--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবৰ্তমানৰ দুৰ্বল আৰু বেয়া জীৱনশৈলীৰ বাবে সকলোৱে কিবা নহয় কিবা বেমাৰত ভুগিছে। ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মানুহে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পৰিৱৰ্তে জাংক ফুড বেছিকৈ খাবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবেই জনসাধাৰণে জানি বা অজানিতে বহু ৰোগক আমন্ত্ৰণ জনাইছে। অধিক জাংক ফুড খোৱাৰ বাবে লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে।

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, ই কেৱল খাদ্য হজম কৰাত সহায় কৰাই নহয় আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থও আঁতৰাই পেলায়। যদি লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, তেন অৱস্থাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যাৰ বাবে বহু ৰোগে এজন ব্যক্তিক ধৰিব পাৰে। শৰীৰটো ফিট কৰি ৰাখিবলৈ লিভাৰ ফিট হোৱাটো অতি প্ৰয়োজনীয়। চৰ্বিযুক্ত যকৃত দুই প্ৰকাৰৰ- নন এলকহলিক ফেটি লিভাৰ ডিজিজ, এলকহলিক ফেটি লিভাৰ ডিজিজ।

নন-এলকহলিক ফেটি লিভাৰ ডিজিজ মদ্যপানৰ ফলত হোৱা ৰোগ নহয়। ইয়াৰ আচল কাৰণ হ’ব পাৰে বেয়া জীৱনশৈলী আৰু অধিক জাংক ফুড খোৱা।

এলকহলিক ফেটি লিভাৰ ডিজিজ মদ্যপান কৰিলে হয়৷মদ্যপান কৰিলে যকৃতৰ বহু ক্ষতি হয়। মদ যকৃতৰ বাবে বিষতকৈ কম নহয়। মদ সেৱন কৰা এনে লোকে ফেটি লিভাৰ ৰোগত ভুগিব পাৰে।

চৰ্বিযুক্ত যকৃতৰ বাবে শৰীৰত নিম্ন উল্লেখিত লক্ষণসমূহ দেখা দিয়ে-
১) ফেটি লিভাৰ চিনড্ৰম বা ৰোগ হ’লে লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে যকৃত ক্ৰমান্বয়ে ফুলি উঠে। পেটৰ যকৃত থকা অংশতো ফুলা দেখা যায়।

২) চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বাবে শৰীৰে উপযুক্ত শক্তি নাপায়, যাৰ বাবে ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰে।

৩/ কোনো কথাতে মনোনিৱেশ কৰিব পৰা নোৱাৰে। ইয়াৰ লগতে ব্যক্তিজনেও বহুত দুৰ্বলতা অনুভৱ কৰে।

৪) চৰ্বিযুক্ত যকৃত থকা কিছুমান লোকৰ ওজন দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে।

৫) চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বলি হোৱা লোকৰ ক্ষেত্ৰতো কোষ্ঠকাঠিন্যৰ সমস্যা প্ৰায়ে দেখা যায়।

৬) চৰ্বিযুক্ত যকৃতেও মগজুত বহু পৰিমাণে প্ৰভাৱ পেলায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন