--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজৰৰ আছে বহু উপকাৰিতা। গাজৰ ভিটামিন-এ, কেলচিয়াম, ফাইবাৰ, এন্টিঅক্সিডেন্ট, বিটা-কেৰটিন, ভিটামিন-চি, ভিটামিন-কে, পটাছিয়াম আৰু আইৰণ আদি গুণৰ ভঁৰাল। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। গাজৰ ভাজি, দাইলত দি খাব পাৰি। গাজৰৰ আচাৰ খাবলৈও বৰ সোৱাদ।

কিন্তু আপুনি কেতিয়াবা গাজৰৰ চুপ খাই পাইছেনে? যদি নাইপোৱা, তেন্তে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো গাজৰৰ চুপ বনোৱাৰ ৰেচিপি। নিয়মিত গাজৰৰ চুপ খালে চকুৰ স্বাস্থ্য সুস্থ হৈ থাকে। কেৱল এয়াই নহয়, গাজৰৰ চুপ খালে আপোনাৰ হজম শক্তি আৰু ৰক্তচাপো ভাল হৈ থাকে। ছাল নিমজ আৰু সুন্দৰ হয়। গতিকে গাজৰৰ চুপ বনোৱাৰ পদ্ধতি জানো আহক।

গাজৰৰ চুপ বনাবলৈ প্ৰয়োজনীয় উপাদান-

২০০ গ্ৰাম গাজৰ
১ কটা পিঁয়াজ
৩-৪ ফুট নহৰু
আদাৰ টুকুৰা এটা
১ চামুচ ভেজিটেবল অইল
জালুকৰ গুড়ি
সোৱাদ অনুসৰি নিমখ
২ চামুচ ক্ৰীম
প্ৰয়োজন অনুসৰি পানী 

গাজৰৰ চুপ কেনেকৈ বনাব? 
 
গাজৰৰ চুপ বনাবলৈ প্ৰথমে গাজৰ লওক।
তাৰ পিছত ভালদৰে ধুই টুকুৰা টুকুৰকৈ কাটি লওক।
ইয়াৰ পিছত কুকাৰত অলপ পানী আৰু গাজৰ উতলাই লওক।
তাৰ পিছত গাজৰখিনি ঠাণ্ডা হ’বলৈ এৰি দিয়ক।
ইয়াৰ পিছত গাজৰখিনি মিক্সাৰ জাৰত ভৰাই পিহি মসৃণ পেষ্ট বনাওক।
ইয়াৰ পিছত কেৰাহীত অলপ তেল দি গৰম কৰি লওক।
তাৰ পিছত মিহিকৈ কটা পিঁয়াজ, নহৰু আৰু আদা দি ভাজিব।
ইয়াৰ পিছত পিয়াঁজ সোণালী হোৱালৈকে ভালদৰে ভাজিব।
তাৰপাছত তাত গাজৰৰ পেষ্টখিনি দি ঘন হোৱালৈকে সিজাব।
যদি ডাঠ দেখা পায় তেন্তে আপোনাৰ ৰুচি অনুসৰি পানী দি মিহলাই লওক।
ইয়াৰ পিছত ৰুচি অনুসৰি নিমখ দি মিহলাই লওক।
তাৰ পিছত প্ৰায় ১-২ মিনিট উতলাই গেছ বন্ধ কৰি দিয়ক।
এতিয়া আপোনাৰ স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত চুপ সাজু হৈছে।
তাৰ পিছত ওপৰত ক্ৰীম আৰু জালুকৰ গুড়ি দি গৰমে গৰমে পৰিবেশন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক