--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি ফ্ৰেন্স ফ্ৰাই খাই ভালপায় নেকি? তেন্তে সাৱধান হওক। ফ্ৰেন্স ফ্ৰাইক লৈ প্ৰকাশ পাইছে এক ডাঙৰ তথ্য। ফ্ৰেন্স ফ্ৰাই খাই মুখৰ জুতি বাঢ়ে যদিও শৰীৰৰ বাবে ই একো উপকাৰ সাধন নকৰে। 

ফ্ৰেন্স ফ্ৰাইক আমাৰ শাৰীৰিক সুস্থতাৰ বাবে কেতিয়াও ভাল বুলি গণ্য কৰা হোৱা নাই। এটা নতুন অধ্যয়নে দেখুৱাইছে যে এনেকুৱা খাদ্যবোৰে মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই ফ্ৰেন্স ফ্ৰায়ে আচলতে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। অধিক ভজা খাদ্য খালে মানসিক উদ্বেগ আৰু হতাশাৰ হাৰ অধিক হোৱা দেখা যায়।

চীনৰ হাংঝৌৰ এটা গৱেষক দলে পিএনএএছ (প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছ অৱ দ্য ইউনাইটেড ষ্টেটছ অৱ আমেৰিকা) নামৰ আলোচনীখনত প্ৰকাশ কৰা তথ্যত দেখা গৈছে যে ভজা খাদ্য নোখোৱা লোকতকৈ সঘনাই ভজা খাদ্য বিশেষকৈ ফ্ৰেন্স ফ্ৰাই খোৱা লোকৰ উদ্বেগৰ আশংকা আৰু হতাশাৰ আশংকা সাত শতাংশ বেছি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ