--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবৰ্তমানৰ দুৰ্বল আৰু বেয়া জীৱনশৈলীৰ বাবে সকলোৱে কিবা নহয় কিবা বেমাৰত ভুগিছে। ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মানুহে স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পৰিৱৰ্তে জাংক ফুড বেছিকৈ খাবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবেই জনসাধাৰণে জানি বা অজানিতে বহু ৰোগক আমন্ত্ৰণ জনাইছে। অধিক জাংক ফুড খোৱাৰ বাবে লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে।

যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ, ই কেৱল খাদ্য হজম কৰাত সহায় কৰাই নহয় আমাৰ শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থও আঁতৰাই পেলায়। যদি লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, তেন অৱস্থাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যাৰ বাবে বহু ৰোগে এজন ব্যক্তিক ধৰিব পাৰে। শৰীৰটো ফিট কৰি ৰাখিবলৈ লিভাৰ ফিট হোৱাটো অতি প্ৰয়োজনীয়। চৰ্বিযুক্ত যকৃত দুই প্ৰকাৰৰ- নন এলকহলিক ফেটি লিভাৰ ডিজিজ, এলকহলিক ফেটি লিভাৰ ডিজিজ।

নন-এলকহলিক ফেটি লিভাৰ ডিজিজ মদ্যপানৰ ফলত হোৱা ৰোগ নহয়। ইয়াৰ আচল কাৰণ হ’ব পাৰে বেয়া জীৱনশৈলী আৰু অধিক জাংক ফুড খোৱা।

এলকহলিক ফেটি লিভাৰ ডিজিজ মদ্যপান কৰিলে হয়৷মদ্যপান কৰিলে যকৃতৰ বহু ক্ষতি হয়। মদ যকৃতৰ বাবে বিষতকৈ কম নহয়। মদ সেৱন কৰা এনে লোকে ফেটি লিভাৰ ৰোগত ভুগিব পাৰে।

চৰ্বিযুক্ত যকৃতৰ বাবে শৰীৰত নিম্ন উল্লেখিত লক্ষণসমূহ দেখা দিয়ে-
১) ফেটি লিভাৰ চিনড্ৰম বা ৰোগ হ’লে লিভাৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে যকৃত ক্ৰমান্বয়ে ফুলি উঠে। পেটৰ যকৃত থকা অংশতো ফুলা দেখা যায়।

২) চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বাবে শৰীৰে উপযুক্ত শক্তি নাপায়, যাৰ বাবে ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰে।

৩/ কোনো কথাতে মনোনিৱেশ কৰিব পৰা নোৱাৰে। ইয়াৰ লগতে ব্যক্তিজনেও বহুত দুৰ্বলতা অনুভৱ কৰে।

৪) চৰ্বিযুক্ত যকৃত থকা কিছুমান লোকৰ ওজন দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে।

৫) চৰ্বিযুক্ত যকৃতৰ ৰোগৰ বলি হোৱা লোকৰ ক্ষেত্ৰতো কোষ্ঠকাঠিন্যৰ সমস্যা প্ৰায়ে দেখা যায়।

৬) চৰ্বিযুক্ত যকৃতেও মগজুত বহু পৰিমাণে প্ৰভাৱ পেলায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ