--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই এ এছ হোৱাটো ধেমালি কথা নহয়! এইটো সাধনাৰ দৰে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আই এ এছ হিচাপে কাম কৰাটোও মুখৰ কথা নহয়। তেওঁলোকৰ কান্ধত এক বৃহৎ দায়িত্ব থাকে। কামো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰত সফল। তেওঁলোকৰ সফলতাৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰে। এনে এগৰাকী মহিলা আই এ এছ বিষয়াৰ কথাই ক’বলৈ লোৱা হৈছে।

দেশৰ মহিলা আই এ এছৰ ভিতৰত শেহতীয়াকৈ যিগৰাকীৰ নাম আটাইতকৈ বেছি চৰ্চিত হৈছে তেওঁ হৈছে টিনা ডাবি। ২০১৫ চনত টিনাই ইউ পি এছ চি পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল। প্ৰথম বাৰৰ বাবে UPSC পৰীক্ষাত সফলতা লাভ কৰি তেওঁ কেতিয়াও পিছলৈ ঘূৰি নাচালে।

অৱশ্যে ইউ পি এছ চিৰ পৰীক্ষাত প্ৰথম ৰেংক হোল্ডাৰ হোৱাতকৈ টিনাই নিজৰ ব্যক্তিগত জীৱনক লৈহে বেছি চৰ্চাত থাকে। নতুন দিল্লীত আই এ এছ উত্তীৰ্ণৰ অভ্যৰ্থনা অনুষ্ঠানত টিনাই নিজৰ হৃদয়ৰ মানুহজনক লগ পাইছিল। তেওঁৰ নাম আথহাৰ আমিৰ খান।

২০১৫ চনত আমিৰে টিনাৰ সৈতে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত টিনাই প্ৰথম স্থান লাভ কৰিছিল। আৰু আমিৰ দ্বিতীয় স্থানত আছিল। নতুন দিল্লীৰ সেই অনুষ্ঠানত তেওঁলোকৰ আলাপ হয়। তাৰপাছত প্ৰেম হয়। ২০১৮ চনত তেওঁলোকৰ বিবাহ হয়।

সেই সময়ত টিনা আৰু আমিৰৰ বিয়াক লৈ যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেই বিবাহ স্থায়ী নহ’ল। ২০২১ চনত আইনগতভাৱে পৃথক হৈছিল দুয়ো। যোৱা বছৰ টিনাৰ আন এজন আই এ এছৰ লগত বিয়া হৈছিল। তেওঁৰ নাম প্ৰদীপ গাৱণ্ডে।

বৰ্তমান ৰাজস্থানৰ জয়ছালমেৰৰ জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে টিনা। টিনাৰ ভনীয়েক ৰিয়াই দাবী কৰে যে তাইও বায়েকে দেখুওৱা পথ অনুসৰণ কৰিছে। আই এ এছ বিষয়া হিচাপে তেওঁৱো পাৰদৰ্শিতা দেখুৱাইছে। ২০২০ চনত ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰিয়াই। পৰীক্ষাত ১৫ নম্বৰ স্থান লাভ কৰে। জনপ্ৰিয়তাৰ ক্ষেত্ৰত অৱশ্যে ৰিয়াই এতিয়াও বায়েকক পেলাব পৰা নাই।

ঠিক টিনাৰ দৰেই দেশৰ আন এগৰাকী যুৱতীয়ে প্ৰথমবাৰৰ বাবে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছে। তাই হৈছে ঐশ্বৰ্য শ্বেৰন। ৰাজস্থানৰ চুৰু জিলাৰ পৰা অহা ঐশ্বৰ্যই অৱশ্যে মডেল হিচাপেহে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।

ঐশ্বৰ্যই ২০১৪ চনত এখন সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। তেতিয়াৰ পৰাই ঐশ্বৰ্যই গ্লেমাৰ জগতত সফলতাৰ সোৱাদ লৈ আছে। ২০১৫ চনত ঐশ্বৰ্যই ‘মিছ দিল্লী’ খিতাপ অৰ্জন কৰিছিল। পিছৰ বছৰ অৰ্থাৎ ২০১৬ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। কেইবাটাও ফেশ্বন শ্ব’ৰ ৰেম্পতো তেওঁ খোজ কাঢ়িছিল।

কিন্তু এই সকলোবোৰৰ মাজতো তেওঁৰ প্ৰকৃত লক্ষ্য আছিল আই এ এছ বিষয়া হোৱা। সেই লক্ষ্যত উপনীত হ’বলৈ ঐশ্বৰ্যই মডেলিং কেৰিয়াৰ ত্যাগ কৰিছিল। তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে।

২০১৯ চনত ইউ পি এছ চি পৰীক্ষাত ঐশ্বৰ্যই ৯৩ নম্বৰ স্থান লাভ কৰিছিল। এগৰাকী মডেলে আই এ এছ বিষয়ালৈ পৰিণত হ’ল। ঐশ্বৰ্যৰ এই কাহিনী বহুতৰে বাবে প্ৰেৰণা।

আন এগৰাকী অনু্প্ৰেৰণাৰ নাম হৈছে সৃষ্টি জয়ন্ত দেশমুখ। তেওঁ প্ৰথমবাৰ UPSC পৰীক্ষা দিয়েই সফলতা লাভ কৰে। ২০১৮ চনৰ ইউ পি এছ চি পৰীক্ষাত তেওঁ পঞ্চম স্থান দখল কৰে।

টিনা, ঐশ্বৰ্যৰ দৰে সৃষ্টিৰ জনপ্ৰিয়তাও কম নহয়। তেওঁৰ অনুৰাগীয়ে ছচিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ নিৰ্মাণ কৰিছে। আনকি, ইউ পি এছ চি পৰীক্ষাৰ সৃষ্টীৰ সাক্ষাৎকাৰ পৰ্যায়ৰ ভিডিঅ’টোও ছ’চিয়েল মিডিয়াত দেখা গৈছে। সেইটো দেখি বহুতে আনন্দিত হয়।

টিনাৰ দৰে সৃষ্টিৰো বিয়া হৈছে আই এ এছ বিষয়াৰ লগত। তেওঁৰ স্বামী আই এ এছ নাগাৰ্জুন গৌড়া। ২০২২ চনত তেওঁলোকৰ বিবাহ হয়। এই আই এ এছ দম্পতীৰ বিভিন্ন ছবি প্ৰতিদিনে ছচিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক