--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়ত বিজেপিৰ বিধায়ক যাদৱ লাল দেৱনাথে নিজৰ মোবাইল ফোনত পৰ্ণ চাই থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী। এজন জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ডকলৈ সৃষ্টি হৈছে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

বাগবাসা বিধানসভাৰ আসনক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক যাদৱ লাল দেৱনাথে বিধানসভাত ৰাজ্যৰ বাজেট সম্পৰ্কীয় বিষয় আলোচনা চলি থকাৰ সময়তে এই কাণ্ড সংঘটিত কৰিছে। বিজেপি বিধায়কজনৰ এই নিৰ্লজ্জ কাণ্ড বন্দী হ’ল মোবাইল কেমেৰাত।

শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত মুখ খুলিছে বিধায়ক যাদৱ লাল দেৱনাথে। এতিয়া তেওঁ সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিছে। উত্তৰ ত্ৰিপুৰা জিলাৰ বাগবাছা সমষ্টিৰ বিধায়ক দেৱনাথে দাবী কৰে যে তেওঁৰ ফোনত ফোনকল অহাৰ পাছত পৰ্ণ ভিডিঅ’টো নিজে নিজে বাজিবলৈ আৰম্ভ কৰিছিল।

বিজেপি বিধায়কগৰাকীয়ে কয় যে, ‘এইটো কেনেকৈ হ’ল মই নাজানো। মই পৰ্ণ ভিডিঅ’ চোৱা নাছিলোঁ। হঠাৎ ফোন এটা আহিল আৰু ফোনটো কাৰ বুলি চেক কৰিবলৈ লওতেই পৰ্ণ ভিডিঅ’টো বাজিল। মোবাইল ফোনটোৰ চুইচ অফ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু চুইচ অফ হ'বলৈ সময় লাগে।

দেৱনাথে লগতে কয় যে “ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিয়ে যি সিদ্ধান্ত ল’ব সেয়া গ্ৰহণ কৰিম”। বিধায়কগৰাকীয়ে পুনৰবাৰ কয় যে, “মই ইচ্ছাকৃতভাৱে ভিডিঅ’টো বজাই দিয়া নাছিলো।”

উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোত বিধায়ক দেৱনাথে কেইবাটাও ভিডিঅ’ স্ক্ৰ’ল কৰি থকা আৰু মনোযোগেৰে এটা ক্লিপ চাই থকা দেখা গৈছে যিটো পৰ্ণ’গ্ৰাফিক আছিল। বুধবাৰে বাজেট অধিৱেশনৰ অন্তিম দিনা বিধানসভাত কাৰ্য্যবিধি চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

এই ঘটনাত বিৰোধী দল অতি উত্তেজিত হোৱাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাই কয়, ‘এই ঘটনাই সকলো বিধায়কৰ ভাবমূৰ্তি কলংকিত কৰিছে। এই মানুহজনে উচিত শাস্তি পাব লাগে। বিধানসভাত ম’বাইলৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ, পৰ্ণ ভিডিঅ’ তেওঁ কেনেকৈ চাবলৈ পালে?

বিৰোধী দলপতি অনিমেশ দেবৰ্মাইও দেৱনাথৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ কয়, “অধ্যক্ষই এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

একে সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্ববন্ধু সেনে এই বিষয়ত এতিয়াও কোনো অভিযোগ পোৱা নাই বুলি কয়। তেওঁ কয়, ‘‘মই কোনো অভিযোগ পোৱা নাই। ছ’চিয়েল মিডিয়াত বিষয়টো ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াত বহু কথাই ভাইৰেল হয়। উপযুক্ত অভিযোগ নাথাকিলে মই মন্তব্য দিব নোৱাৰো। অভিযোগ উত্থাপন হ’লে মই তদন্ত কৰি বিধানসভাৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম।‘‘

এনে লজ্জাজনক পৰিস্থিতিত বিজেপি নেতা ধৰা পৰাটো এয়াই প্ৰথম নহয়। ২০১২ চনত কৰ্ণাটকৰ বিজেপিৰ তিনিজন মন্ত্ৰী লক্ষ্মণ সাৱদী, চি চি পাটিল আৰু কৃষ্ণ পালেমাৰে বিধানসভাত পৰ্ণ ভিডিঅ’ চাই ধৰা পৰাত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?