--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅভিনেত্ৰী দীপিকা পাডুকনে আকৌ এবাৰ বিদেশত দেশৰ মুখ উজলাব ৷ অভিনেত্ৰীগৰাকীক এইবাৰ  অস্কাৰৰ মঞ্চৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে৷  বৃহস্পতিবাৰে নিশা ২০২৩  চনৰ অস্কাৰ বঁটা  বিতৰকসকলৰ  নাম প্ৰকাশ কৰা হৈছিল। দীপিকা সেই তালিকাৰ একমাত্ৰ ভাৰতীয় হিচাপে স্থান লাভ কৰিছে৷  উল্লেখ্য দীপিকাক কেৱল এবাৰহে হলীউডৰ এখন চলচ্চিত্ৰত দেখা গৈছিল। অৱশ্যে বিশ্বজুৰি দীপিকাৰ উপস্থিতি সদায় উজ্জ্বল হৈ আহিছে। 

তেওঁ কেইমাহমান আগতে ফিফা বিশ্বকাপ ট্ৰফী উদ্বোধন কৰা প্ৰথম ভাৰতীয় আছিল। এইবাৰ দীপিকাই অস্কাৰৰ বঁটা বিতৰণ কৰাৰ গুৰু দায়িত্ব লাভ কৰিছে৷  ৯৫ সংখ্যক একাডেমী বঁটা ১২ মাৰ্চত ঘোষণা কৰা হ'ব। অনুষ্ঠানটো ১৩ মাৰ্চত সন্ধিয়া ৫:৩০ বজাত ভাৰতত সম্প্ৰচাৰিত হ'ব। মনোনীত চলচ্চিত্ৰ আৰু সেই ছবিসমূহৰ  কলাকুশলীসকলক পুৰস্কৃত কৰিবলৈ দেশ-বিদেশৰ তাৰকাসকল অস্কাৰৰ মঞ্চত উপস্থিত থাকিব। এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ডোৱেন জনছন, মাইকেল জৰ্ডান আদিৰ সৈতে দীপিকাৰ নাম তাত জিলিকি উঠিছে। অভিনেত্ৰীগৰাকীয়ে তালিকাখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তাৰ পিছতে শুভেচ্ছাৰ বন্যা হৈছে।

উল্লেখ্য অস্কাৰৰ বঁটা বিতৰণৰ দায়িত্ব লাভ কৰাসকলৰ ভিতৰত  দীপিকাই প্ৰথম ভাৰতীয় নহয়৷ ইয়াৰ আগতে প্ৰিয়ংকা চোপ্ৰা ২০২২  চনত অস্কাৰ বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিছিল৷  অৱশ্যে, এই বছৰ অস্কাৰত  ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । অস্কাৰৰ দৌৰত দেশৰ তিনিখন চলচ্চিত্ৰ আগবাঢ়ি আছে। 

এছ এছ ৰাজামৌলীৰ 'আৰআৰআৰ'ৰ 'নাটু নাটু' গানটো শ্ৰেষ্ঠ মূল গীতৰ শ্ৰেণীত মনোনীত হৈছে। ইয়াৰ উপৰি মনোনয়নৰ তালিকাত দুখন ভাৰতীয় তথ্যচিত্ৰও আছে। এখন হৈছে  সৌনক সেনৰ দ্বাৰা পৰিচালিত 'অল দ্যাট ব্ৰিডছ' আৰু আনখন হৈছে কাৰ্তিকি গনচালভেছৰ দ্বাৰা পৰিচালিত চুটি ছবি 'দ্য এলিফেন্ট হুইচপাৰচ'। এনে সময়তে  দীপিকা অনুষ্ঠানটোৰ অন্য  এক আকৰ্ষণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু