--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেটি লিভাৰ বা যকৃতত চৰ্বি জমা হ’লে  যকৃতৰ চিৰোচিছৰ দৰে গুৰুতৰ অৱস্থাৰ  সৃষ্টি কৰাৰ  আশংকা থাকে। এই ক্ষেত্ৰত যদি চৰ্বিযুক্ত যকৃত থাকে, তেন্তে ভজা বস্তু,  মিঠাই, ডালদা আদিৰ পৰা যিমান পাৰি দূৰৈত থাকিব লাগে। চৰ্বিযুক্ত যকৃত এক অধিক জটিল ৰোগ। বহুতো লোক এই ৰোগত আক্ৰান্ত হৈ আহিছে। লক্ষ্যণীয় কথাটো হ’ল বহুলোকে নাজানে যে তেওঁলোক ফেটি লিভাৰৰ সমস্যাত ভুগি আছে৷

সেয়েহে প্ৰতিজন ব্যক্তিয়ে এই ৰোগৰ বিষয়ে সাৱধান হ'ব লাগিব।  চৰ্বিযুক্ত যকৃত হৈছে যকৃতত  চৰ্বি সঞ্চিত হোৱা এক অৱস্থা।ফেটি লিভাৰৰ ফলত  আন কিছুমান ৰোগো হ'ব পাৰে। এই ক্ষেত্ৰত, দেখা গৈছে যে চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে।  ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে প্ৰকৃততে শৰীৰৰ বহু ঠাইত চৰ্বি জমা হ'ব পাৰে। শৰীৰৰ আন অংগৰ দৰেই আমাৰ যকৃততো চৰ্বি জমা হ’ব পাৰে। এই ক্ষেত্ৰত, যকৃতত ট্ৰাইগ্লিচাৰাইড বা কলেষ্টেৰল চৰ্বি হিচাপে জমা হয়। সেয়েহে, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে সাৱধান হ'ব লাগিব। এই ৰোগৰ মূলতঃ দুটা ভাগ আছে। 

প্ৰথমটো হ'ল এলকহলৰ বাবে হোৱা চৰ্বিযুক্ত যকৃতৰ ৰোগ। সুৰাপান হৈছে এই ৰোগৰ মুখ্য কাৰণ। আনহাতে, সুৰা গ্ৰহণ নকৰা লোকৰো  চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকা থাকে । এইক্ষেত্ৰত  ৰোগৰ কাৰণ  সম্পূৰ্ণ পৃথক। এনে সুৰাপান নকৰা লোকৰ যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ সুৰা নহয়। তেওঁলোকৰ সমস্যাটো জীৱনশৈলী আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। কেইবিধমান বিশেষ খাদ্যই চৰ্বিযুক্ত যকৃতৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি যকৃত সুস্থ ৰাখিবলৈ সেই খাদ্যসমূহ পৰিহাৰ কৰিব লাগিব। আহক চাওঁ কেনে খাদ্যই যকৃতৰ চৰ্বি বৃদ্ধি কৰিব পাৰে-

১. ঘিউ, মাখন, ডালডা
আমাৰ বিভিন্ন ৰন্ধন প্ৰকৰণত ঘিউ আৰু মাখন ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ খাদ্য যকৃতৰ বাবে  ভাল নহয়। কিয়নো এই খাদ্যত সংপৃক্ত চৰ্বি থাকে।  এই সংপৃক্ত চৰ্বি যকৃতত জমা হ'ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে ঘিউ, মাখন পৰিহাৰ অথবা যিমান পাৰি কমকৈ খাব লাগে৷ বিশেষকৈ চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগীসকলৰ বাবে এই খাদ্য স্পৰ্শ কৰাটোও পাপ বুলি  ডাঃ পালে কয়।প্ৰায়ে দেখা যায় যে মানুহে খাদ্যত সোৱাদৰ বাবে ডালডা মিহলি কৰে।  ইয়াৰ ফলতো যকৃতত চৰ্বি জমা হ’ব পাৰে। 

২. শীতল পানীয়
গ্ৰীষ্মৰ দিনত শীতল পানীয় খোৱাটো আমাৰ বহুতৰে অভ্যাস৷।কিন্তু শীতল পানীয় খোৱাটো প্ৰকৃততে শৰীৰৰ বাবে ক্ষতিকাৰক। শীতল পানীয়ত যথেষ্ট পৰিমাণে চেনি থাকে। সেই চেনিয়েই শৰীৰত জমা হয় চৰ্বি হিচাপে। গতিকে ডাঃ পালে শীতল পানীয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

৩. ভজা মিঠাই
বহুতেই মিঠাই খাই ভালপায়। মিঠাইত যথেষ্ট মাত্ৰাত চেনী আছে। যেতিয়া মিঠাইটো পুনৰ ভজা হয়, তেতিয়া ই তেলৰ সংস্পৰ্শলৈ আহে৷ ফলত ভজা মিঠাই যেনে লালমোহন আজিয়ে যকৃতৰ চৰ্বিৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। চমনি আৰু তেল,এই দুয়োটাৰ সংমিশ্ৰণে জটিলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভজা মিঠাইৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল৷

৪. সুৰাপান
ডাঃ পালে কয়, ’মই আগতে কোৱাৰ দৰে, এক প্ৰকাৰৰ চৰ্বিযুক্ত যকৃত আছে যি সুৰাপানৰ বাবে হয়। এই ক্ষেত্ৰত, যদি কোনোৱাই অত্যাধিক সুৰা পান কৰে, শৰীৰত যথেষ্ট কেলৰি প্ৰৱেশ কৰে। তাৰ পিছত এই অতিৰিক্ত কেলৰিবোৰ যকৃতলৈ যায় আৰু সমস্যাৰ সৃষ্টি কৰে। এনে কেলৰি আনকি যকৃতত জমা হ'ব পাৰে। সেয়ে  সুৰাৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰাও ভালে খিনি আঁতৰি থাকিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন