--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত দেশৰ প্ৰসিদ্ধ ব্যৱসায়ী ছাইৰাছ মিষ্ট্ৰীৰ মৃত্যুৰ পাছত এতিয়া পথ সুৰক্ষা সন্দৰ্ভত কঠোৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। দেওবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হয় চাইৰাছ মিষ্ট্ৰীৰ। তেওঁ গাড়ীৰ পিছৰ চিটত বহি আছিল আৰু তেওঁ ছীটবেল্ট লগোৱা নাছিল। তেতিয়াৰ পৰা বিশেষজ্ঞসকলে পিছৰ ছীটত বহি থকা যাত্ৰীসকলৰ বাবেও ছীটবেল্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া চৰকাৰে অহা তিনিদিনত এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিবলৈ ওলাইছে।

কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এতিয়া পিছৰ ছীটত বহা যাত্ৰীৰ বাবে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক হ’ব। তেওঁ কয় যে যদি পিছৰ ছীটত বহি থকা যাত্ৰীয়ে ছিটবেল্ট নলগায় তেন্তে তেওঁৰ চালান কটা হ’ব।

সন্মুখৰ চিটত বহি থকা যাত্ৰীসকলে ছীটবেল্ট নলগালে তেন্তে এলাৰ্ম বাজি উঠে। কিন্তু এতিয়া পিছৰ ছীটত বহি থকা যাত্ৰীয়ে ছীটবেল্ট নলগালেও এলাৰ্ম বাজিব। এই বিষয়ে সদৰী কৰিছে নীতিন গাডকাৰীয়ে।

নীতিন গাডকাৰীয়ে কয় যে এই সন্দৰ্ভত দিয়া নিৰ্দেশ তিনিদিনৰ পিছত কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পাছৰ পৰাই পিছ ছীটত বহি থকা যাত্ৰীজনে ছিটবেল্ট পিন্ধাটো প্ৰয়োজনীয় হ’ব।

এই নিৰ্দেশ সকলো ধৰণৰ বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। অৰ্থাৎ গাড়ীখন সৰু হওক বা ডাঙৰ হওক, পিছৰ চিটত বহি থকা যাত্ৰীজনে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক হ’ব। তেওঁ কয় যে পিছৰ ছীটতো বেল্ট লগাবলৈ এটা ক্লিপৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে এলাৰ্ম চিষ্টেম এটাও স্থাপন কৰিব লাগিব, যিটো পিছফালে বহি থকা যাত্ৰীয়ে ছীটবেল্ট নলগালে বাজি উঠিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু