--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি গাজাত এতিয়া মৃত্যুৰ কিৰিলী। বোমাৰ আঘাতত মৃত্যুক সাৱটি লৈছে পুতলা হেন লগা শ শ শিশুৱে। সমগ্ৰ বিশ্বৰ দৃষ্টি  বৰ্তমান গাজা ষ্ট্ৰিপৰ ওপৰত নিবদ্ধ। , য'ত এই সময়ত আটাইতকৈ বিপদজনক যুদ্ধ সংঘটিত হৈছে। হামাসআক্ৰমণৰ পিছৰে পৰা, ইজৰাইলে এই সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছে আৰু সকলো ধৰণে গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ কৰি আছে। এই বোমা বিস্ফোৰণত এতিয়ালৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু ইয়াক বন্ধ কৰাৰ বাবে বহুতে  দাবী উত্থপান কৰিছে। সমগ্ৰ বিশ্বৰ ক্ৰীড়া জগতো এতিয়া গাজাৰ নৰসংহাৰত ব্যথিত হৈ পৰিছে।

 প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ইৰফান পাঠানেও নিৰীহ পেলেষ্টাইনী শিশুৰ হত্যাৰ বিৰুদ্ধে মাত মাতিছে।  ইৰফান পাঠানে বৰ্তমান ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত কমে্ণ্ট্ৰি  কৰি আছে। ক্ৰিকেট  সন্দৰ্ভত মন্তব্য আগবঢ়োৱা পাঠানে প্ৰায়ে বিভিন্ন বিষয়তো নিজৰ মতামত প্ৰকাশ কৰি আহিছে। এনে পৰিস্থিতিত তেওঁ গাজা ষ্ট্ৰিপত হোৱা ধ্বংস আৰু সৰু ল'ৰা-ছোৱালীৰ হত্যা সন্দৰ্ভতো নীৰৱতা ভংগ কৰিছে। ইৰফানে শুক্ৰবাৰে এটা টুইটত  বিশ্বৰ নেতাসকলক গাজাৰ হত্যাযজ্ঞ  বন্ধ কৰিবলৈ দাবী জনাইছে। 

 প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে তেওঁৰ টুইটত লিখিছে যে ০-১০ বছৰ বয়সৰ নিৰীহ শিশুৱে গাজাত প্ৰতিদিনে প্ৰাণ হেৰুৱাইছে আৰু এনে সময়তো বিশ্ব নীৰৱ হৈ বহি আছে। ইৰফানে আৰু কৈছে  যে এজন খেলুৱৈ হিচাপে তেওঁ কেৱল মাত মাতিবহে পাৰে, কিন্তু সমগ্ৰ বিশ্বৰ ৰাজনীতিকসকলে একত্ৰিত হৈ  এই অবোধ শিশুসকলৰ হত্যা বন্ধ কৰিব পাৰে। এতিয়া তেনে সময় আহি পৰিছে বুলিও তেওঁ কয়। 
 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ