--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅভিনেত্ৰী দীপিকা পাডুকনে আকৌ এবাৰ বিদেশত দেশৰ মুখ উজলাব ৷ অভিনেত্ৰীগৰাকীক এইবাৰ  অস্কাৰৰ মঞ্চৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে৷  বৃহস্পতিবাৰে নিশা ২০২৩  চনৰ অস্কাৰ বঁটা  বিতৰকসকলৰ  নাম প্ৰকাশ কৰা হৈছিল। দীপিকা সেই তালিকাৰ একমাত্ৰ ভাৰতীয় হিচাপে স্থান লাভ কৰিছে৷  উল্লেখ্য দীপিকাক কেৱল এবাৰহে হলীউডৰ এখন চলচ্চিত্ৰত দেখা গৈছিল। অৱশ্যে বিশ্বজুৰি দীপিকাৰ উপস্থিতি সদায় উজ্জ্বল হৈ আহিছে। 

তেওঁ কেইমাহমান আগতে ফিফা বিশ্বকাপ ট্ৰফী উদ্বোধন কৰা প্ৰথম ভাৰতীয় আছিল। এইবাৰ দীপিকাই অস্কাৰৰ বঁটা বিতৰণ কৰাৰ গুৰু দায়িত্ব লাভ কৰিছে৷  ৯৫ সংখ্যক একাডেমী বঁটা ১২ মাৰ্চত ঘোষণা কৰা হ'ব। অনুষ্ঠানটো ১৩ মাৰ্চত সন্ধিয়া ৫:৩০ বজাত ভাৰতত সম্প্ৰচাৰিত হ'ব। মনোনীত চলচ্চিত্ৰ আৰু সেই ছবিসমূহৰ  কলাকুশলীসকলক পুৰস্কৃত কৰিবলৈ দেশ-বিদেশৰ তাৰকাসকল অস্কাৰৰ মঞ্চত উপস্থিত থাকিব। এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ডোৱেন জনছন, মাইকেল জৰ্ডান আদিৰ সৈতে দীপিকাৰ নাম তাত জিলিকি উঠিছে। অভিনেত্ৰীগৰাকীয়ে তালিকাখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তাৰ পিছতে শুভেচ্ছাৰ বন্যা হৈছে।

উল্লেখ্য অস্কাৰৰ বঁটা বিতৰণৰ দায়িত্ব লাভ কৰাসকলৰ ভিতৰত  দীপিকাই প্ৰথম ভাৰতীয় নহয়৷ ইয়াৰ আগতে প্ৰিয়ংকা চোপ্ৰা ২০২২  চনত অস্কাৰ বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিছিল৷  অৱশ্যে, এই বছৰ অস্কাৰত  ভাৰতৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । অস্কাৰৰ দৌৰত দেশৰ তিনিখন চলচ্চিত্ৰ আগবাঢ়ি আছে। 

এছ এছ ৰাজামৌলীৰ 'আৰআৰআৰ'ৰ 'নাটু নাটু' গানটো শ্ৰেষ্ঠ মূল গীতৰ শ্ৰেণীত মনোনীত হৈছে। ইয়াৰ উপৰি মনোনয়নৰ তালিকাত দুখন ভাৰতীয় তথ্যচিত্ৰও আছে। এখন হৈছে  সৌনক সেনৰ দ্বাৰা পৰিচালিত 'অল দ্যাট ব্ৰিডছ' আৰু আনখন হৈছে কাৰ্তিকি গনচালভেছৰ দ্বাৰা পৰিচালিত চুটি ছবি 'দ্য এলিফেন্ট হুইচপাৰচ'। এনে সময়তে  দীপিকা অনুষ্ঠানটোৰ অন্য  এক আকৰ্ষণ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই