--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়ত বিজেপিৰ বিধায়ক যাদৱ লাল দেৱনাথে নিজৰ মোবাইল ফোনত পৰ্ণ চাই থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী। এজন জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ডকলৈ সৃষ্টি হৈছে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

বাগবাসা বিধানসভাৰ আসনক প্ৰতিনিধিত্ব কৰা বিজেপি বিধায়ক যাদৱ লাল দেৱনাথে বিধানসভাত ৰাজ্যৰ বাজেট সম্পৰ্কীয় বিষয় আলোচনা চলি থকাৰ সময়তে এই কাণ্ড সংঘটিত কৰিছে। বিজেপি বিধায়কজনৰ এই নিৰ্লজ্জ কাণ্ড বন্দী হ’ল মোবাইল কেমেৰাত।

শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত মুখ খুলিছে বিধায়ক যাদৱ লাল দেৱনাথে। এতিয়া তেওঁ সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিছে। উত্তৰ ত্ৰিপুৰা জিলাৰ বাগবাছা সমষ্টিৰ বিধায়ক দেৱনাথে দাবী কৰে যে তেওঁৰ ফোনত ফোনকল অহাৰ পাছত পৰ্ণ ভিডিঅ’টো নিজে নিজে বাজিবলৈ আৰম্ভ কৰিছিল।

বিজেপি বিধায়কগৰাকীয়ে কয় যে, ‘এইটো কেনেকৈ হ’ল মই নাজানো। মই পৰ্ণ ভিডিঅ’ চোৱা নাছিলোঁ। হঠাৎ ফোন এটা আহিল আৰু ফোনটো কাৰ বুলি চেক কৰিবলৈ লওতেই পৰ্ণ ভিডিঅ’টো বাজিল। মোবাইল ফোনটোৰ চুইচ অফ কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু চুইচ অফ হ'বলৈ সময় লাগে।

দেৱনাথে লগতে কয় যে “ইয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতিয়ে যি সিদ্ধান্ত ল’ব সেয়া গ্ৰহণ কৰিম”। বিধায়কগৰাকীয়ে পুনৰবাৰ কয় যে, “মই ইচ্ছাকৃতভাৱে ভিডিঅ’টো বজাই দিয়া নাছিলো।”

উল্লেখ্য যে ভাইৰেল ভিডিঅ’টোত বিধায়ক দেৱনাথে কেইবাটাও ভিডিঅ’ স্ক্ৰ’ল কৰি থকা আৰু মনোযোগেৰে এটা ক্লিপ চাই থকা দেখা গৈছে যিটো পৰ্ণ’গ্ৰাফিক আছিল। বুধবাৰে বাজেট অধিৱেশনৰ অন্তিম দিনা বিধানসভাত কাৰ্য্যবিধি চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

এই ঘটনাত বিৰোধী দল অতি উত্তেজিত হোৱাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাই কয়, ‘এই ঘটনাই সকলো বিধায়কৰ ভাবমূৰ্তি কলংকিত কৰিছে। এই মানুহজনে উচিত শাস্তি পাব লাগে। বিধানসভাত ম’বাইলৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ, পৰ্ণ ভিডিঅ’ তেওঁ কেনেকৈ চাবলৈ পালে?

বিৰোধী দলপতি অনিমেশ দেবৰ্মাইও দেৱনাথৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তেওঁ কয়, “অধ্যক্ষই এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”

একে সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্ববন্ধু সেনে এই বিষয়ত এতিয়াও কোনো অভিযোগ পোৱা নাই বুলি কয়। তেওঁ কয়, ‘‘মই কোনো অভিযোগ পোৱা নাই। ছ’চিয়েল মিডিয়াত বিষয়টো ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াত বহু কথাই ভাইৰেল হয়। উপযুক্ত অভিযোগ নাথাকিলে মই মন্তব্য দিব নোৱাৰো। অভিযোগ উত্থাপন হ’লে মই তদন্ত কৰি বিধানসভাৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম।‘‘

এনে লজ্জাজনক পৰিস্থিতিত বিজেপি নেতা ধৰা পৰাটো এয়াই প্ৰথম নহয়। ২০১২ চনত কৰ্ণাটকৰ বিজেপিৰ তিনিজন মন্ত্ৰী লক্ষ্মণ সাৱদী, চি চি পাটিল আৰু কৃষ্ণ পালেমাৰে বিধানসভাত পৰ্ণ ভিডিঅ’ চাই ধৰা পৰাত পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল