--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাভাৱিকতকৈ অধিক ওজন বৃদ্ধি হ’লে উদ্ভৱ হোৱা অন্যতম সমস্যা হ’ল ফেটি লিভাৰ। খাদ্যৰ পৰা পোৱা চৰ্বি যকৃতত জমা হ’লে এই সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰে। গতিকে যদি আপুনি চৰ্বিযুক্ত যকৃতৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে কেনেদৰে উপশম পাব পাৰি জানো আহক।

যকৃতে সাধাৰণতে পাঁচৰ পৰা ছয় শতাংশ চৰ্বি শোষণ কৰিব পাৰে। অতিৰিক্ত চৰ্বি জমা হোৱাটো বিপজ্জনক। সময়মতে চিকিৎসা নকৰিলে এই ৰোগৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে। মেদবহুলতা, ডায়েবেটিছ, কলেষ্টেৰল, থাইৰয়ড আৰু অন্যান্য হৰম’নৰ ৰোগেও ফেটি লিভাৰৰ প্ৰৱণতা বৃদ্ধি কৰে। ইয়াৰ কোনো ঔষধ নাই। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোৱেই এই ৰোগৰ প্ৰধান উপশম। এই ৰোগৰ বিভিন্ন পৰ্যায় থাকে যেনে-প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী। যদি ৰোগটো গ্ৰেড-২ বা তাতকৈ অধিক গুৰুতৰ পৰ্যায়লৈ বিয়পি পৰে তেন্তে পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি ডায়েট চাৰ্ট বনোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। কিন্তু জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কিছু পৰিৱৰ্তন কৰি গ্ৰেড-১ ফেটি লিভাৰ ৰোগ নিৰাময় কৰা সম্ভৱ।

 * ইয়াৰ বাবে কি কৰিব?

১)দিনে কমেও ৮ ঘণ্টা শুব লাগে। এইক্ষেত্ৰত টোপনি অতি গুৰুত্বপূৰ্ণ।

২) নিয়মিতভাৱে ৩ লিটাৰ পানী খাব লাগে।

৩) বেছি সময়ৰ ব্যৱধানত খাদ্য খাব নালাগে। সঘনাই খাব, কিন্তু কম পৰিমাণ বেছি হ’ব নালাগে।

৪) ভজা খাদ্য, ঘিউ, পনীৰ, ৰঙা মাংস–এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চেনিযুক্ত, আটাযুক্ত খাদ্য মদ্যপান পৰিহাৰ কৰক।

৫) দিনটোত এঘণ্টা ব্যায়াম কৰক। যদি আপুনি ব্যায়াম কৰিবলৈ অনিচ্ছুক হয় তেন্তে খোজকাঢ়িলে লাভৱান হ’ব।

 সঘনাই খাদ্য খোৱাটোৱে অফিচলৈ যোৱাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰে। এনে অৱস্থাত বতৰৰ ফলমূল নিজৰ লগত ৰাখক। যেতিয়াই ভোক লাগে তেতিয়াই এটা গোটা ফল খাব। কিন্তু ৰাস্তাত ফলৰ ৰস নাখাব। ই উপকাৰতকৈ বেছি ক্ষতি কৰে। ইয়াৰ বাহিৰেও যদি আপুনি ভোকত থাকে তেন্তে মিঠাই, চিপছ, পপকৰ্ণ, শুকান ফল খাব পাৰে। দৈনিক আহাৰত তেলযুক্ত, মছলাযুক্ত খাদ্য কমকৈ খাব লাগে। বাহিৰৰ খাদ্য এৰাই চলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক