--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : থাইৰয়ড এনে এক সমস্যা যাৰ বহুতো কাৰণ আছে, যেনে মানসিক চাপ, ভিটামিন এৰ অভাৱ, শৰীৰত আয়’ডিনৰ অভাৱ, হৰম’নৰ ভাৰসাম্যহীনতা, শৰীৰত বিষাক্ত পদাৰ্থ আৰু ঔষধ সেৱন কৰিলেও থাইৰয়ড দ্ৰুতগতিত বৃদ্ধি পায়। থাইৰয়ডৰ সমস্যা যিকোনো বয়সতে হ’ব পাৰে থাইৰয়ডৰ ফলত ৰোগীৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত স্বাস্থ্যজনিত বহু বিপদৰ সৃষ্টি হয়।

থাইৰয়ডৰ লক্ষণ : অলপ ভাগৰি পৰিছে নেকি ? থাইৰয়ডৰ বিষয়ে যিমানেই সচেতন নহওক কিয়, কেতিয়াবা হঠাতে ওজন নিয়ন্ত্ৰণত নহয় , চুলিবোৰ অকালতে সৰি যায়, ছালখন মলিন হৈ পৰে। আমি আমাৰ ব্যস্ত জীৱনত প্ৰায়ে এই সৰু সৰু শাৰীৰিক সমস্যাবোৰক অৱহেলা কৰোঁ। কিন্তু এই লক্ষণবোৰৰ আঁৰত থাইৰয়ডৰ সমস্যা লুকাই থাকিব পাৰে। সময়মতে থাইৰয়ডৰ চিকিৎসা নকৰিলে ই বৃদ্ধি হ’ব পাৰে। থাইৰয়ডৰ চিকিৎসা দীৰ্ঘম্যাদী, কিন্তু অলপ সাৱধানে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। কেইবিধমান খাদ্য কিন্তু থাইৰয়ড ৰোগীৰ বাবে মাৰাত্মক হ’ব পাৰে। গতিকে থাইৰয়ডক সুস্থ কৰি তুলিবলৈ কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে জানি লওক।

১) চয়াবিন বা চয়াবিন জাতীয় খাদ্য -

কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে চয়াবিন ভিত্তিক খাদ্য খালে থাইৰয়ডৰ ঔষধে সঠিকভাৱে কাম নকৰিব পাৰে। গতিকে থাইৰয়ড থাকিলে চয়াবিন , চয়াবিনৰ গাখীৰ, টফু আদি খাদ্য পৰিমিতভাৱে খোৱা ভাল।

২) বন্ধাকবি আৰু ফুলকবি -

কবিৰ দৰে যিকোনো খাদ্যই থাইৰয়ডৰ ঔষধৰ ফলপ্ৰসূতা হ্ৰাস কৰিব পাৰে। বহুতে ওজন কমাবৰ বাবে ফুলকবি, ব্ৰকলি, বন্ধাকবি আদি শাক-পাচলি খাদ্যত ৰাখে। কিন্তু থাইৰয়ড থাকিলে কম পৰিমানে খালে ভাল।

৩) কফি -

কেফাইনে প্ৰাকৃতিকভাৱে শৰীৰৰ বিভিন্ন ধৰণে ক্ষতি কৰে।অত্যধিক কেফেইন সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। অৱশ্যে ৰাতিপুৱা খাব পাৰে। কিন্তু আধা ঘণ্টাৰ ভিতৰলৈকে থাইৰয়ডৰ ঔষধ একেবাৰে সেৱন নকৰিব।

৪) মিঠা -

চেনি বা অতিৰিক্ত মিঠা থকা যিকোনো খাদ্য খাদ্যৰ তালিকাৰ পৰা বাদ দিব লাগে। থাইৰয়ডৰ সমস্যা থাকিলে ওজন নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব পাৰে। গতিকে চেনি সেৱন কৰাটো থাইৰয়ডৰ বাবে অপকাৰী

৫) পেকেটযুক্ত খাদ্য‌ -

খাদ্য বজাৰত পেকেট কৰা খাদ্যত অতিৰিক্ত নিমখ, চেনি আৰু তেল থাকিব পাৰে।গতিকে এনে খাদ্যৰ পৰা আঁতৰি থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক