--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেদাৰনাথ আৰু বদ্ৰীনাথ  মন্দিৰত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।এতিয়াৰে পৰা সেই  মন্দিৰত কোনো ছবি বা ভিডিঅ' ল'ব নোৱাৰিব। শেহতীয়াকৈ এগৰাকী যুৱতী ব্লগাৰে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ সন্মুখত তেওঁৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিছিল। সেই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে  বিতৰ্কৰ সৃষ্টি হৈছিল। 

মন্দিৰ কৰ্তৃপক্ষই এনে প্ৰতিক্ৰিয়াৰ পিছতে মন্দিৰত মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে মন্দিৰ চৌহদত কেইবাখনো  বোৰ্ড স্থাপন কৰিছে। ইয়াত হিন্দী আৰু বাংলা ভাষাত মোবাইল ফোন নিষিদ্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। এনে জাননীত লিখা আছে "কোনেও মোবাইল ফোনলৈ মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব। কোনো ছবি বা ভিডিঅ' ল'ব নোৱাৰিব। আপুনি চিচি কেমেৰাৰ নিৰীক্ষণত আছে। ''

মন্দিৰ কৰ্তৃপক্ষই দৰ্শনাৰ্থীসকলক 'শালীন' কাপোৰ পিন্ধিবলৈও নিৰ্দেশ দিছে। মন্দিৰৰ চৌহদত তাঁবু স্থাপন কৰিব নোৱাৰি বুলিও কোৱা হৈছে। কোনো লোকে  যদি আদেশটো পালন নকৰে  তেন্তে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও সতৰ্ক কৰি দিয়া হৈছে। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি অজেন্দ্ৰ অজয়ে কয়  যে ধৰ্মীয় স্থানত কিছুমান ৰীতি-নীতি আছে।সেইবোৰ সকলোৱে অনুসৰণ কৰিব লাগে। বদ্ৰীনাথৰ  মন্দিৰতো একে ধৰণৰ বোৰ্ড  স্থাপন কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস