--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ কথাবোৰ আমাৰ বাস্তৱিক জীৱনত আখৰে আখৰে ফলিয়াই আহিছে। ফেংছুইয়ে গৃহ সজ্জাৰ লগতে সপোনৰ বিচাৰ কৰি আহিছে। সকলো ধৰণৰ সপোনৰ ফলাফল একে নহয়। দৰাচলতে সপোনে বিভিন্ন কথাৰ আগজাননী দিয়ে বুলি জ্যোতিষ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি ফেংছুইলৈকে সকলোতে কৈ অহা হৈছে। ফেংছুই অনুসৰি সপোনৰ ফল বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াত ফেংছুই অনুসৰি সপোনৰ কেতবোৰ ফলাফল উল্লেখ কৰা হ'ল।

সপোনত জীৱ-জন্তু দেখিলে : সপোনত আমি প্ৰায়ে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখো। সপোনত এনেদৰে জীৱ-জন্তু দেখাতো ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। সপোনত যদি কোনোবাই জীৱ-জন্তু দেখে তেন্তে তেওঁৰ উন্নতিৰ বাট প্রশস্ত হোৱা বুলি ধৰিব পাৰি। হিংস্ৰ জীৱ-জন্তুৰ সলনি শান্ত জীৱ-জন্তু দেখিলে বেছি ভাল ফল পোৱা যায়। অৱশ্যে সপোনত দেখা জীৱ-জন্তুৱে যদি নিজৰ ভিতৰতে যুঁজ বাগৰত লিপ্ত হোৱা দেখে তেন্তে কাৰোবাৰ সৈতে আপোনাৰ কাজিয়া-পেচাল হোৱাৰ আশংকা থাকে। একেদৰে সপোনত যদি কোনোবাই দূৰন্ত বেগেৰে দৌৰি থকা ঘোঁৰা দেখে তেন্তে এয়া ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। অৱশ্যে সপোনত ঘৰচীয়া জীৱ-জন্তু দেখিলে বিশেষ কোনো ফল পোৱা নাযায়

সপোনত উৰাজাহাজ দেখিলেঃ কোনোবাই যদি সপোনত উৰাজাহাজ দেখে তেন্তে সেয়া অতি শুভ ফলদায়ক কথা হিচাপে ফেংছুইত বিবেচনা কৰা হয়। সপোনত উৰাজাহাজ দেখা জনে  সৃষ্টিশীল কর্মৰাজিত অধিক উৎসাহেৰে ব্ৰতী হোৱাত সহায় কৰে। উৰাজাহাজে দূৰন্ত গতিৰে নিৰ্দিষ্ট লক্ষ্যক উদ্দেশ্যি আগুৱাই যায়। উৰাজাহাজৰ যাত্ৰাপথত কোনো ধৰণৰ বাধা নাথাকে। সেইবাবেই সপোনত উৰাজাহাজ দেখিলে লোক এজনৰ সৃষ্টিশীল মনতো পূৰ্বতকৈয়ো অধিক জাগ্ৰত হৈ পৰে। আনহাতে উৰাজাহাজৰ যাত্ৰী হিচাপে যদি আপুনি নিজকে সপোনত দেখিবলৈ পায় তেন্তে সেয়াও অতি শুভ বুলি ফেংছুইত গণ্য কৰা হয়।

সপোনত বিশ্বাস ভংগৰ দৃশ্য দেখিলেঃ মানুহে বিভিন্ন ধৰণৰ সপোন দেখে। সপোনত কেতিয়াবা কাজিয়া-পেচাল, বিশ্বাসভংগতা আদিৰ দৃশ্যও দেখা যায়। এনেবোৰ দৃশ্যই মানুহ এজনৰ মনটো অশান্ত কৰি তুলিব পাৰে। সপোনত যদি বিশ্বাসভংগতাৰ দৃশ্য দেখে তেন্তে বাস্তৱত আপুনি বন্ধুৰ দ্বাৰা অথবা কোনো আত্মীয়ৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। সেয়ে এই বিষয়ত আপুনি বাস্তৱত সাৱধান হোৱাটো উচিত হ'ব।

সপোনত চৰাই দেখিলেঃ সপোনত চৰাই দেখাতো ফেংছুইৰ মতে অতি ভাল কথা। সপোনত যদি আপুনি চৰাই দেখে তেন্তে আপুনি বাস্তৱ জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। সপোন দেখা চৰাই যদি ধুনীয়া হয় তেন্তে আপোনাৰ সাফল্যৰ হাৰো বেছি হ'ব৷ চৰায়ে সদায় ইতিবাচক দিশ প্রতিফলিত কৰে। সেইবাবে সপোনত চৰাই দেখাতো অতি ভাল বুলি ফেছুইয়ে কৈ আহিছে। সপোনত চৰাই দেখিলে আপোনাৰ বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। সপোনত উৰি যোৱা চৰাই দেখাতো আৰু বেছি ভাল বুলি বহুতে কয়।

সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলেঃ সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলে লোক এজনে তেওঁৰ মনত থকা বিভিন্ন ধৰণৰ ৰিপুসমূহ দমন কৰাৰ চেষ্টা চলাব লাগে। আচলতে ৰিপুসমূহে আমাক মৃত্যু ভয়ৰ পৰাও আঁতৰাই ৰাখে। আমি মৃত্যুৰ কথা পাহৰি গৈ পৃথিৱীখনতেই আজীৱন থাকিম বুলি ধৰি লওঁ। বিভিন্ন ৰিপুৰ বাবেই আমি পৃথিৱীখনত উপলব্ধ সুখসমূহ ভালদৰে উপভোগ কৰিব নোৱাৰোঁ। কেবল ধন-সম্পত্তিৰ পিছতেই দৌৰি ফুৰোঁতেই আমাৰ সময়বোৰ পাৰ হৈ যায়। পৃথিৱীৰ দৰে সুন্দৰ সুজলা-সুফলা পৰিৱেশৰ পৰাই যে আমি স্বৰ্গীয় সুখানুভূতি অনুভৱ কৰিব পাৰোঁ সেই কথা ভাবি চোৱাৰ সময় আমাৰ বহুতৰে নাথাকে। কেবল পার্থিৱ বিষয়ক লৈ ব্যস্ত থকা সকলে যদি সপোনত মৃতদেহ সৎকাৰ কৰা দেখে তেন্তে তেওঁলোকে ৰিপু দমন কৰাৰ চেষ্টা চলাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ