--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱাৰ ভাগত এখন গাড়ী দ’ খাৱৈত পৰি কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হয়। বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ওড়িশাৰ সম্বলপুৰ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ঘটনাস্থলীত উপস্থিত হোৱা উপ-কালেক্টৰ প্ৰভাস ডান্সেনাই কয় যে বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল লোককেইজন। তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়। চালকজনে গাড়ী চলাই থকা অৱস্থাত টোপনি আহি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে মাজনিশা প্ৰায় ২ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, ঝাৰছুগুদা জিলাৰ বদাধৰাৰ পৰা এখন এছ ইউ ভি গাড়ীত বিয়া খাই নিজৰ ঘৰলৈ গৈ গৈ আছিল। তেওঁলোকৰ বাহনখন তীব্ৰ বেগেৰে চলি থকা অৱস্থাত হঠাতে চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। 

যাৰ ফলত চাচন আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পৰমানপুৰ গাঁৱৰ ওচৰত গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু এটা দ’ খাৱৈত পৰি যায় গাড়ীখন। আৰক্ষীয়ে ৭টাকৈ মৃতদেহ উদ্ধাৰ কৰি আহত লোকদুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জিলা দণ্ডাধীশে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ আত্মীয়ক গতাই দিয়া হ’ব। এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল