--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লৈছে ভাৰতীয় বায়ু সেনাৰ দুগৰাকী পাইলটে। বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ৰাজস্থানৰ বাৰ্মেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ বাৰ্মেৰ ভীমদা গাঁৱৰ পৰা কিছু দূৰত্বত সিঁচৰতি হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মিগ-২১ বিমানখন বায়তু অঞ্চলৰ ওপৰেৰে এটা প্ৰতিৰক্ষা অভিযানত জড়িত হৈ আছিল। বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ প্ৰকাশৰ লগে লগে বাৰ্মেৰৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বায়ু সেনাৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।

প্ৰথমতে বিমানখনৰ ভিতৰত থকা বায়ু সেনাৰ পাইলট দুগৰাকীৰ সন্ধান পোৱা নাছিল যদিও কিছু সময় পিছতে দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ হয়। দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ভাৰতীয় বায়ু সেনাই এক বিবৃতি যোগে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ সন্ধানৰ বাবে তদন্তৰ নিৰ্দেশ দিছে। লগতে নিহত দুয়োগৰাকী পাইলটৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে ভাৰতীয় বায়ু সেনাই।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও বায়ু সেনাৰ পাইলট দুগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনায়। দুয়োগৰাকী মৃত পাইলটে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা সেৱা কেতিয়াও পাহৰিব নোৱাৰি বুলি উল্লেখ কৰে সিঙে।

আনহাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাত শোক প্ৰকাশ কৰিছে। এক টুইটযোগে গেহলটে কয় যে বাৰ্মাৰত বায়ু সেনাৰ মিগ-২১ প্ৰশিক্ষক বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বায়ু সেনাৰ দুজন পাইলটে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছে বুলি জানি তেওঁ গভীৰ দুখ পাইছে। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই তেওঁ এই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ শক্তিশালী হৈ থাকিবলৈ প্ৰাৰ্থনা জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ