--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্ৰমণ কৰা বা ফুৰিবলৈ যোৱাটোও  এক  মৌলিক অধিকাৰ। কেৱল বিশেষ পৰিস্থিতিতহে ইয়াক সংকুচিত কৰিব পাৰি। এই মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত এজন ব্যক্তিয়ে  বিদেশ ভ্ৰমণৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল। আদালতে তেওঁৰ আবেদনৰ সঁহাৰি দি এনেদৰে কয়৷ 

নিত্যানন্দ গৌতম নামৰ এজন ব্যক্তিক নিম্ন  আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছিল। তেওঁক  ১ লাখ টকা জৰিমনাও বিহা হৈছিল। ৬ অক্টোবৰ, ২০২২ তাৰিখে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৪০৯ , ৪২০ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল। অক্টোবৰৰ ২৬  তাৰিখে, আদালতে তেওঁৰ শাস্তি ঘোষণা কৰিছিল। পিছত অৱশ্যে  তেওঁৰ শাস্তি স্থগিত ৰখা হৈছিল। ইফালে  গৌতমে এই ৰায়ৰ বিৰুদ্ধে  উচ্চ ন্যায়ালয়ত আবেদন কৰে।

গৌতমে আদালতলৈ এখন পত্ৰ লিখি কয় যে তেওঁ এমাহৰ বাবে ডুবাইত থকা তেওঁৰ কন্যাৰ ওচৰলৈ যাব বিচাৰে। তেওঁ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ ডুবাইত থাকিবলৈ আবেদন কৰিছিল। তেওঁ দাবী কৰিছিল যে ছোৱালীজনীয়ে তেওঁক আহিবলৈ ইমেইল কৰি আছে। অৱশ্যে চিবিআইয়ে দাবী কৰিছে  যে তেওঁ ইমেইলৰ বাহিৰে আন কোনো নথি প্ৰস্তুত দেখুৱাব পৰা নাই৷ 
গৌতমৰ উকীলে কয় যে তেওঁ ভিছা আৰু টিকট পোৱাৰ আগতে উচ্চ ন্যায়ালয়ৰ অনুমতি বিচাৰিছে । উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদনৰ প্ৰতি সঁহাৰি দিয়ে । ন্যায়াধীশ সিঙে কয়, "মোৰ মতে, ভ্ৰমণলৈ যোৱাটোও এক  মৌলিক অধিকাৰ। কেৱল বিশেষ পৰিস্থিতিতহে ইয়াক সংকুচিত কৰিব পাৰি।"

ইয়াৰ পিছত, উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে  যে ১ লাখ টকাৰ ব্যক্তিগত বণ্ড জমা দিয়াৰ পিছত লোকজনে বিদেশলৈ যাব পাৰিব। ইয়াৰ উপৰি তেওঁৰ মোবাইল নম্বৰ তদন্তকাৰী বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব। তেওঁ ডুবাইত ক'ত থাকিব তাৰ ঠিকনা দিব লাগিব। অৱশ্যে, তেওঁ ডুবাইৰ পৰা আন কোনো ঠাইলৈ যাব নোৱাৰিব। তেওঁ আইন বিৰুদ্ধ একো কাম  কৰিব নোৱাৰিব। তেওঁ অপৰাধমূলক কাৰ্যকলাপত জড়িত হ'ব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু