--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাণিজ্যিক চহৰ মুম্বাইত পুনৰ আক্ৰমণ হ’ব পাৰেনে? এইবাৰ তালিবানে আক্ৰমণ কৰিব নেকি মুম্বাইত ?এনে ভয় কিয়? ৰাষ্ট্ৰীয় তদন্ত সংস্থাই মুম্বাইত তালিবানৰ আক্ৰমণ সংঘটিত হ’ব বুলি ভাবুকি ইমেইল লাভ কৰিছে। বৃহস্পতিবাৰে মুম্বাইস্থিত NIAৰ কাৰ্যালয়ত লাভ কৰে এই ভাবুকিযুক্ত মেইল। ই-মেইলটোত তালিবানৰ সৈতে জড়িত এজন ব্যক্তিয়ে এই আক্ৰমণ সংঘটিত কৰিব বুলি ভাবুকি দিছিল।

এই ইমেইল পোহৰলৈ অহাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ মুম্বাইত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। বাণিজ্য মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত বৃদ্ধি কৰা হৈছে আৰক্ষী বাহিনী। ৰে’ল ষ্টেচন আৰু বাছ টাৰ্মিনাছতো চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। ইফালে, আৰক্ষীয়ে জনোৱা মতে, চাইবাৰ চেলে ইমেইল প্ৰেৰকজনৰ আই পি ঠিকনা অনুসৰণ কৰিছে। জানিব পৰা মতে পাকিস্তানৰ পৰা এই ভাবুকি মেইল ​​প্ৰেৰণ কৰা হৈছে।

আৰক্ষী বিষয়াসকলে কয় যে এই ভাবুকি দিয়া মেইল ​​সঠিকভাৱে ক’ৰ পৰা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত বিষয়টো অধিক তদন্ত চলি আছে। অৱশ্যে কোনোবাই ইচ্ছাকৃতভাৱে এনে মেইল ​​প্ৰেৰণ কৰি আতংক সৃষ্টি কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে ভাবুকি ই-মেইল আহিছে। কিন্তু এইবাৰ এনআইএৰ কাৰ্যালয়লৈ ভাবুকি মেইল ​​প্ৰেৰণ কৰাৰ ফলত ৰাজ্যৰ আৰক্ষী অধিক সতৰ্ক হৈ পৰিছে।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ধন উলিয়াবলৈ দাবী জনাই ভাবুকিপূৰ্ণ ফোন আহিছিল। ১৪ জানুৱাৰীত তেওঁৰ কাৰ্যালয়লৈ আহিছিল উক্ত ফোনটো। বৃহৎ পৰিমাণৰ প টকা দাবী কৰা হৈছিল। শনিবাৰে নীতিন গাডকাৰীৰ কাৰ্যালয়ত বাৰে বাৰে ভাবুকিমূলক টেলিফোন কল আহিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা ধন বিচৰাৰ অভিযোগো উত্থাপন হৈছে। সূত্ৰ অনুসৰি এই ঘটনাত ফোন কৰা ব্যক্তিজনে নিজকে ডি কোম্পানী অৰ্থাৎ দাউদ ইব্ৰাহিমৰ গেঙৰ সদস্য বুলি দাবী কৰে। লগতে আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা প্ৰায় ১০০ কোটি টকা বিচৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ মুৰব্বীগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁক দাউদ আৰু হাফিজ ছাইদৰ বিষয়ে সোধা-পোছা কৰা হৈছিল। তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু