--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনৰ সেনাই লাডাখ সীমান্তত পুনৰাবৃত্তি ঘটাব পাৰে গালোৱান কাণ্ডৰ। আপাততঃ তেনে আশংকাই গা কৰি উঠিছে।  জানিব পৰা মতে সীমান্তত নিয়োজিত চীনৰ সেনাই ক্ৰয় কৰিছে অতি মাৰাত্মক হিচাবে পৰিগণিত হ’ব পৰা কাঁইটীয়া গদা।   আশংকা কৰা হৈছে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ বিৰুদ্ধে চীনৰ সেনাই  সেই  অস্ত্ৰ  ব্যৱহাৰ কৰিব পাৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনা সেনাই ২০২০ চনত গালোৱান সংঘৰ্ষত ব্যৱহাৰ কৰা একে ধৰণৰ  অস্ত্ৰই এতিয়া পুনৰ ক্ৰয় কৰি আছে। ফলস্বৰূপে প্ৰশ্ন উত্থাপিত হৈছে যে  চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে গোপনে গালোৱানৰ দৰে আক্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? খবৰ অনুসৰি চীনৰ সেনাই  ২,৬০০ টা কাঁইটীয়া গদা ক্ৰয় কৰিছে। সেই গদাৰ তিনিটা অংশ আছে। শীৰ্ষত তীখাৰ কাঁইটীয়া ফুল  আছে, যিটো অংশই  শত্ৰুক আঘাত সহজে ধৰাশয়ী কৰিব পাৰিব। । এই গদা ১.৮  মিটাৰ দীঘল।

২০২০ চনৰ ১৫ জুনত গালোৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যবাহিনী মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল। দুয়োফালৰ সৈন্যসকলে লোহাৰ ৰড আৰু কাঁইটীয়া তাঁৰৰ  অস্ত্ৰৰে কেইবা ঘণ্টা ধৰি যুঁজ কৰিছিল। ৰক্তক্ষয়ী সংঘৰ্ষত ২০ জন ভাৰতীয় সৈনিক শ্বহীদ হৈছিল। ১৯৭৫ চনৰ পিছত সেয়া  প্ৰথম বাৰৰ বাবে  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত হোৱা প্ৰাণ হানিৰ ঘটনা আছিল।  সংঘৰ্ষৰ পিছত  সীমান্তত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি  হৈছিল। পৰিস্থিতি শান্ত কৰিবলৈ দুয়োখন দেশৰ সৈন্যবাহিনী কেইবাবাৰো আলোচনাত মিলিত হৈছে। কিন্তু লাডাখত এতিয়াও শান্তিৰ পৰিবেশ উভতি অহা নাই। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ