--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল (Jackfruit) যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 

কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এণ্টিঅক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কঁঠালৰ মুচিৰ উপকাৰিতা

১) কঁঠালৰ মুচিয়ে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

২) ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।

৩) কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।

৫) প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ই পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  

৬) কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।

৭) ভিটামিন, এণ্টিঅক্সিডেণ্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

৮) কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।

৯) এণ্টিঅক্সিডেণ্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত কঁঠালৰ মুচিয়ে সহায় কৰে।

গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ