--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ'ল ভাৰতক। ভাৰতীয় বায়ু সেনাৰ মিগ-২১ এমআই-২১ বিমান এখন দুৰ্ঘটনাত পতিত হয় । বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত বিমানখন হঠাতে মাজ  আকাশতে  দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাজস্থানৰ বাৰমেৰত বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাটোত যুদ্ধ বিমান খনৰ  দুয়োজন পাইলটৰে মৃত্যু হয়। 

বায়ু সেনাই জাৰি কৰা এক বিবৃতি অনুসৰি, বিমানখনে ৰাজস্থানৰ উটাৰালাই বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। নিশা প্ৰায় ৯:১০ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বায়ু সেনাই দুয়োজন পাইলটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সেনাই মৃত পাইলট দুজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে সেয়া নিৰ্ধাৰণ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দুৰ্ঘটনাটো নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ আত্মাৰ সদগতি কামনা কৰিছে। তেওঁ টুইটত কয়   "ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ বিমান দুৰ্ঘটনাত দুজন বায়ু সেনাৰ যোদ্ধাৰ আকস্মিক মৃত্যু হৈছে।

 ঘটনাটোত  হতবাক হৈ পৰিছো। দেশে তেওঁলোকৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা জনালো। " উল্লেখ্য মিগ শৃংখলাৰ যুদ্ধ বিমানৰ দুৰ্ঘটনা দেশত নতুন কথা নহয়। এই শ্ৰেণীৰ  বিমানৰ দুৰ্ঘটনাত ইতিমধ্যে বহু পাইলটৰ মৃত্যু হৈছে। সেয়ে বহুতে এনে বিমানক   'ফ্লাইং কফিন' বুলি অভিহিত কৰি আহিছে।

 ইয়াৰ পূৰ্বে মিগ বিমান দুৰ্ঘটনাত নিহত সৈনিকসকলৰ পৰিয়ালে আবেদন জনাইছিল যে এনে দুৰ্ঘটনাপ্ৰৱণ বিমানখন আৰু বায়ুসেনাত ৰাখিব নালাগে। শেহতীয়া মিগ বিমান দুৰ্ঘটনাই পুনৰ একে প্ৰশ্নকেই উত্থাপন কৰিলে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ