--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত দেশৰ প্ৰসিদ্ধ ব্যৱসায়ী ছাইৰাছ মিষ্ট্ৰীৰ মৃত্যুৰ পাছত এতিয়া পথ সুৰক্ষা সন্দৰ্ভত কঠোৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। দেওবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিষ্ট্ৰীৰ। তেওঁ গাড়ীৰ পিছৰ চিটত বহি আছিল আৰু তেওঁ ছীটবেল্ট লগোৱা নাছিল। তেতিয়াৰ পৰা বিশেষজ্ঞসকলে পিছৰ ছীটত বহি থকা যাত্ৰীসকলৰ বাবেও ছীটবেল্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া চৰকাৰে অহা তিনিদিনত এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিবলৈ ওলাইছে।

কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এতিয়া পিছৰ ছীটত বহা যাত্ৰীৰ বাবে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক হ’ব। তেওঁ কয় যে যদি পিছৰ ছীটত বহি থকা যাত্ৰীয়ে ছিটবেল্ট নলগায় তেন্তে তেওঁৰ চালান কটা হ’ব।

সন্মুখৰ চিটত বহি থকা যাত্ৰীসকলে ছীটবেল্ট নলগালে তেন্তে এলাৰ্ম বাজি উঠে। কিন্তু এতিয়া পিছৰ ছীটত বহি থকা যাত্ৰীয়ে ছীটবেল্ট নলগালেও এলাৰ্ম বাজিব। এই বিষয়ে সদৰী কৰিছে নীতিন গাডকাৰীয়ে।

নীতিন গাডকাৰীয়ে কয় যে এই সন্দৰ্ভত দিয়া নিৰ্দেশ তিনিদিনৰ পিছত কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পাছৰ পৰাই পিছ ছীটত বহি থকা যাত্ৰীজনে ছিটবেল্ট পিন্ধাটো প্ৰয়োজনীয় হ’ব।

এই নিৰ্দেশ সকলো ধৰণৰ বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। অৰ্থাৎ গাড়ীখন সৰু হওক বা ডাঙৰ হওক, পিছৰ চিটত বহি থকা যাত্ৰীজনে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক হ’ব। তেওঁ কয় যে পিছৰ ছীটতো বেল্ট লগাবলৈ এটা ক্লিপৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে এলাৰ্ম চিষ্টেম এটাও স্থাপন কৰিব লাগিব, যিটো পিছফালে বহি থকা যাত্ৰীয়ে ছীটবেল্ট নলগালে বাজি উঠিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ