--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দিন ভাল চলা নাই। তেওঁৰ বিৰুদ্ধে দেশখনত এতিয়া চলিছে একপ্ৰকাৰ বিদ্ৰোহ। অচিৰেই ক্ষমতাৰ পৰা অপসাৰিত হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। তেওঁৰ বিৰুদ্ধে বিৰোধী দলসমূহে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে এই আশংকা গাঢ় হৈ পৰিছে। BFC_ বিৰোধী দলসমূহে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে। পিএমএল-এনৰ মুখপাত্ৰ মৰিয়াম ঔৰংজেবে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কয় যে, জ্যেষ্ঠ বিৰোধী সাংসদসকলৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাষ্ট্ৰীয় বিধানসভা সচিবালয়ত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। ৰাণা ছানাউল্লাহ, আয়াজ চাদিক, ছাজিয়া মাৰি আৰু মাৰিয়াম ঔৰঙ্গজেবকে ধৰি বিৰোধী সাংসদৰ এটা প্ৰতিনিধি দলে ইছলামাবাদৰ সংসদ ভৱনত উপস্থিত হোৱাৰ পাছতে এই অনাস্থা প্ৰস্তাৱ দাখিল কথাটো নিশ্চিত হৈ পৰিছিল। মৰিয়াম ঔৰংজেবে কয় যে সংসদৰ অধ্যক্ষ আছাদ কৈছাৰ তেওঁৰ কাৰ্যালয়ত উপস্থিত নথকাৰ বাবে এই সম্পৰ্কীয় নথি-পত্ৰসমূহ সচিবালয়ত দাখিল কৰা হয়। পিপিপি নেতা নাভিদ কমৰে কয় যে, ইয়াৰ বাবে দেশখনৰ সংসদৰ অধিৱেশন অনুষ্ঠিত কৰা প্ৰয়োজন হ’ব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা প্ৰস্তাৱত ১০০ৰো অধিক সাংসদৰ স্বাক্ষৰ আছে। তেওঁ কয় যে, নেচনেল এচেম্বলীৰ নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাবলৈ কমেও ৬৮জন সাংসদৰ স্বাক্ষৰৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰাবলৈ হ’লে বিৰোধীৰ ১৭২জন সাংসদে স্বাক্ষৰ কৰাৰ প্ৰয়োজন হয়। প্ৰস্তাৱ দাখিল কৰাৰ পাছত, নেচনেল এচেম্বলীৰ অধ্যক্ষৰ ওচৰত ভোটদানৰ বাবে অধিৱেশন আহ্বান কৰিবলৈ তিনিৰ পৰা সাত দিনৰ ভিতৰত সময় থাকে। ইফালে, পাকিস্তান ডেমক্ৰেটিক মুভমেণ্টৰ (পিডিএম) মুৰব্বী মৌলানা ফজলুৰ ৰহমান, পিএমএল-এনৰ সভাপতি শ্বেহবাজ শ্বৰীফ আৰু পিপিপিৰ সহ-অধ্যক্ষ আচিফ আলী জাৰ্দাৰীয়ে এখন গুৰুত্বপূৰ্ণ যুটীয়া সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছে য'ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত সিদ্ধান্ত ঘোষণা কৰা হ'ব। পিএমএল-এনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী ইমৰান খানক দেশখনৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পূৰ্বে চকী এৰি যাবলৈ সময়সীমা বান্ধি দিয়া হৈছে। পাকিস্তান পিপলছ পাৰ্টী (পিপিপি)ৰ অধ্যক্ষ বিলাৱল ভুট্টো-জাৰ্দাৰীয়ে দেশৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পদত্যাগ কৰিবলৈ বা অনাস্থা প্ৰস্তাৱৰ জৰিয়তে গাদী ত্যাগ কৰাৰ বাবে সাজু হ'বলৈ ২৪ঘণ্টাৰ সময়সীমা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ