--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজৰৰ আছে বহু উপকাৰিতা। গাজৰ ভিটামিন-এ, কেলচিয়াম, ফাইবাৰ, এন্টিঅক্সিডেন্ট, বিটা-কেৰটিন, ভিটামিন-চি, ভিটামিন-কে, পটাছিয়াম আৰু আইৰণ আদি গুণৰ ভঁৰাল। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। গাজৰ ভাজি, দাইলত দি খাব পাৰি। গাজৰৰ আচাৰ খাবলৈও বৰ সোৱাদ।

কিন্তু আপুনি কেতিয়াবা গাজৰৰ চুপ খাই পাইছেনে? যদি নাইপোৱা, তেন্তে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো গাজৰৰ চুপ বনোৱাৰ ৰেচিপি। নিয়মিত গাজৰৰ চুপ খালে চকুৰ স্বাস্থ্য সুস্থ হৈ থাকে। কেৱল এয়াই নহয়, গাজৰৰ চুপ খালে আপোনাৰ হজম শক্তি আৰু ৰক্তচাপো ভাল হৈ থাকে। ছাল নিমজ আৰু সুন্দৰ হয়। গতিকে গাজৰৰ চুপ বনোৱাৰ পদ্ধতি জানো আহক।

গাজৰৰ চুপ বনাবলৈ প্ৰয়োজনীয় উপাদান-

২০০ গ্ৰাম গাজৰ
১ কটা পিঁয়াজ
৩-৪ ফুট নহৰু
আদাৰ টুকুৰা এটা
১ চামুচ ভেজিটেবল অইল
জালুকৰ গুড়ি
সোৱাদ অনুসৰি নিমখ
২ চামুচ ক্ৰীম
প্ৰয়োজন অনুসৰি পানী 

গাজৰৰ চুপ কেনেকৈ বনাব? 
 
গাজৰৰ চুপ বনাবলৈ প্ৰথমে গাজৰ লওক।
তাৰ পিছত ভালদৰে ধুই টুকুৰা টুকুৰকৈ কাটি লওক।
ইয়াৰ পিছত কুকাৰত অলপ পানী আৰু গাজৰ উতলাই লওক।
তাৰ পিছত গাজৰখিনি ঠাণ্ডা হ’বলৈ এৰি দিয়ক।
ইয়াৰ পিছত গাজৰখিনি মিক্সাৰ জাৰত ভৰাই পিহি মসৃণ পেষ্ট বনাওক।
ইয়াৰ পিছত কেৰাহীত অলপ তেল দি গৰম কৰি লওক।
তাৰ পিছত মিহিকৈ কটা পিঁয়াজ, নহৰু আৰু আদা দি ভাজিব।
ইয়াৰ পিছত পিয়াঁজ সোণালী হোৱালৈকে ভালদৰে ভাজিব।
তাৰপাছত তাত গাজৰৰ পেষ্টখিনি দি ঘন হোৱালৈকে সিজাব।
যদি ডাঠ দেখা পায় তেন্তে আপোনাৰ ৰুচি অনুসৰি পানী দি মিহলাই লওক।
ইয়াৰ পিছত ৰুচি অনুসৰি নিমখ দি মিহলাই লওক।
তাৰ পিছত প্ৰায় ১-২ মিনিট উতলাই গেছ বন্ধ কৰি দিয়ক।
এতিয়া আপোনাৰ স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত চুপ সাজু হৈছে।
তাৰ পিছত ওপৰত ক্ৰীম আৰু জালুকৰ গুড়ি দি গৰমে গৰমে পৰিবেশন কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু