--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : থাইৰয়ড এনে এক সমস্যা যাৰ বহুতো কাৰণ আছে, যেনে মানসিক চাপ, ভিটামিন এৰ অভাৱ, শৰীৰত আয়’ডিনৰ অভাৱ, হৰম’নৰ ভাৰসাম্যহীনতা, শৰীৰত বিষাক্ত পদাৰ্থ আৰু ঔষধ সেৱন কৰিলেও থাইৰয়ড দ্ৰুতগতিত বৃদ্ধি পায়। থাইৰয়ডৰ সমস্যা যিকোনো বয়সতে হ’ব পাৰে থাইৰয়ডৰ ফলত ৰোগীৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত স্বাস্থ্যজনিত বহু বিপদৰ সৃষ্টি হয়।

থাইৰয়ডৰ লক্ষণ : অলপ ভাগৰি পৰিছে নেকি ? থাইৰয়ডৰ বিষয়ে যিমানেই সচেতন নহওক কিয়, কেতিয়াবা হঠাতে ওজন নিয়ন্ত্ৰণত নহয় , চুলিবোৰ অকালতে সৰি যায়, ছালখন মলিন হৈ পৰে। আমি আমাৰ ব্যস্ত জীৱনত প্ৰায়ে এই সৰু সৰু শাৰীৰিক সমস্যাবোৰক অৱহেলা কৰোঁ। কিন্তু এই লক্ষণবোৰৰ আঁৰত থাইৰয়ডৰ সমস্যা লুকাই থাকিব পাৰে। সময়মতে থাইৰয়ডৰ চিকিৎসা নকৰিলে ই বৃদ্ধি হ’ব পাৰে। থাইৰয়ডৰ চিকিৎসা দীৰ্ঘম্যাদী, কিন্তু অলপ সাৱধানে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। কেইবিধমান খাদ্য কিন্তু থাইৰয়ড ৰোগীৰ বাবে মাৰাত্মক হ’ব পাৰে। গতিকে থাইৰয়ডক সুস্থ কৰি তুলিবলৈ কি কি খাদ্যৰ পৰা আঁতৰি থাকিব লাগে জানি লওক।

১) চয়াবিন বা চয়াবিন জাতীয় খাদ্য -

কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে চয়াবিন ভিত্তিক খাদ্য খালে থাইৰয়ডৰ ঔষধে সঠিকভাৱে কাম নকৰিব পাৰে। গতিকে থাইৰয়ড থাকিলে চয়াবিন , চয়াবিনৰ গাখীৰ, টফু আদি খাদ্য পৰিমিতভাৱে খোৱা ভাল।

২) বন্ধাকবি আৰু ফুলকবি -

কবিৰ দৰে যিকোনো খাদ্যই থাইৰয়ডৰ ঔষধৰ ফলপ্ৰসূতা হ্ৰাস কৰিব পাৰে। বহুতে ওজন কমাবৰ বাবে ফুলকবি, ব্ৰকলি, বন্ধাকবি আদি শাক-পাচলি খাদ্যত ৰাখে। কিন্তু থাইৰয়ড থাকিলে কম পৰিমানে খালে ভাল।

৩) কফি -

কেফাইনে প্ৰাকৃতিকভাৱে শৰীৰৰ বিভিন্ন ধৰণে ক্ষতি কৰে।অত্যধিক কেফেইন সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। অৱশ্যে ৰাতিপুৱা খাব পাৰে। কিন্তু আধা ঘণ্টাৰ ভিতৰলৈকে থাইৰয়ডৰ ঔষধ একেবাৰে সেৱন নকৰিব।

৪) মিঠা -

চেনি বা অতিৰিক্ত মিঠা থকা যিকোনো খাদ্য খাদ্যৰ তালিকাৰ পৰা বাদ দিব লাগে। থাইৰয়ডৰ সমস্যা থাকিলে ওজন নিয়ন্ত্ৰণ কৰাটো কঠিন হ’ব পাৰে। গতিকে চেনি সেৱন কৰাটো থাইৰয়ডৰ বাবে অপকাৰী

৫) পেকেটযুক্ত খাদ্য‌ -

খাদ্য বজাৰত পেকেট কৰা খাদ্যত অতিৰিক্ত নিমখ, চেনি আৰু তেল থাকিব পাৰে।গতিকে এনে খাদ্যৰ পৰা আঁতৰি থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ