বনবাসী সম্প্ৰদায়ৰ লোকসকলৰ ঐতিহ্যগত অধিকাৰক স্বীকৃতি দিয়াৰ দিশেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কামৰূপ জিলাত মুঠ ২৩৪ গৰাকী হিতাধিকাৰীক বন অধিকাৰ পট্টা প্ৰদান কৰা হয়। জনজাতি গৌৰৱ পক্ষ উদযাপনৰ অংশস্বৰূপে আমিনগাঁৱত আয়োজিত এক বিশেষ অনুষ্ঠানত এই পট্টাসমূহ বিতৰণ কৰা হয়।
আমিনগাঁৱস্থিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে হিতাধিকাৰীসকলৰ হাতত আনুষ্ঠানিকভাৱে পট্টাসমূহ তুলি দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে বন অধিকাৰ আইনখনক জনজাতি আৰু বনবাসী সম্প্ৰদায়ৰ অধিকাৰ তথা জীৱিকা সুৰক্ষিত কৰাৰ এক গুৰুত্বপূৰ্ণ সঁজুলি বুলি অভিহিত কৰে।
তেওঁ লগতে কয় যে এই আইনী স্বীকৃতি কেৱল ভূমিৰ অধিকাৰতে সীমাবদ্ধ নহয়, বৰঞ্চ বনভূমিৰ ওপৰত পৰম্পৰাগতভাৱে নিৰ্ভৰশীল পৰিয়ালসমূহৰ সামাজিক সুৰক্ষা, মৰ্যাদা আৰু ন্যায় নিশ্চিত কৰাৰ দিশতো এক উল্লেখযোগ্য পদক্ষেপ। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাভ কৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও তেওঁ পুনৰ দোহাৰে। ইয়াৰ লগতে সংশ্লিষ্ট বিভাগ আৰু বিষয়া সকলক বন অধিকাৰ স্বীকৃতিৰ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ আৰু বাকী থকা গোচৰসমূহ শীঘ্ৰে নিষ্পত্তি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।