--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱাৰ ভাগত এখন গাড়ী দ’ খাৱৈত পৰি কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয়। বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ওড়িশাৰ সম্বলপুৰ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ঘটনাস্থলীত উপস্থিত হোৱা উপ-কালেক্টৰ প্ৰভাস ডান্সেনাই কয় যে বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল লোককেইজন। তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়। চালকজনে গাড়ী চলাই থকা অৱস্থাত টোপনি আহি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে মাজনিশা প্ৰায় ২ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, ঝাৰছুগুদা জিলাৰ বদাধৰাৰ পৰা এখন এছ ইউ ভি গাড়ীত বিয়া খাই নিজৰ ঘৰলৈ গৈ গৈ আছিল। তেওঁলোকৰ বাহনখন তীব্ৰ বেগেৰে চলি থকা অৱস্থাত হঠাতে চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। 

যাৰ ফলত চাচন আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পৰমানপুৰ গাঁৱৰ ওচৰত গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু এটা দ’ খাৱৈত পৰি যায় গাড়ীখন। আৰক্ষীয়ে ৭টাকৈ মৃতদেহ উদ্ধাৰ কৰি আহত লোকদুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জিলা দণ্ডাধীশে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ আত্মীয়ক গতাই দিয়া হ’ব। এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?