--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুৱেই হৈছে আমাৰ শৰীৰৰ সেই বহুমূলীয়া অংগ যাৰ সহায়ত আমি এই পৃথিৱীৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। সেইবাবেই আমি আমাৰ চকুৰ যত্ন ভালকৈ লোৱা উচিত। কিন্তু আমি প্ৰতিদিনে জানি বা অজানিতে এনে কিছুমান ভুল কৰো, যাৰ ফলত আমাৰ চকুৰ ক্ষতি হ’ব পাৰে। চকুৰ বিষ, মূৰৰ বিষ, চকুৰ গধুৰ ভাৱ, চকু শুকান আৰু দৃষ্টিশক্তি ম্লান হোৱা আদি সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ টোপনিৰ সমস্যাও হ’ব পাৰে। কি কথাত আমি দূৰত্ব বজাই ৰখা উচিত জানো আহক।

১) গৰম পানীৰে চকু ধুব নালাগেঃ কিছুমান মানুহে গৰম পানীৰে চকু ধুৱে। তেনে কৰিলে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। চকুৰ যত্ন লৈ সদায় ঠাণ্ডা পানীৰে ধুব লাগে।

২) চকু টিপিয়াই নথকাঃ চকু টিপিয়াই থকাটো অতি গুৰুত্বপূৰ্ণ। এনে কৰি আপুনি মানসিক চাপ আৰু চকুৰ গধুৰ ভাৱৰ পৰা হাত সাৰিব পাৰে। ইয়াৰ ফলত চকুত বিৰতি পোৱা যায়। এনে কৰিলে চকু শুকান নহয়। ইয়াৰ লগতে চকুৰ মলিও ওলাই আহে। চকু টিপিয়াই নথকাটো বেয়া অভ্যাস।

৩) আৰ্টিফিচিয়েল আই ড্ৰপৰ অত্যধিক ব্যৱহাৰঃ চকুত বিষ হ’লে যদি আপুনি আৰ্টিফিচিয়েল আই ড্ৰপ অত্যধিক ব্যৱহাৰ কৰে, তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ মতে চকুত আৰ্টিফিচিয়েল আই ড্ৰপ লগাব লাগে।

৪) চকুৰ মাস্কঃ কিছুমানে শুই থকাৰ সময়ত চকুৰ ওপৰত চকুৰ মাস্ক পিন্ধে। কিন্তু শুই থকাৰ সময়ত সকলো সময়তে চকুৰ মাস্ক লগালে ক্ষতি হ’ব পাৰে।

৫) এন্ধাৰতো মোবাইল টিপি থকাঃ বহু মানুহে লাইট বন্ধ কৰি এন্ধাৰত মোবাইল ফোন টিপি থাকে। এয়া অতি বেয়া অভ্যাস। আপুনি কৰি ভালপোৱা এই কামটোৱে আপোনাৰ চকুযুৰিৰ ভীষণ ক্ষতি কৰি আছে..আপুনি জানেনে?







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস