--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দিন ভাল চলা নাই। তেওঁৰ বিৰুদ্ধে দেশখনত এতিয়া চলিছে একপ্ৰকাৰ বিদ্ৰোহ। অচিৰেই ক্ষমতাৰ পৰা অপসাৰিত হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। তেওঁৰ বিৰুদ্ধে বিৰোধী দলসমূহে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে এই আশংকা গাঢ় হৈ পৰিছে। BFC_ বিৰোধী দলসমূহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। পিএমএল-এনৰ মুখপাত্ৰ মৰিয়াম ঔৰংজেবে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কয় যে, জ্যেষ্ঠ বিৰোধী সাংসদসকলৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাষ্ট্ৰীয় বিধানসভা সচিবালয়ত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। ৰাণা ছানাউল্লাহ, আয়াজ চাদিক, ছাজিয়া মাৰি আৰু মাৰিয়াম ঔৰঙ্গজেবকে ধৰি বিৰোধী সাংসদৰ এটা প্ৰতিনিধি দলে ইছলামাবাদৰ সংসদ ভৱনত উপস্থিত হোৱাৰ পাছতে এই অনাস্থা প্ৰস্তাৱ দাখিল কথাটো নিশ্চিত হৈ পৰিছিল। মৰিয়াম ঔৰংজেবে কয় যে সংসদৰ অধ্যক্ষ আছাদ কৈছাৰ তেওঁৰ কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে এই সম্পৰ্কীয় নথি-পত্ৰসমূহ সচিবালয়ত দাখিল কৰা হয়। পিপিপি নেতা নাভিদ কমৰে কয় যে, ইয়াৰ বাবে দেশখনৰ সংসদৰ অধিৱেশন অনুষ্ঠিত কৰা প্ৰয়োজন হ’ব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা প্ৰস্তাৱত ১০০ৰো অধিক সাংসদৰ স্বাক্ষৰ আছে। তেওঁ কয় যে, নেচনেল এচেম্বলীৰ নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাবলৈ কমেও ৬৮জন সাংসদৰ স্বাক্ষৰৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাবলৈ হ’লে বিৰোধীৰ ১৭২জন সাংসদে স্বাক্ষৰ কৰাৰ প্ৰয়োজন হয়। প্ৰস্তাৱ দাখিল কৰাৰ পাছত, নেচনেল এচেম্বলীৰ অধ্যক্ষৰ ওচৰত ভোটদানৰ বাবে অধিৱেশন আহ্বান কৰিবলৈ তিনিৰ পৰা সাত দিনৰ ভিতৰত সময় থাকে। ইফালে, পাকিস্তান ডেমক্ৰেটিক মুভমেণ্টৰ (পিডিএম) মুৰব্বী মৌলানা ফজলুৰ ৰহমান, পিএমএল-এনৰ সভাপতি শ্বেহবাজ শ্বৰীফ আৰু পিপিপিৰ সহ-অধ্যক্ষ আচিফ আলী জাৰ্দাৰীয়ে এখন গুৰুত্বপূৰ্ণ যুটীয়া সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছে য'ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত ঘোষণা কৰা হ'ব। পিএমএল-এনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী ইমৰান খানক দেশখনৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পূৰ্বে চকী এৰি যাবলৈ সময়সীমা বান্ধি দিয়া হৈছে। পাকিস্তান পিপলছ পাৰ্টী (পিপিপি)ৰ অধ্যক্ষ বিলাৱল ভুট্টো-জাৰ্দাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পদত্যাগ কৰিবলৈ বা অনাস্থা প্ৰস্তাৱৰ জৰিয়তে গাদী ত্যাগ কৰাৰ বাবে সাজু হ'বলৈ ২৪ঘণ্টাৰ সময়সীমা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা