--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : স্বাভাৱিকতকৈ অধিক ওজন বৃদ্ধি হ’লে উদ্ভৱ হোৱা অন্যতম সমস্যা হ’ল ফেটি লিভাৰ। খাদ্যৰ পৰা পোৱা চৰ্বি যকৃতত জমা হ’লে এই সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰে। গতিকে যদি আপুনি চৰ্বিযুক্ত যকৃতৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে কেনেদৰে উপশম পাব পাৰি জানো আহক।

যকৃতে সাধাৰণতে পাঁচৰ পৰা ছয় শতাংশ চৰ্বি শোষণ কৰিব পাৰে। অতিৰিক্ত চৰ্বি জমা হোৱাটো বিপজ্জনক। সময়মতে চিকিৎসা নকৰিলে এই ৰোগৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে। মেদবহুলতা, ডায়েবেটিছ, কলেষ্টেৰল, থাইৰয়ড আৰু অন্যান্য হৰম’নৰ ৰোগেও ফেটি লিভাৰৰ প্ৰৱণতা বৃদ্ধি কৰে। ইয়াৰ কোনো ঔষধ নাই। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোৱেই এই ৰোগৰ প্ৰধান উপশম। এই ৰোগৰ বিভিন্ন পৰ্যায় থাকে যেনে-প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণী। যদি ৰোগটো গ্ৰেড-২ বা তাতকৈ অধিক গুৰুতৰ পৰ্যায়লৈ বিয়পি পৰে তেন্তে পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি ডায়েট চাৰ্ট বনোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। কিন্তু জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কিছু পৰিৱৰ্তন কৰি গ্ৰেড-১ ফেটি লিভাৰ ৰোগ নিৰাময় কৰা সম্ভৱ।

 * ইয়াৰ বাবে কি কৰিব?

১)দিনে কমেও ৮ ঘণ্টা শুব লাগে। এইক্ষেত্ৰত টোপনি অতি গুৰুত্বপূৰ্ণ।

২) নিয়মিতভাৱে ৩ লিটাৰ পানী খাব লাগে।

৩) বেছি সময়ৰ ব্যৱধানত খাদ্য খাব নালাগে। সঘনাই খাব, কিন্তু কম পৰিমাণ বেছি হ’ব নালাগে।

৪) ভজা খাদ্য, ঘিউ, পনীৰ, ৰঙা মাংস–এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চেনিযুক্ত, আটাযুক্ত খাদ্য মদ্যপান পৰিহাৰ কৰক।

৫) দিনটোত এঘণ্টা ব্যায়াম কৰক। যদি আপুনি ব্যায়াম কৰিবলৈ অনিচ্ছুক হয় তেন্তে খোজকাঢ়িলে লাভৱান হ’ব।

 সঘনাই খাদ্য খোৱাটোৱে অফিচলৈ যোৱাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰে। এনে অৱস্থাত বতৰৰ ফলমূল নিজৰ লগত ৰাখক। যেতিয়াই ভোক লাগে তেতিয়াই এটা গোটা ফল খাব। কিন্তু ৰাস্তাত ফলৰ ৰস নাখাব। ই উপকাৰতকৈ বেছি ক্ষতি কৰে। ইয়াৰ বাহিৰেও যদি আপুনি ভোকত থাকে তেন্তে মিঠাই, চিপছ, পপকৰ্ণ, শুকান ফল খাব পাৰে। দৈনিক আহাৰত তেলযুক্ত, মছলাযুক্ত খাদ্য কমকৈ খাব লাগে। বাহিৰৰ খাদ্য এৰাই চলক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ