--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠালৰ মুচি অসমীয়া সমাজত অতি জনপ্ৰিয়। পকা কঁঠাল (Jackfruit) যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ তৰকাৰী বহুতৰে প্রিয়। কেঁচা কঁঠাল প্ৰধানকৈ ৰন্ধন প্ৰকৰণত ব্যবহৃত হয়। কেঁচা কঁঠালৰ তৰকাৰীখনৰ সোৱাদ মাংসৰ জোলৰ সোৱাদতকৈ কোনোগুণে কম নহয়। সেয়েহে হয়তো কঁঠালৰ মুচি ব্যঞ্জনৰ সোৱাদ নোলোৱাকৈ কোনো ভোজন বিলাসী থাকিব নোৱাৰে। 

কঁঠালৰ মুচি ঔষধি গুণসমৃদ্ধ হোৱাৰ বাবে পাচলি হিচাবে ব্যবহাৰ বেছি হয়। নিৰোগী আৰু ৰোগী দুয়ো লোকে খাব পাৰে কেঁচা কঁঠালৰ ব্যঞ্জন । কাৰণ বিভিন্ন এণ্টিঅক্সিডেণ্টযুক্ত কঁঠালৰ মুচিয়ে আমাৰ স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কঁঠালৰ মুচিৰ উপকাৰিতা

১) কঁঠালৰ মুচিয়ে ক'ল'ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

২) ইয়াত আইৰণ থকা বাবে ৰক্তহীনতা দূৰ হয়।

৩) কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা আঁহে শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত  সহায় কৰে।

৫) প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ই পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে।  

৬) কঁঠালৰ মুচিত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে আৰু লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। ওজন কম কৰিব বিচৰাসকলে কঁঠালৰ মুচি খালে সুফল পাব।

৭) ভিটামিন, এণ্টিঅক্সিডেণ্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

৮) কঁঠালৰ মুচি বা কেঁচা কঁঠাল ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে।

৯) এণ্টিঅক্সিডেণ্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত কঁঠালৰ মুচিয়ে সহায় কৰে।

গতিকে বতৰৰ এনেবোৰ ঔষধি গুণসমৃদ্ধ ফল বা পাচলি খাই আমি সুস্বাস্থ্যৰ অধিকাৰী হওঁ আহক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক