--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুই আমাক দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বহু কথাই কৈছে। ফ্লেটত বাস কৰাসকলে এইকেইটা বাস্তু বিধি মানি চলিলে লাভ কৰিব শুভফল।

ফ্লেটৰ ক্ষেত্ৰত বাস্তুৰ মতে মানি চলিবলগীয়া কেইটামান কথা হ'ল-


(১)ফ্লেটৰ আকাৰ আয়তাকাৰ বা বৰ্গাকাৰ হ'ব লাগে। বর্গাকাৰ স্থানত নিৰ্মাণ কৰা ফ্লেটসমূহৰ আকাৰো বর্গাকাৰ হ'ব লাগে।

(২) প্ৰতিটো ফ্লেটৰ স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ পশ্চিম দিশত হ'ব লাগে।

(৩)ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল উত্তৰ পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশতো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।

(৪)এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেটৰ মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে।

(৫)মধ্যভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ফ্লেটৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।

(৬)ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেন্টিলেচনৰ ব্যৱস্থা কৰিব লাগে৷

(৭)ফ্লেটৰ দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্ত ৰাখিব পাৰি । ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি।

(৮)প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুবাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে।

(৯)ফ্লেটৰ দুৱাৰ স্বয়ংক্রিয়াভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে। এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।

(১০) ফ্লেটৰ দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে।

(১১) ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূর্ব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।

(১২)ফ্লেটৰ জলাধাৰ বা পানীৰ টেংকী আদি উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূর্ব কোণত স্থাপন কৰিব নালাগে।

(১৩) ফ্লেটৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।

(১৪)ফ্ৰেটৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ ৰুৱ পাৰে।

(১৫)ফ্লেটৰ বৰ্জিত পানী ওলাই যাব পৰা নলা দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত স্থাপন কৰিব লাগে ।নলা পশ্চিম বা দক্ষিণ পূব দিশটো স্থাপন কৰিব পাৰি। ফ্লেটৰ নলাৰ জলপ্রবাহ যেন দক্ষিণৰ পৰা উত্তৰলৈ, পশ্চিমৰ পৰা পূবলৈ নাইবা উত্তৰ আৰু পূব দিশে গতি কৰে সেই কথালৈ মন দিব লাগে।

(১৬)ফ্লেটৰ বৈদ্যুতিক আহিলা আদি দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে