--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গা ধোৱাৰ পাছত আমাৰ দেহা-মন শাঁত পৰে। গোটেই দিনটোৰ ভাগৰ দূৰ কৰিবলৈ গা ধোৱাটো অতি ফলপ্ৰসূ। গা ধুলে আমি সতেজ অৱুভৱ কৰো। ই শৰীৰ পৰিষ্কাৰ কৰে আৰু বহুতো ৰোগৰ পৰা আঁতৰাই ৰাখে। কিন্তু প্ৰায়ে গা ধোৱাৰ পিছত আমি এনে কিছুমান ভুল কৰো যিবোৰে কেৱল আমাৰ চুলিৰ ক্ষতি কৰাই নহয় ছালখনো বহু দিশত ক্ষতি কৰে। গা ধোৱাৰ পাছত আমি কি ভুল কৰিব নালাগে জানো আহক। 

গা ধোৱাৰ পিছত এইবোৰ ভুল নকৰিব

১)গা ধোৱাৰ পিছত চুলিত টাৱেল মেৰিয়াই লোৱাঃ গা ধোৱাৰ পিছত টাৱেল মেৰিয়াই লোৱাটো চুলিৰ বাবে অতি ক্ষতিকাৰক। আপোনালোকক কওঁ যে গা ধোৱাৰ পিছত চুলিখিনি পাক মাৰি টাৱেল বান্ধিলে চুলিৰ বহুত ক্ষতি হয়, এনে কৰিলে চুলিৰ গুৰিবোৰ দুৰ্বল হৈ পৰে।গতিকে এনে কৰাৰ পৰিৱৰ্তে চুলিখিনি প্ৰাকৃতিকভাৱে শুকুৱাবলৈ দিয়া উচিত।

২)মুখত টাৱেল ঘঁহি থকাঃ প্ৰায়ে যেতিয়া মানুহে গা ধুই আহে, তেতিয়া তেওঁলোকে মুখত টাৱেল ঘঁহি মুখৰ পানী শুকুৱাবলৈ যত্ন কৰে। মুখত টাৱেল ঘঁহি থাকিলে ছালৰ ক্ষতি হয়। কপাহী কাপোৰে পাতলকৈ মুখ মচিব লাগে। প্ৰাকৃতিকভাৱে মুখৰ পানী শুকাবলৈ দিয়া উচিত।

৩)ভিজা চুলি ফণীওৱাঃ বহুতে গা ধোৱাৰ পিছত ভিজা চুলি ফণীৱাবলৈ আৰম্ভ কৰে, এনেদৰে চুলি ফণীওৱাটো বহুতে সহজ বুলি ভাবে। কিন্তু সেয়া একেবাৰেই নহয়। এনে কৰিলে আপোনাৰ চুলিৰ ক্ষতি হোৱাৰ লগতে আপোনাৰ চুলি সৰাও আৰম্ভ হ’ব পাৰে। সেয়ে ভিজা চুলি কেতিয়াও নফণীৱাব।
কেৱল মুখখন মইশ্ব’ৰাইজ কৰা

৪) কেৱল মুখত মইশ্ব’ৰাইজ সনাঃ আমি সকলোৱে গা ধোৱাৰ পিছত মুখখন মইশ্ব’ৰাইজ কৰি মুখৰ যত্ন লওঁ কিন্তু শৰীৰৰ বাকী অংশ মইশ্ব’ৰাইজ নকৰো। গা ধোৱাৰ পিছত গোটেই শৰীৰটো শুকান হৈ পৰে, গতিকে মুখৰ লগতে গোটেই শৰীৰটোক মইশ্ব’ৰাইজ কৰাটো জৰুৰী। ইয়াৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক