--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া মৃত্যুৰ কিৰিলী। বোমাৰ আঘাতত মৃত্যুক সাৱটি লৈছে পুতলা হেন লগা শ শ শিশুৱে। সমগ্ৰ বিশ্বৰ দৃষ্টি  বৰ্তমান গাজা ষ্ট্ৰিপৰ ওপৰত নিবদ্ধ। , য'ত এই সময়ত আটাইতকৈ বিপদজনক যুদ্ধ সংঘটিত হৈছে। হামাসআক্ৰমণৰ পিছৰে পৰা, ইজৰাইলে এই সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে আৰু সকলো ধৰণে গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ কৰি আছে। এই বোমা বিস্ফোৰণত এতিয়ালৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু ইয়াক বন্ধ কৰাৰ বাবে বহুতে  দাবী উত্থপান কৰিছে। সমগ্ৰ বিশ্বৰ ক্ৰীড়া জগতো এতিয়া গাজাৰ নৰসংহাৰত ব্যথিত হৈ পৰিছে।

 প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানেও নিৰীহ পেলেষ্টাইনী শিশুৰ হত্যাৰ বিৰুদ্ধে মাত মাতিছে।  ইৰফান পাঠানে বৰ্তমান ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত কমে্ণ্ট্ৰি  কৰি আছে। ক্ৰিকেট  সন্দৰ্ভত মন্তব্য আগবঢ়োৱা পাঠানে প্ৰায়ে বিভিন্ন বিষয়তো নিজৰ মতামত প্ৰকাশ কৰি আহিছে। এনে পৰিস্থিতিত তেওঁ গাজা ষ্ট্ৰিপত হোৱা ধ্বংস আৰু সৰু ল'ৰা-ছোৱালীৰ হত্যা সন্দৰ্ভতো নীৰৱতা ভংগ কৰিছে। ইৰফানে শুক্ৰবাৰে এটা টুইটত  বিশ্বৰ নেতাসকলক গাজাৰ হত্যাযজ্ঞ  বন্ধ কৰিবলৈ দাবী জনাইছে। 

 প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে তেওঁৰ টুইটত লিখিছে যে ০-১০ বছৰ বয়সৰ নিৰীহ শিশুৱে গাজাত প্ৰতিদিনে প্ৰাণ হেৰুৱাইছে আৰু এনে সময়তো বিশ্ব নীৰৱ হৈ বহি আছে। ইৰফানে আৰু কৈছে  যে এজন খেলুৱৈ হিচাপে তেওঁ কেৱল মাত মাতিবহে পাৰে, কিন্তু সমগ্ৰ বিশ্বৰ ৰাজনীতিকসকলে একত্ৰিত হৈ  এই অবোধ শিশুসকলৰ হত্যা বন্ধ কৰিব পাৰে। এতিয়া তেনে সময় আহি পৰিছে বুলিও তেওঁ কয়। 
 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু