--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লুক’মা হৈছে চকুৰ এনে এক ৰোগ যিয়ে স্থায়ীভাৱে দৃষ্টিশক্তিহীনতা বা আনকি অন্ধতাও সৃষ্টি কৰে। সাধাৰণতে বয়সস্থ বা প্ৰাপ্তবয়স্কসকল এই ৰোগত আক্ৰান্ত হয়। কিন্তু চিকিৎসকৰ মতে বহু ডেকা, আনকি সৰু ল’ৰা-ছোৱালীয়েও এই অৱস্থাত ভুগিছে, যাৰ ফলত চকুৰ স্নায়ুৰ ক্ষতি হয়।

চিকিৎসকৰ মতে, গ্লুক’মাৰ লক্ষণবোৰ ইমানেই লাহে লাহে আৰম্ভ হয় যে প্ৰথমে ধৰিবই নোৱাৰি, যাৰ ফলত পৰৱৰ্তী পৰ্যায়তহে ৰোগ নিৰ্ণয় হয়। গ্ল’ক’মা আছে নে নাই সেইটো জানিবলৈ একমাত্ৰ উপায় হ’ল চকুৰ বিস্তৃত পৰীক্ষা কৰা।

যুৱক-যুৱতীসকলৰ গ্লুক’মাৰ কাৰণ কি?

বিশেষজ্ঞসকলে কয় যে কিশোৰ আৰু শিশুৰ গ্ল’ক’মাৰ বহু ক্ষেত্ৰত কোনো নিৰ্দিষ্ট কাৰণ নাথাকে আৰু ইয়াক প্ৰাথমিক গ্ল’ক’মা বুলি গণ্য কৰা হয়। শিশুৰ গ্ল’ক’মাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল চকুৰ বিভিন্ন এলাৰ্জিজনিত ৰোগৰ বাবে অজানিতে ষ্টেৰইডযুক্ত আই ড্ৰপ ব্যৱহাৰ কৰা।

লক্ষণসমূহ 

চকুৰ বিষ বা চাপ
মূৰৰ বিষ
পোহৰৰ চাৰিওফালে ৰামধেনু ৰঙৰ প্ৰভাৱ
দৃষ্টিশক্তি কম
দৃষ্টিশক্তি অস্পষ্ট আৰু সংকীৰ্ণ
চকুৰে ক’লা ক’লা স্পট দেখা
বমি আৰু ওকালি হোৱা
ৰঙা চকু

গ্ল’ক’মাৰ চিকিৎসা

ডাঃ শৰ্মাৰ মতে, “চিকিৎসা প্ৰথম অৱস্থাত চকুৰ চাপ কমোৱাৰ বাবে স্থানীয় ঔষধেৰে গঠিত। যুৱক-যুৱতীসকলৰ গ্ল’ক’মা কোনো জীৱনশৈলীৰ লগত জড়িত ৰোগ নহয় যদিও সাৱধানতা হিচাপে তীব্ৰ উশাহ-নিশাহ বন্ধ কৰা ব্যায়াম আৰু যোগত কপালভাটি পৰিহাৰ কৰিব লাগে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী