--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ শেহতীয়া শান্তি প্রস্তাৱ প্রত্যাখ্যান কৰা ট্রাম্পে শত্রু ৰাষ্ট্ৰখনৰ ওচৰত পাৰমাণৱিক অস্ত্র থকাটো কোনোপধ্যে মানি লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক: চীনৰ পৰা ঘূৰি গৈয়ে ইৰানত পুনৰ ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ইৰানৰ শেহতীয়া শান্তি প্রস্তাৱ প্রত্যাখ্যান কৰা ট্রাম্পে শত্রু ৰাষ্ট্ৰখনৰ ওচৰত পাৰমাণৱিক অস্ত্র থকাটো কোনোপধ্যে মানি লোৱা নহ'ব বুলি প্ৰকাশ কৰিছে। মার্কিন ৰাষ্ট্ৰপতিজনে কয় যে তেওঁৰ চীন ভ্ৰমণৰ সময়তে দুয়োখন দেশে সিদ্ধান্ত গ্রহণ কৰিছে যে ইৰানৰ হাতত পাৰমাণৱিক অস্ত্র থাকিব নোৱাৰিব আৰু লগতে দেশখনে হৰমুজ প্রণালী মুকলি কৰি দিবই লাগিব। 


ট্রাম্পৰ এই ঘোষণাৰ পাছতে পেণ্টাগনে ইৰান যুদ্ধৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাইছে। ট্রাম্পৰ সেউজ সংকেত পালেই যুদ্ধ-বিৰতি চুক্তি ভংগ কৰি আমেৰিকাই মধ্য প্রাচ্যৰ ৰাষ্ট্ৰখনত ভয়াৱহ বিমান আক্রমণ আৰম্ভ কৰিব। উল্লেখযোগ্য যে দীর্ঘদিনৰ পৰা বেইজিং-তেহৰানৰ মাজত কৌশলগত বন্ধুত্বমূলক সম্পর্ক আছে। 


তদুপৰি, হৰমুজ প্রণালীৰে পেট্রলিয়ামজাত সামগ্ৰীৰ জাহাজ পৰিবহণৰ ক্ষেত্ৰত ইৰানৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। কিন্তু মার্কিন ৰাষ্ট্ৰপতিৰে বৈঠকত চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙে ট্রাম্পৰ কথাতে সমর্থন জনায়। যাৰ ফলত উৎসাহিত হৈ ড'নাল্ড ট্রাম্পে পুনৰ ইৰানত ভয়ংকৰ আঘাত হনাৰ পৰিকল্পনা কৰিছে।

উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ