--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইৰ বিধান অনুসৰি সপোনত কিছুমান বস্তু দেখিলে সপোন দেখা জনৰ মংগল হয় যদিও কিছুমান দৃশ্যই অমংগলৰ বাৰ্তাও বহন  কৰিব পাৰে।

সপোনত ভেকুলী দেখিলেঃ সপোনত ভেকুলী দেখাতো অতি উত্তম ফলদায়ক কথা। ভেকুলীয়ে সদায় শুভ ফলকেই প্রতিফলিত কৰে। ফেংছুইত সেইবাবে ভেকুলী, ড্রেগন আদি প্রাণীসমূহক শুভ ফলদায়ক প্রাণী হিচাপে গণ্য কৰি অহা হৈছে। সপোনত যদি আপুনি ভেকুলী দেখে তেন্তে আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটিব। কেৱল ভেকুলীয়েই নহয়, সপোনত ৰঙা বাদুলী দেখিলেও একে ফলেই পোৱা যায়। সপোনত যদি সেউজীয়া ভেকুলী দেখে তেন্তে   সেয়া অতি ভাল কথা বুলি ফেংছুইয়ে বিবেচনা কৰি আহিছে।

সপোনত হত্যাৰ দৃশ্য দেখিলে : সপোনত হত্যাৰ দৃশ্য দেখাৰ কথাটোক ফেংছুইয়ে ইতিবাচকভাবে গ্ৰহণ কৰাৰ পৰামৰ্শ দি আহিছে। হত্যাকাণ্ডৰ দৃশ্য দেখা লোকজনে মনটো বেয়া কৰিব নালাগে। ইয়াৰ বিপৰীতে তেনে লোকৰ মনত যিবোৰ নেতিবাচক চিন্তাই ক্ৰিয়া কৰি আছে তেনে চিন্তাসমূহ মনৰ পৰা একেবাৰে উলিয়াই দিব লাগে। ফেংছুইৰ মতে সপোনত হত্যাৰ দৃশ্য দেখাৰ অৰ্থ হ'ল মনৰ পৰা নেতিবাচক চিন্তাবোৰক উলিয়াই দিয়া অর্থাৎ তেনে চিন্তাক হত্যা কৰা।

সপোনত পর্বত দেখিলেঃ ফেংছুইৰ মতে সপোনত পৰ্বত-পাহাৰ আদি দেখাটো শুভ ফলদায়ক কথা। পৰ্বত- পাহাৰে সদায় ইতিবাচক কথাকেই প্রতিফলিত কৰে। পৰ্বত-পাহাৰ বগোৱা দেখা লোকজনৰ নতুন কামৰ সংযোগ ঘটে। তেনে লোকে পূৰ্বৰে পৰা কৰি থকা কামটোত উন্নতি লাভ কৰিবলৈ সক্ষম হয়। সেয়ে পর্বত দেখাটো ফেংছুইৰ মতে ইতিবাচক কথা।

সপোনত হাই-কাজিয়া দেখিলে : সপোনত হাই-কাজিয়া দেখাটো বৰ এটা ভাল কথা নহয়। এনে সপোনে সপোন দেখাজনৰ মনত নেতিবাচক ক্ৰিয়াৰ সৃষ্টি কৰে। হাই-কাজিয়া দেখিলে সেয়ে সদায় আনৰ সৈতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বিষয়ত সজাগ হ'ব লাগে।

সপোনত সাপ দেখিলে : সপোনত সাপ দেখিলে বৰ এটা ইতিবাচক কথা নহয়। সাপ দেখিলে বাস্তৱ জীৱনত বিপদ হোৱাৰ আশংকা থাকে। সপোনত যদি সাপ মৰা দেখা হয় অথবা কোনো দুৰ্ঘটনাত সাপ মৰি যোৱা দেখে তেন্তে সেয়া ভাল কথা নহয়। সপোনত সাপ দেখিলে সেয়ে বাস্তৱ জীৱনত যাতে কোনো দুর্ঘটনা অথবা আন অপায়-অমংগল নহয় সেই বিষয়ত সতৰ্ক হৈ থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ