--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গা ধোৱাৰ পাছত আমাৰ দেহা-মন শাঁত পৰে। গোটেই দিনটোৰ ভাগৰ দূৰ কৰিবলৈ গা ধোৱাটো অতি ফলপ্ৰসূ। গা ধুলে আমি সতেজ অৱুভৱ কৰো। ই শৰীৰ পৰিষ্কাৰ কৰে আৰু বহুতো ৰোগৰ পৰা আঁতৰাই ৰাখে। কিন্তু প্ৰায়ে গা ধোৱাৰ পিছত আমি এনে কিছুমান ভুল কৰো যিবোৰে কেৱল আমাৰ চুলিৰ ক্ষতি কৰাই নহয় ছালখনো বহু দিশত ক্ষতি কৰে। গা ধোৱাৰ পাছত আমি কি ভুল কৰিব নালাগে জানো আহক। 

গা ধোৱাৰ পিছত এইবোৰ ভুল নকৰিব

১)গা ধোৱাৰ পিছত চুলিত টাৱেল মেৰিয়াই লোৱাঃ গা ধোৱাৰ পিছত টাৱেল মেৰিয়াই লোৱাটো চুলিৰ বাবে অতি ক্ষতিকাৰক। আপোনালোকক কওঁ যে গা ধোৱাৰ পিছত চুলিখিনি পাক মাৰি টাৱেল বান্ধিলে চুলিৰ বহুত ক্ষতি হয়, এনে কৰিলে চুলিৰ গুৰিবোৰ দুৰ্বল হৈ পৰে।গতিকে এনে কৰাৰ পৰিৱৰ্তে চুলিখিনি প্ৰাকৃতিকভাৱে শুকুৱাবলৈ দিয়া উচিত।

২)মুখত টাৱেল ঘঁহি থকাঃ প্ৰায়ে যেতিয়া মানুহে গা ধুই আহে, তেতিয়া তেওঁলোকে মুখত টাৱেল ঘঁহি মুখৰ পানী শুকুৱাবলৈ যত্ন কৰে। মুখত টাৱেল ঘঁহি থাকিলে ছালৰ ক্ষতি হয়। কপাহী কাপোৰে পাতলকৈ মুখ মচিব লাগে। প্ৰাকৃতিকভাৱে মুখৰ পানী শুকাবলৈ দিয়া উচিত।

৩)ভিজা চুলি ফণীওৱাঃ বহুতে গা ধোৱাৰ পিছত ভিজা চুলি ফণীৱাবলৈ আৰম্ভ কৰে, এনেদৰে চুলি ফণীওৱাটো বহুতে সহজ বুলি ভাবে। কিন্তু সেয়া একেবাৰেই নহয়। এনে কৰিলে আপোনাৰ চুলিৰ ক্ষতি হোৱাৰ লগতে আপোনাৰ চুলি সৰাও আৰম্ভ হ’ব পাৰে। সেয়ে ভিজা চুলি কেতিয়াও নফণীৱাব।
কেৱল মুখখন মইশ্ব’ৰাইজ কৰা

৪) কেৱল মুখত মইশ্ব’ৰাইজ সনাঃ আমি সকলোৱে গা ধোৱাৰ পিছত মুখখন মইশ্ব’ৰাইজ কৰি মুখৰ যত্ন লওঁ কিন্তু শৰীৰৰ বাকী অংশ মইশ্ব’ৰাইজ নকৰো। গা ধোৱাৰ পিছত গোটেই শৰীৰটো শুকান হৈ পৰে, গতিকে মুখৰ লগতে গোটেই শৰীৰটোক মইশ্ব’ৰাইজ কৰাটো জৰুৰী। ইয়াৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ