--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেটি লিভাৰৰ সমস্যা এতিয়া এক সাধাৰণ সমস্যা হৈ পৰিছে। বৰ্তমান আধুনিক জীৱনশৈলীয়ে শৰীৰৰ ওপৰত প্ৰভাৱ পেলাইছে। মেদবহুলতাৰ সমস্যা সাধাৰণতে  বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতাৰ,  পৰিশ্ৰম বিমুখতা,  দীঘলীয়া সময় বহি থকা আদিৰ বাবে হ’ব পাৰে।  মেদবহুলতাৰ বাবে শৰীৰত হোৱা ৰোগবোৰৰ ভিতৰত চৰ্বিযুক্ত যকৃত অন্যতম। 

অনিয়মীয়া খোৱাৰ ফলত যকৃতত চৰ্বি জমা হ’লে  সমস্যাটো আৰু লাহে লাহে গুৰুতৰ হৈ পৰিব পাৰে। চিকিৎসকৰ মতে  যকৃতই সাধাৰণতে ৫ ৰ পৰা ৬ শতাংশ চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপজ্জনক হ’ব পাৰে। যদি সময়মতে চিকিৎসা কৰা নহয়, এই ৰোগৰ ফলত যকৃতৰ চিৰোচিছ পৰ্যন্ত  হ'ব পাৰে।

 চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন।বহু  চিকিৎসকে  কৈ আহিছে যে  নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে  অন্যতম ঔষধ সদৃশ  হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকল পানী কিয় উপকাৰী?

১) চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক  স্বাস্থ্যৱান কৰি  ৰখাৰ বাবে ডাব নাৰিকলৰ পানী  বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এক ভাল  উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়। 

২) নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহুউপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত  এণ্টি-অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান  সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়ে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

৩) যকৃত স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন । এনেবোৰ উপাদানে  যকৃতক সুৰক্ষিত কৰি ৰাখে, যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকল পানীত এই বোৰ  উপাদান থাকে।

৪) শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা  ফলৰ ৰস আৰু  পানীয়ত  বেছি পৰিমাণত চেনী থাকে। ফলস্বৰূপে, সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনীৰ পৰিমাণ অতি কম। গতিকে  চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকল পানী খালে সুফল পাব পাৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে