--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিউয়ৰ্কত ভাৰতৰ কনচুল জেনেৰেল ৰণধীৰ জয়ছোৱালে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশ্বব্যাপী সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় নাৰীৰ সাফল্য উদযাপনৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে বিভিন্ন বঁটা বিজয়ী ৱেষ্টছেলাৰ লেখিকা, তথা লিংগ সমতা তথা কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত কাম কৰি অহা ৰীতা কাকতি শ্বাহৰ 'The Goddess of Go-Getting' কিতাপখনিৰ উন্মোচন কৰা হয়৷ bfc2 ৰীতা কাকতি শ্বাহ হৈছে উমা (Uma)ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া৷ উমা হৈছে এক আন্তৰ্জাতিক মঞ্চ যিয়ে মহিলাৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা, সফলতাৰ পথ দেখুওৱা, তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে সমগ্ৰ বিশ্বৰ মহিলা আৰু সংখ্যালঘুসকলৰ ক্ষেত্ৰত নেতৃত্বৰ ক্ষমতা আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে। ৰীতা কাকতি শ্বাহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ পৰা ৰাষ্ট্ৰপতিৰ জীৱনজোৰা সাধনা বঁটাৰেও সন্মানিত হৈছিল। তাৰ পাছতে তেওঁ উত্তৰ আমেৰিকাৰ কিছুসংখ্যক সফল আৰু প্ৰভাৱশালী মহিলাৰ সৈতে এখন বিশেষ আলোচনা চক্ৰৰ আঁত ধৰে৷ এই আলোচনাত উপস্থিত থাকে বৈশাখী টেইলৰ- মহাবিদ্যালয়ৰ ডিন আৰু স্মিথ কলেজৰ কেম্পাছ লাইফৰ উপাধ্যক্ষ, মনা সিনহা- বোৰ্ড উপদেষ্টা, সমাজকৰ্মী, আৰু লিংগ সমতা অধিবক্তা, নিউয়ৰ্ক, সীমা কুমাৰ- গ্লোবেল হেড, অফিচ অব ইনোভেশ্যন, গ্লোবেল হেল্থ এণ্ড ছাইণ্টিফিক এনগেজমেণ্ট, জনচন এণ্ড জনচন, আৰু নিউ জাৰ্চীৰ চিমাৰ প্ৰতিষ্ঠাপক, ছোনিয়া চলিহা- নিউয়ৰ্কৰ বিএনৱাই মেলনৰ কৰ্পোৰেট ট্ৰাষ্টৰ ব্যৱসায় বিকাশৰ গ্লোবেল মুৰব্বী আৰু টৰণ্টোৰ ফেশ্বন প্ৰতিষ্ঠানৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ তাৰা ভূঞা৷ তদুপৰি অনুষ্ঠানটোত অনলাইন যোগে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাও৷ উল্লেখ্য যে, 'The Goddess of Go-Getting' ৰীতা কাকতি-শ্বাহৰ বিভিন্ন অভিজ্ঞতাৰ শক্তিশালী প্ৰতিফলন। কিতাপখনত তেওঁৰ জীৱনৰ যাত্ৰাৰ বাস্তৱ কথাবোৰৰ প্ৰতিফলন ঘটা দেখা যায়৷ কিতাপখনত মহিলাৰ সবলীলকৰণ আৰু সমাজৰ দৃষ্টিভংগী প্ৰকাশ পাইছে। মহিলা সৱলীকৰণৰ দৰে বিষয়ক অতি গভীৰভাৱে আৰু প্ৰণালীবদ্ধৰূপত সহজভাৱে তেওঁ এই গ্ৰন্থত তুলি ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু