--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিউয়ৰ্কত ভাৰতৰ কনচুল জেনেৰেল ৰণধীৰ জয়ছোৱালে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশ্বব্যাপী সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় নাৰীৰ সাফল্য উদযাপনৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে বিভিন্ন বঁটা বিজয়ী ৱেষ্টছেলাৰ লেখিকা, তথা লিংগ সমতা তথা কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত কাম কৰি অহা ৰীতা কাকতি শ্বাহৰ 'The Goddess of Go-Getting' কিতাপখনিৰ উন্মোচন কৰা হয়৷ bfc2 ৰীতা কাকতি শ্বাহ হৈছে উমা (Uma)ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া৷ উমা হৈছে এক আন্তৰ্জাতিক মঞ্চ যিয়ে মহিলাৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা, সফলতাৰ পথ দেখুওৱা, তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ মহিলা আৰু সংখ্যালঘুসকলৰ ক্ষেত্ৰত নেতৃত্বৰ ক্ষমতা আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে। ৰীতা কাকতি শ্বাহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ পৰা ৰাষ্ট্ৰপতিৰ জীৱনজোৰা সাধনা বঁটাৰেও সন্মানিত হৈছিল। তাৰ পাছতে তেওঁ উত্তৰ আমেৰিকাৰ কিছুসংখ্যক সফল আৰু প্ৰভাৱশালী মহিলাৰ সৈতে এখন বিশেষ আলোচনা চক্ৰৰ আঁত ধৰে৷ এই আলোচনাত উপস্থিত থাকে বৈশাখী টেইলৰ- মহাবিদ্যালয়ৰ ডিন আৰু স্মিথ কলেজৰ কেম্পাছ লাইফৰ উপাধ্যক্ষ, মনা সিনহা- বোৰ্ড উপদেষ্টা, সমাজকৰ্মী, আৰু লিংগ সমতা অধিবক্তা, নিউয়ৰ্ক, সীমা কুমাৰ- গ্লোবেল হেড, অফিচ অব ইনোভেশ্যন, গ্লোবেল হেল্থ এণ্ড ছাইণ্টিফিক এনগেজমেণ্ট, জনচন এণ্ড জনচন, আৰু নিউ জাৰ্চীৰ চিমাৰ প্ৰতিষ্ঠাপক, ছোনিয়া চলিহা- নিউয়ৰ্কৰ বিএনৱাই মেলনৰ কৰ্পোৰেট ট্ৰাষ্টৰ ব্যৱসায় বিকাশৰ গ্লোবেল মুৰব্বী আৰু টৰণ্টোৰ ফেশ্বন প্ৰতিষ্ঠানৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ তাৰা ভূঞা৷ তদুপৰি অনুষ্ঠানটোত অনলাইন যোগে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাও৷ উল্লেখ্য যে, 'The Goddess of Go-Getting' ৰীতা কাকতি-শ্বাহৰ বিভিন্ন অভিজ্ঞতাৰ শক্তিশালী প্ৰতিফলন। কিতাপখনত তেওঁৰ জীৱনৰ যাত্ৰাৰ বাস্তৱ কথাবোৰৰ প্ৰতিফলন ঘটা দেখা যায়৷ কিতাপখনত মহিলাৰ সবলীলকৰণ আৰু সমাজৰ দৃষ্টিভংগী প্ৰকাশ পাইছে। মহিলা সৱলীকৰণৰ দৰে বিষয়ক অতি গভীৰভাৱে আৰু প্ৰণালীবদ্ধৰূপত সহজভাৱে তেওঁ এই গ্ৰন্থত তুলি ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু