--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৫ জুলাইত ডিব্ৰুগড় বৰবৰুৱাৰ ব্যৱসায়ী উত্তম গগৈক পত্নী ববী সোনোৱাল গগৈ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাই চুপাৰী কিলাৰ লগাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এই শিশুটিৰ কাষত এতিয়া আপোন বুলিবলৈ যেন কোনো নাই।

ডিজিটেল ডেস্কঃ এপষেক আগতে, অবোধ শিশুটিৰ জীৱন একেবাৰে সলনি হৈ গ’ল। নিজ মাতৃ আৰু বায়েকে অতি নিষ্ঠুৰভাবে হত্যা কৰিলে পিতৃক। ঘাতক মাতৃ বৰ্তমান ন্যায়িক জিন্মাত, বায়েক যোৰহাটৰ শিশু গৃহত (Juvenile Home)।


উল্লেখ্য যে ২৫ জুলাইত ডিব্ৰুগড় বৰবৰুৱাৰ ব্যৱসায়ী উত্তম গগৈক পত্নী ববী সোণোৱাল গগৈ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাই চুপাৰী কিলাৰ লগাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এই শিশুটিৰ কাষত এতিয়া আপোন বুলিবলৈ যেন কোনো নাই।


দেওবাৰ আছিল তাৰবাবে বিশেষ দিন, তাৰ জন্মদিন। ১২ বছৰত ভৰি থলে সি। কিন্তু কেক আনিবলৈ পিতৃ নাই, মৰমৰে আলিংগন কৰিবলৈ নিজ মাতৃ কাষত নাই, উপহাৰ দিবলৈয়ো বায়েক নাই।


ডিব্ৰুগড়ৰ বৰবৰুৱা লাহন গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী চিন্তা! এক প্ৰশংসনীয় প্ৰচেষ্টা। ৰাইজে পাতিলে শিশুটিৰ জন্মদিন। বেলুনেৰে সজাই তুলিলে ঘৰ, আনিলে কেক, নিমন্ত্ৰণ কৰিলে লগৰ সমনীয়াক। যন্ত্ৰণাৰ মাজতো এই ক্ষণ উপভোগ কৰি অপাৰ আনন্দ লভিলে শিশুটিয়ে। দুখ, হতাশা আৰু তীব্ৰ মানসিক চাপৰ মাজতো ৰাইজে আয়োজন কৰা এনে Surprise Partyত এচমকা আশাৰ কিৰণ, এটি অকৃত্ৰিম হাঁহি বিৰিঙি উঠিল শিশুটিৰ গালে-মুখত।


সিটো অপৰাধ কৰা নাই, সন্মান আৰু মৰ্যদা সহকাৰে সি সমাজত জীয়াই থাকিব লাগিব। অপৰাধীৰ সন্তান বুলি তাক কোনেও তিৰস্কাৰ কৰিব নোৱাৰিব। সি মুক্তমনেৰে পঢ়া শুনা কৰিব পৰা এটা পৰিবেশ দিব বিছাৰে ৰাইজে। ভৱিষ্যতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ এগৰাকী সু-নাগৰিক হিচাপে দেউতাকে এৰি থৈ যোৱা কোটি কোটি টকাৰ সা-সম্পত্তি আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰে তাকে তাৰ জন্মদিনত কামনা কৰিছে গাঁওবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু