--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩১ আহাৰ। কাইলৈৰ পৰা অসমীয়া কেলেণ্ডাৰ মতে শাওণ মাহ আৰম্ভ হ'ব। এই মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। বিশেষকৈ শিৱ ভক্তসকলে এই মাহৰ বাবে অপেক্ষা কৰে। এই মাহত ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ ফল পোৱা যায়। এই মাহত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ। বিশ্বাস কৰা হয় যে শাওণ মাহত ভোলানাথে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে। শাওণ মাহত কিছুমান কাম নকৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। তেওঁ তেনে ভক্তৰ সোনকালেই মনৰ আশা পূৰণ কৰে। 

শাওণ মাহত কি কি কৰিব নালাগে জানো আহক-

১)আমিষ খাদ্য নাখাবঃ শাওণ মাহত পিঁয়াজ, নহৰু, মাছ-মাংস, কণী খাব নালাগে। ইয়াৰ বাহিৰেও শাওণ মাহত বেঙেনা সেৱন কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হয়।

২)ৰাতিপুৱা গা ধুবলৈ নাপাহৰিবঃ শাওণ মাহত পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গোটেই শাওণ মাহত ভোলেনাথক পানী আৰু বেল পাত আগবঢ়ালে ভাল ফল পোৱা যায় বুলি কোৱা হয়৷

৩)বিলাসৰ পৰা আঁতৰত থাককঃ শাওণ মাহটো তপস্যা আৰু ধ্যানৰ মাহ, গতিকে এই মাহ বিলাসীতাৰ পৰা আঁতৰি থাকিব লাগে। শাওনত বিচনাত শুব নালাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে। এনে সময়ত বহুত মানুহ মাটিত শোৱে। 

৪)শৰীৰত তেল লগাব নালাগেঃ শাওণ মাহত শৰীৰত তেল লগাব নালাগে বুলি বিশ্বাস কৰা হয়।

৫)দাড়ি আৰু চুলি কাটিব নালাগেঃ শাওণ মাহত চুলি আৰু দাড়ি কাটিব নালাগে। 

৬)দিনৰ সময়ত শুব নালাগে- শাওণ মাহত দিনৰ সময়ত শুব নালাগে। এই গোটেই মাহটোত কেৱল ৰাতি শুই বাকী দিনটো শিৱ ভক্তিত কটাব লাগে।

৭)গাখীৰ সেৱন নকৰিব- শাওণ মাহত গাখীৰ খোৱা উচিত নহয়। কিন্তু শিৱলিংগত গাখীৰৰে অভিষেক কৰিব লাগে। ইয়াৰ বাহিৰেও এই গোটেই মাহটোত ব্ৰঞ্জৰ বাচন-বৰ্তনত খাদ্য খোৱা উচিত নহয়।

৮)নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক- কোনো নেতিবাচক চিন্তা বা বেয়া কথা মনলৈ আনিব নালাগে। যদি আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই মাহত আপোনাৰ পিতৃ-মাতৃ আৰু গুৰুসকলক সন্মান কৰক।

৯) সাপ নামাৰিবঃ এই মাহত সাপ নামাৰিব। সাপ হৈছে ভগৱান শিৱৰ অলংকাৰ। শাওণ বুলিয়ে নহয় সাপ কেতিয়াও হত্যা কৰিব নালাগে। সাপক মাৰিলে অমংগল নিশ্চিত। 

১০) আৱৰ্জনা দূৰ কৰকঃ ঘৰৰ আৱৰ্জনা দূৰ কৰক। মকৰা জাল, এলান্ধু আদি আঁতৰাই পেলাওক। ভগা-চিগা বস্তু, ফটা কাপোৰ কানি আদি ঘৰত নাৰাখিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী