--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ সেনাই লাডাখ সীমান্তত পুনৰাবৃত্তি ঘটাব পাৰে গালোৱান কাণ্ডৰ। আপাততঃ তেনে আশংকাই গা কৰি উঠিছে।  জানিব পৰা মতে সীমান্তত নিয়োজিত চীনৰ সেনাই ক্ৰয় কৰিছে অতি মাৰাত্মক হিচাবে পৰিগণিত হ’ব পৰা কাঁইটীয়া গদা।   আশংকা কৰা হৈছে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ বিৰুদ্ধে চীনৰ সেনাই  সেই  অস্ত্ৰ  ব্যৱহাৰ কৰিব পাৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনা সেনাই ২০২০ চনত গালোৱান সংঘৰ্ষত ব্যৱহাৰ কৰা একে ধৰণৰ  অস্ত্ৰই এতিয়া পুনৰ ক্ৰয় কৰি আছে। ফলস্বৰূপে প্ৰশ্ন উত্থাপিত হৈছে যে  চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে গোপনে গালোৱানৰ দৰে আক্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? খবৰ অনুসৰি চীনৰ সেনাই  ২,৬০০ টা কাঁইটীয়া গদা ক্ৰয় কৰিছে। সেই গদাৰ তিনিটা অংশ আছে। শীৰ্ষত তীখাৰ কাঁইটীয়া ফুল  আছে, যিটো অংশই  শত্ৰুক আঘাত সহজে ধৰাশয়ী কৰিব পাৰিব। । এই গদা ১.৮  মিটাৰ দীঘল।

২০২০ চনৰ ১৫ জুনত গালোৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যবাহিনী মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল। দুয়োফালৰ সৈন্যসকলে লোহাৰ ৰড আৰু কাঁইটীয়া তাঁৰৰ  অস্ত্ৰৰে কেইবা ঘণ্টা ধৰি যুঁজ কৰিছিল। ৰক্তক্ষয়ী সংঘৰ্ষত ২০ জন ভাৰতীয় সৈনিক শ্বহীদ হৈছিল। ১৯৭৫ চনৰ পিছত সেয়া  প্ৰথম বাৰৰ বাবে  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত হোৱা প্ৰাণ হানিৰ ঘটনা আছিল।  সংঘৰ্ষৰ পিছত  সীমান্তত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি  হৈছিল। পৰিস্থিতি শান্ত কৰিবলৈ দুয়োখন দেশৰ সৈন্যবাহিনী কেইবাবাৰো আলোচনাত মিলিত হৈছে। কিন্তু লাডাখত এতিয়াও শান্তিৰ পৰিবেশ উভতি অহা নাই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান