ধ্যানৰ মাহ, গতিকে এই মাহ বিলাসীতাৰ পৰা আঁতৰি থাকিব লাগে। শাওনত বিচনাত শুব নালাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে। এনে সময়ত বহুত মানুহ মাটিত শোৱে। 

৪)শৰীৰত তেল লগাব নালাগেঃ শাওণ মাহত শৰীৰত তেল লগাব নালাগে বুলি বিশ্বাস কৰা হয়।

৫)দাড়ি আৰু চুলি কাটিব নালাগেঃ শাওণ মাহত চুলি আৰু দাড়ি কাটিব নালাগে। 

৬)দিনৰ সময়ত শুব নালাগে- শাওণ মাহত দিনৰ সময়ত শুব নালাগে। এই গোটেই মাহটোত কেৱল ৰাতি শুই বাকী দিনটো শিৱ ভক্তিত কটাব লাগে।

৭)গাখীৰ সেৱন নকৰিব- শাওণ মাহত গাখীৰ খোৱা উচিত নহয়। কিন্তু শিৱলিংগত গাখীৰৰে অভিষেক কৰিব লাগে। ইয়াৰ বাহিৰেও এই গোটেই মাহটোত ব্ৰঞ্জৰ বাচন-বৰ্তনত খাদ্য খোৱা উচিত নহয়।

৮)নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক- কোনো নেতিবাচক চিন্তা বা বেয়া কথা মনলৈ আনিব নালাগে। যদি আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই মাহত আপোনাৰ পিতৃ-মাতৃ আৰু গুৰুসকলক সন্মান কৰক।

৯) সাপ নামাৰিবঃ এই মাহত সাপ নামাৰিব। সাপ হৈছে ভগৱান শিৱৰ অলংকাৰ। শাওণ বুলিয়ে নহয় সাপ কেতিয়াও হত্যা কৰিব নালাগে। সাপক মাৰিলে অমংগল নিশ্চিত। 

১০) আৱৰ্জনা দূৰ কৰকঃ ঘৰৰ আৱৰ্জনা দূৰ কৰক। মকৰা জাল, এলান্ধু আদি আঁতৰাই পেলাওক। ভগা-চিগা বস্তু, ফটা কাপোৰ কানি আদি ঘৰত নাৰাখিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু