--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ আৰু বদ্ৰীনাথ  মন্দিৰত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।এতিয়াৰে পৰা সেই  মন্দিৰত কোনো ছবি বা ভিডিঅ' ল'ব নোৱাৰিব। শেহতীয়াকৈ এগৰাকী যুৱতী ব্লগাৰে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ সন্মুখত তেওঁৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিছিল। সেই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে  বিতৰ্কৰ সৃষ্টি হৈছিল। 

মন্দিৰ কৰ্তৃপক্ষই এনে প্ৰতিক্ৰিয়াৰ পিছতে মন্দিৰত মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে মন্দিৰ চৌহদত কেইবাখনো  বোৰ্ড স্থাপন কৰিছে। ইয়াত হিন্দী আৰু বাংলা ভাষাত মোবাইল ফোন নিষিদ্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। এনে জাননীত লিখা আছে "কোনেও মোবাইল ফোনলৈ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। কোনো ছবি বা ভিডিঅ' ল'ব নোৱাৰিব। আপুনি চিচি কেমেৰাৰ নিৰীক্ষণত আছে। ''

মন্দিৰ কৰ্তৃপক্ষই দৰ্শনাৰ্থীসকলক 'শালীন' কাপোৰ পিন্ধিবলৈও নিৰ্দেশ দিছে। মন্দিৰৰ চৌহদত তাঁবু স্থাপন কৰিব নোৱাৰি বুলিও কোৱা হৈছে। কোনো লোকে  যদি আদেশটো পালন নকৰে  তেন্তে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সতৰ্ক কৰি দিয়া হৈছে। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি অজেন্দ্ৰ অজয়ে কয়  যে ধৰ্মীয় স্থানত কিছুমান ৰীতি-নীতি আছে।সেইবোৰ সকলোৱে অনুসৰণ কৰিব লাগে। বদ্ৰীনাথৰ  মন্দিৰতো একে ধৰণৰ বোৰ্ড  স্থাপন কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ