--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে। গাখীৰত থাকে কেলচিয়ামৰ উত্তম উৎস। যদি আপুনি প্ৰতিদিনে গাখীৰ খায়, তেন্তে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। কিছুমান মানুহে গাখীৰ খাবলৈ একেবাৰেই ভাল নাপায়, গতিকে হাড়ৰ লগত জড়িত সমস্যাৰ সন্মুখীন হৈ থাকিব পাৰে। গাখীৰৰ বাহিৰেও কেলচিয়ামৰ বহুতো উৎস আছে, যিবোৰ সেৱন কৰিলে আমি কেলচিয়ামৰ অভাৱ পূৰ্ণ কৰিব পাৰো।

বাদামঃ বাদাম কেলচিয়ামৰ এক উত্তম উৎস। যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয় তেন্তে দৈনিক ১ কাপ তিয়াই থোৱা বাদাম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বাদাম খালে কেলচিয়ামৰ অভাৱ দূৰ হয়।

চিয়া বীজঃ কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ চিয়া বীজ অতি উত্তম উৎস। চিয়া বীজত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াত ফছফৰাছ ভাল পৰিমাণত পোৱা যায় যিয়ে হাড় শক্তিশালী কৰাৰ কাম কৰে। 

তিলঃ তিল কেলচিয়ামৰ উত্তম উৎস বুলি গণ্য কৰা হয়। আপুনি তিলৰ লাড়ু বনাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। তিল পৰঠা বা পুৰীত ভৰাই খাব পাৰি।

শাক-পাচলিঃ কিছুমান শাক-পাচলিত কেলচিয়াম ভাল পৰিমাণে থাকে। এনে শাক-পাচলি সেৱনে কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। বতৰৰ শাক-পাচলি খোৱাটো উপকাৰী বুলি বিবেচিত হয়।

ছয়া মিল্কঃ কিছুমান মানুহৰ গৰু-ম’হৰ গাখীৰৰ পৰা এলাৰ্জী হয়। এনে লোকে ছয়া মিল্কক খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। ছয়া মিল্ক খাই কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস