--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্ৰমণ কৰা বা ফুৰিবলৈ যোৱাটোও  এক  মৌলিক অধিকাৰ। কেৱল বিশেষ পৰিস্থিতিতহে ইয়াক সংকুচিত কৰিব পাৰি। এই মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত এজন ব্যক্তিয়ে  বিদেশ ভ্ৰমণৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছিল। আদালতে তেওঁৰ আবেদনৰ সঁহাৰি দি এনেদৰে কয়৷ 

নিত্যানন্দ গৌতম নামৰ এজন ব্যক্তিক নিম্ন  আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছিল। তেওঁক  ১ লাখ টকা জৰিমনাও বিহা হৈছিল। ৬ অক্টোবৰ, ২০২২ তাৰিখে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৪০৯ , ৪২০ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছিল। অক্টোবৰৰ ২৬  তাৰিখে, আদালতে তেওঁৰ শাস্তি ঘোষণা কৰিছিল। পিছত অৱশ্যে  তেওঁৰ শাস্তি স্থগিত ৰখা হৈছিল। ইফালে  গৌতমে এই ৰায়ৰ বিৰুদ্ধে  উচ্চ ন্যায়ালয়ত আবেদন কৰে।

গৌতমে আদালতলৈ এখন পত্ৰ লিখি কয় যে তেওঁ এমাহৰ বাবে ডুবাইত থকা তেওঁৰ কন্যাৰ ওচৰলৈ যাব বিচাৰে। তেওঁ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ ডুবাইত থাকিবলৈ আবেদন কৰিছিল। তেওঁ দাবী কৰিছিল যে ছোৱালীজনীয়ে তেওঁক আহিবলৈ ইমেইল কৰি আছে। অৱশ্যে চিবিআইয়ে দাবী কৰিছে  যে তেওঁ ইমেইলৰ বাহিৰে আন কোনো নথি প্ৰস্তুত দেখুৱাব পৰা নাই৷ 
গৌতমৰ উকীলে কয় যে তেওঁ ভিছা আৰু টিকট পোৱাৰ আগতে উচ্চ ন্যায়ালয়ৰ অনুমতি বিচাৰিছে । উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদনৰ প্ৰতি সঁহাৰি দিয়ে । ন্যায়াধীশ সিঙে কয়, "মোৰ মতে, ভ্ৰমণলৈ যোৱাটোও এক  মৌলিক অধিকাৰ। কেৱল বিশেষ পৰিস্থিতিতহে ইয়াক সংকুচিত কৰিব পাৰি।"

ইয়াৰ পিছত, উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে  যে ১ লাখ টকাৰ ব্যক্তিগত বণ্ড জমা দিয়াৰ পিছত লোকজনে বিদেশলৈ যাব পাৰিব। ইয়াৰ উপৰি তেওঁৰ মোবাইল নম্বৰ তদন্তকাৰী বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব। তেওঁ ডুবাইত ক'ত থাকিব তাৰ ঠিকনা দিব লাগিব। অৱশ্যে, তেওঁ ডুবাইৰ পৰা আন কোনো ঠাইলৈ যাব নোৱাৰিব। তেওঁ আইন বিৰুদ্ধ একো কাম  কৰিব নোৱাৰিব। তেওঁ অপৰাধমূলক কাৰ্যকলাপত জড়িত হ'ব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক