--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ'ল ভাৰতক। ভাৰতীয় বায়ু সেনাৰ মিগ-২১ এমআই-২১ বিমান এখন দুৰ্ঘটনাত পতিত হয় । বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত বিমানখন হঠাতে মাজ  আকাশতে  দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাজস্থানৰ বাৰমেৰত বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাটোত যুদ্ধ বিমান খনৰ  দুয়োজন পাইলটৰে মৃত্যু হয়। 

বায়ু সেনাই জাৰি কৰা এক বিবৃতি অনুসৰি, বিমানখনে ৰাজস্থানৰ উটাৰালাই বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। নিশা প্ৰায় ৯:১০ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বায়ু সেনাই দুয়োজন পাইলটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সেনাই মৃত পাইলট দুজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে সেয়া নিৰ্ধাৰণ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দুৰ্ঘটনাটো নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ আত্মাৰ সদগতি কামনা কৰিছে। তেওঁ টুইটত কয়   "ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ বিমান দুৰ্ঘটনাত দুজন বায়ু সেনাৰ যোদ্ধাৰ আকস্মিক মৃত্যু হৈছে।

 ঘটনাটোত  হতবাক হৈ পৰিছো। দেশে তেওঁলোকৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা জনালো। " উল্লেখ্য মিগ শৃংখলাৰ যুদ্ধ বিমানৰ দুৰ্ঘটনা দেশত নতুন কথা নহয়। এই শ্ৰেণীৰ  বিমানৰ দুৰ্ঘটনাত ইতিমধ্যে বহু পাইলটৰ মৃত্যু হৈছে। সেয়ে বহুতে এনে বিমানক   'ফ্লাইং কফিন' বুলি অভিহিত কৰি আহিছে।

 ইয়াৰ পূৰ্বে মিগ বিমান দুৰ্ঘটনাত নিহত সৈনিকসকলৰ পৰিয়ালে আবেদন জনাইছিল যে এনে দুৰ্ঘটনাপ্ৰৱণ বিমানখন আৰু বায়ুসেনাত ৰাখিব নালাগে। শেহতীয়া মিগ বিমান দুৰ্ঘটনাই পুনৰ একে প্ৰশ্নকেই উত্থাপন কৰিলে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু