--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাণিজ্যিক চহৰ মুম্বাইত পুনৰ আক্ৰমণ হ’ব পাৰেনে? এইবাৰ তালিবানে আক্ৰমণ কৰিব নেকি মুম্বাইত ?এনে ভয় কিয়? ৰাষ্ট্ৰীয় তদন্ত সংস্থাই মুম্বাইত তালিবানৰ আক্ৰমণ সংঘটিত হ’ব বুলি ভাবুকি ইমেইল লাভ কৰিছে। বৃহস্পতিবাৰে মুম্বাইস্থিত NIAৰ কাৰ্যালয়ত লাভ কৰে এই ভাবুকিযুক্ত মেইল। ই-মেইলটোত তালিবানৰ সৈতে জড়িত এজন ব্যক্তিয়ে এই আক্ৰমণ সংঘটিত কৰিব বুলি ভাবুকি দিছিল।

এই ইমেইল পোহৰলৈ অহাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ মুম্বাইত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। বাণিজ্য মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত বৃদ্ধি কৰা হৈছে আৰক্ষী বাহিনী। ৰে’ল ষ্টেচন আৰু বাছ টাৰ্মিনাছতো চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। ইফালে, আৰক্ষীয়ে জনোৱা মতে, চাইবাৰ চেলে ইমেইল প্ৰেৰকজনৰ আই পি ঠিকনা অনুসৰণ কৰিছে। জানিব পৰা মতে পাকিস্তানৰ পৰা এই ভাবুকি মেইল ​​প্ৰেৰণ কৰা হৈছে।

আৰক্ষী বিষয়াসকলে কয় যে এই ভাবুকি দিয়া মেইল ​​সঠিকভাৱে ক’ৰ পৰা প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত বিষয়টো অধিক তদন্ত চলি আছে। অৱশ্যে কোনোবাই ইচ্ছাকৃতভাৱে এনে মেইল ​​প্ৰেৰণ কৰি আতংক সৃষ্টি কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে ভাবুকি ই-মেইল আহিছে। কিন্তু এইবাৰ এনআইএৰ কাৰ্যালয়লৈ ভাবুকি মেইল ​​প্ৰেৰণ কৰাৰ ফলত ৰাজ্যৰ আৰক্ষী অধিক সতৰ্ক হৈ পৰিছে।

প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ধন উলিয়াবলৈ দাবী জনাই ভাবুকিপূৰ্ণ ফোন আহিছিল। ১৪ জানুৱাৰীত তেওঁৰ কাৰ্যালয়লৈ আহিছিল উক্ত ফোনটো। বৃহৎ পৰিমাণৰ প টকা দাবী কৰা হৈছিল। শনিবাৰে নীতিন গাডকাৰীৰ কাৰ্যালয়ত বাৰে বাৰে ভাবুকিমূলক টেলিফোন কল আহিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা ধন বিচৰাৰ অভিযোগো উত্থাপন হৈছে। সূত্ৰ অনুসৰি এই ঘটনাত ফোন কৰা ব্যক্তিজনে নিজকে ডি কোম্পানী অৰ্থাৎ দাউদ ইব্ৰাহিমৰ গেঙৰ সদস্য বুলি দাবী কৰে। লগতে আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা প্ৰায় ১০০ কোটি টকা বিচৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ মুৰব্বীগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিছিল। তেওঁক দাউদ আৰু হাফিজ ছাইদৰ বিষয়ে সোধা-পোছা কৰা হৈছিল। তেওঁ উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক