--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰিলে ছানী দেউল আৰু অমীছা পেটেলৰ ছবি গাদাৰ-২ এ। মুক্তিৰ পাছত এনে লাগিছিল যে গাদাৰ-২ৰ বাবে ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ অলপ কঠিন হ'ব।কিন্তু ছবিখনে মাত্ৰ ২৫ দিনতে ৫০০ কোটি টকাৰ সংগ্ৰহ অতিক্ৰম কৰিলে।sacnilk.com ৰ প্ৰতিবেদন অনুসৰি ২৫ সংখ্যক দিনটোত ছবিখনে ২.৫০ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে। ইয়াক ধৰি ‘গাদাৰ ২’-এ ৫০৪ কোটি টকাৰ ব্যৱসায় কৰিব।

কিন্তু ছবিখনৰ তৃতীয় সপ্তাহৰ সংকলন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। তৃতীয় সপ্তাহৰ শুকুৰবাৰে ছবিখনে ৫.২ কোটি টকা উপাৰ্জন কৰিছিল।
শনিবাৰে ছবিখনে ৫.৭২ কোটি টকা সংগ্ৰহ কৰে।দেওবাৰে ছবিখনে ৭.৮০ কোটি টকা উপাৰ্জন কৰে আৰু সোমবাৰে (৪ ছেপ্টেম্বৰ) ছবিখনে ২.৫০ কোটি টকাৰ ব্যৱসায় কৰা সম্ভৱনা আছে।

উল্লেখ্য  যে ১১ আগষ্টত চিনেমাগৃহত মুক্তি পোৱা ‘গাদাৰ-২’ প্ৰথম দিনাৰ পৰাই ছবিখনৰ প্ৰতি প্ৰচণ্ড উন্মাদনা দেখা গৈছিল। মাত্ৰ দুদিনতে ছবিখনে ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল।গাদাৰ ২ৰ ছুপাৰ সফলতাৰ পিছত শেহতীয়াকৈ ছানী দেউলে এটা গ্ৰেণ্ড পাৰ্টি থ্ৰ’ কৰিছিল য’ত কিং খানৰ পৰা আৰম্ভ কৰি অনুপম খেৰলৈকে সকলো তাৰকা একত্ৰিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু