--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৫ জুলাইত ডিব্ৰুগড় বৰবৰুৱাৰ ব্যৱসায়ী উত্তম গগৈক পত্নী ববী সোনোৱাল গগৈ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাই চুপাৰী কিলাৰ লগাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এই শিশুটিৰ কাষত এতিয়া আপোন বুলিবলৈ যেন কোনো নাই।

ডিজিটেল ডেস্কঃ এপষেক আগতে, অবোধ শিশুটিৰ জীৱন একেবাৰে সলনি হৈ গ’ল। নিজ মাতৃ আৰু বায়েকে অতি নিষ্ঠুৰভাবে হত্যা কৰিলে পিতৃক। ঘাতক মাতৃ বৰ্তমান ন্যায়িক জিন্মাত, বায়েক যোৰহাটৰ শিশু গৃহত (Juvenile Home)।


উল্লেখ্য যে ২৫ জুলাইত ডিব্ৰুগড় বৰবৰুৱাৰ ব্যৱসায়ী উত্তম গগৈক পত্নী ববী সোণোৱাল গগৈ আৰু নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাই চুপাৰী কিলাৰ লগাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এই শিশুটিৰ কাষত এতিয়া আপোন বুলিবলৈ যেন কোনো নাই।


দেওবাৰ আছিল তাৰবাবে বিশেষ দিন, তাৰ জন্মদিন। ১২ বছৰত ভৰি থলে সি। কিন্তু কেক আনিবলৈ পিতৃ নাই, মৰমৰে আলিংগন কৰিবলৈ নিজ মাতৃ কাষত নাই, উপহাৰ দিবলৈয়ো বায়েক নাই।


ডিব্ৰুগড়ৰ বৰবৰুৱা লাহন গাঁৱৰ ৰাইজৰ ব্যতিক্ৰমী চিন্তা! এক প্ৰশংসনীয় প্ৰচেষ্টা। ৰাইজে পাতিলে শিশুটিৰ জন্মদিন। বেলুনেৰে সজাই তুলিলে ঘৰ, আনিলে কেক, নিমন্ত্ৰণ কৰিলে লগৰ সমনীয়াক। যন্ত্ৰণাৰ মাজতো এই ক্ষণ উপভোগ কৰি অপাৰ আনন্দ লভিলে শিশুটিয়ে। দুখ, হতাশা আৰু তীব্ৰ মানসিক চাপৰ মাজতো ৰাইজে আয়োজন কৰা এনে Surprise Partyত এচমকা আশাৰ কিৰণ, এটি অকৃত্ৰিম হাঁহি বিৰিঙি উঠিল শিশুটিৰ গালে-মুখত।


সিটো অপৰাধ কৰা নাই, সন্মান আৰু মৰ্যদা সহকাৰে সি সমাজত জীয়াই থাকিব লাগিব। অপৰাধীৰ সন্তান বুলি তাক কোনেও তিৰস্কাৰ কৰিব নোৱাৰিব। সি মুক্তমনেৰে পঢ়া শুনা কৰিব পৰা এটা পৰিবেশ দিব বিছাৰে ৰাইজে। ভৱিষ্যতে উচ্চ শিক্ষাৰে শিক্ষিত হৈ এগৰাকী সু-নাগৰিক হিচাপে দেউতাকে এৰি থৈ যোৱা কোটি কোটি টকাৰ সা-সম্পত্তি আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰে তাকে তাৰ জন্মদিনত কামনা কৰিছে গাঁওবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ