--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'জোৱান' মুক্তি পাবলৈ মাত্ৰ ১ দিন বাকী। এই ছবিখনে এডভান্স বুকিঙৰ দিশত এক ধুমুহাৰ সৃষ্টি কৰিছে। 'পাথান' মুক্তিৰ ৯ মাহৰ পিছত পুনৰ ডাঙৰ পৰ্দাত বাদছা। তাৰ আগতে তেওঁ বিভিন্ন মন্দিৰলৈ দৌৰিছে। কিছুদিন পূৰ্বে তেওঁ জম্মুলৈ উৰাজাহাজেৰে গৈছিল। বৈষ্ণোদেৱীৰ মন্দিৰত পূজা দিছিল।

এইবাৰ তিৰুপতি মন্দিৰত দেখা গ’ল অভিনেতাজনক। কন্যা সুহানা খান লগত আছিল। ‘জোৱান’ মুক্তিৰ পূৰ্বে নেটপাৰাৰ এটা অংশই শ্বাহৰুখৰ মন্দিৰ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

মঙলবাৰে পুৱাৰ ভাগত কন্যা সুহানা খানৰ সৈতে তিৰুপতি মন্দিৰত উপস্থিত হয় অভিনেতাগৰাকী। দক্ষিণ ভাৰতীয় ষ্টাইলত পূজা পৰিবেশন কৰে অভিনেতাগৰাকীয়ে। কন্যা সুহানাই পিন্ধিছে বগা চালৱাৰ। সোমবাৰে নিশা বৈষ্ণো দেৱীৰ মন্দিৰলৈ যোৱাৰ সময়ত শ্বাহৰুখৰ মুখখন ঢাকি থোৱা হৈছিল। আনহাতে মঙলবাৰ অৱশ্যে সম্পূৰ্ণ বেলেগ অৱতাৰত ৰজা।

মন্দিৰৰ বাহিৰত ভক্তসকলকো শ্বাহৰুখে চুমা নিক্ষেপ কৰিলে, হাত ভাঁজ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিলে। মন্দিৰৰ ভিতৰত প্ৰায় ৪০ মিনিট সময় কটালে। অৱশ্যে ছবিখনৰ প্ৰচাৰৰ অংশ হিচাপে অভিনেতাগৰাকীৰ সঘনাই মন্দিৰলৈ যোৱাটো বহুতে দেখিবলৈ পাইছে। দৰ্শকৰ এটা অংশৰ প্ৰশ্ন হ’ল তেওঁ অহিন্দু হিচাপে কেনেকৈ তিৰুপতী ভ্ৰমণ কৰিলে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক