--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ১৯৮৪ চনত ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ভূপাল চহৰত অৱস্থিত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়ান লিমিটেডৰ ফেক্টৰীত বিষাক্ত মিথাইল আইছ’চাইনাইট গেছ বিয়পি পৰাৰ ফলত বহু লোকৰ মৃত্যু ঘটিছিল, বহুলোক জীৱনৰ বাবে পংগু হৈছিল৷ এই গেছ দুৰ্ঘটনা ভাৰত তথা বিশ্বৰ উদ্যোগিক দুৰ্ঘটনাসমূহৰ ভিতৰৰে এটা  অন্যতম দুৰ্ঘটনা আছিল৷

এনচাইক্লপিডিয়া ব্ৰিটেইনিকাৰ মতে, এই দুৰ্ঘটনাত প্ৰায় ১৫,০০০ৰ পৰা ২০,০০০ লোক মৃত্যুমুখত পৰিছিল৷তদুপৰি প্ৰায় ৫০০,০০০ লোক এই দুৰ্ঘটনাৰ প্ৰভাৱৰ বাবে শ্বাসপ্ৰশ্বাসজনিত ৰোগ,চকুৰ ৰোগ আৰু অন্য স্বাস্থ্যজনিত ৰোগৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

শেহতীয়াকৈ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এই গেছ দুৰ্ঘটনাত আক্ৰান্ত হোৱা লোকসকলক অধিক ক্ষতিপূৰণ প্ৰদানৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন প্ৰদান কৰিছিল৷কিন্তু উচ্চতম ন্যায়ালয়ে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান ইউনিয়ন কাৰ্বাইড কৰ্পোৰেচনৰ পৰা ১৯৮৪ চনৰ ভূপাল গেছ দুৰ্ঘটনাত নিহতসকলৰ বাবে বৰ্ধিত ক্ষতিপূৰণৰ বাবে কেন্দ্ৰই যিখন নিৰাময়মূলক আবেদন প্ৰদান কৰিছিল সেইখন নাকচ কৰে। প্ৰতিবেদন অনুসৰি, আবেদনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগীসকলক অধিক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ইউনিয়ন কাৰ্বাইড কৰ্পোৰেচনৰ (ইউচিচি) বৰ্তমানৰ উত্তৰাধিকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা অতিৰিক্ত ৭,৮৪৪ কোটি টকা বিচাৰিছিল। 

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায়দানটো ঘোষণা কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ অভয় এছ ওকা, ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ জে কে মহেশ্বৰক লৈ গঠিত খণ্ড বিচাৰপীঠে ১২ জানুৱাৰীত কেন্দ্ৰৰ নিৰাময়মূলক আবেদনৰ ওপৰত নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল।

ইয়াৰ পূৰ্বে ১২ জানুৱাৰীত ইউচিচিৰ উত্তৰাধিকাৰী কোম্পানীসমূহে শীৰ্ষ আদালতক জনাইছিল যে ১৯৮৯ চনত নিগম আৰু কেন্দ্ৰৰ মাজত এই বিষয়টো মীমাংসা কৰা হৈছিল, এতিয়া ভূপাল গেছ ট্ৰেজেডীৰ ভুক্তভোগীসকলৰ বাবে ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰিব বিচৰাটো যুক্তিসঙ্গত হিচাপে গণ্য কৰিব নোৱাৰি।

শীৰ্ষ ন্যায়ালয়ে শুনানিৰ সময়ত কেন্দ্ৰক এইটো কথা স্পষ্ট কৰি দিছিল যে উত্তৰাধিকাৰী কোম্পানীসমূহে "সোণৰ কণী পৰা হাঁহ"ৰ ৰ দৰে কাম কৰিব নোৱাৰে আৰু ইউচিচিৰ পৰা অসামৰিক মোকৰ্দমা হিচাপে অতিৰিক্ত পুঁজি বিচৰা নিৰাময়মূলক আবেদনৰ সিদ্ধান্ত ল'ব নোৱাৰে, লগতে চৰকাৰক বৰ্ধিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ কেন্দ্ৰক নিজৰে অৰ্থনৈতিক অৱস্থা চাবলৈ কৈছিল৷ 

উল্লেখযোগ্য যে কেন্দ্ৰই  আবেদন খনৰ জৰিয়তে ইউচিচিৰ উত্তৰাধিকাৰী প্ৰতিষ্ঠানসমূহৰ পৰা ১৯৮৯ চনত নিষ্পত্তিৰ অংশ হিচাপে আমেৰিকান কোম্পানীৰ পৰা লাভ কৰা ৪৭০ নিযুত আমেৰিকান ডলাৰ (৭১৫ কোটি টকা)ৰ উপৰি আৰু ৭,৮৪৪ কোটি টকা অতিৰিক্তভাৱে বিচাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement