--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত ধূমপান কৰাকলৈ  সৃষ্টি হ’ল লংকাকাণ্ডৰ। গোৱাৰ অঞ্জুৱানাত ধূমপানক লৈ সৃষ্টি হোৱা হুলস্থূলত কেইবাজনো লোক আহত হৈছে।জানিব পৰা মতে পুলচাইড ৰিজৰ্টত পৰ্যটকৰ এটা দলক দুৰ্বৃত্তই  আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা  আটাইকেইজন লোক দিল্লীৰ বাসিন্দা। তেওঁলোকে গোৱা ভ্ৰমণলৈ গৈ এনে অনাহূত পৰিস্থিতিৰ সন্মুখীন হৈছে। 

পৰ্যটককেইগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে বুলি অভিযোগ উঠিছে।এজন পৰ্যটকই ইতিমধ্যে ঘটনাটোৰ বিষয়ে  ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। প্ৰকৃততে কি ঘটিছিল গোৱাত?আৰক্ষীৰ সূত্ৰ অনুসৰি পৰ্যটকসকলে ৰিজৰ্টত হুক্কা খাই আছিল। তেওঁলোকে ৰিজৰ্টৰ ৱেইটাৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল। দৰাচলতে ৱেইটাৰে তেওঁলোকক কৈছিল যে সেই স্থানত  ধূমপান কৰা নিষেধ। ৱেইটাৰে লোককেইজনক ধূমপান বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল। পৰ্যটকসকলৰ সৈতে ৱেইটাৰৰ তৰ্কই চৰম সীমাত উপনীত হৈছিল।পিছত ৰিজৰ্টৰ মেনেজাৰে ঘটনাটোৰ মীমাংসা  কৰিবলৈ আহিছিল।

  এটা ভিডিঅ'ত  দেখা গৈছে যে ৰিজৰ্টৰ ৰিচেপচনিষ্টজনে পৰ্যটকসকলৰ সৈতে তৰ্ক কৰি আছে। ৱেইটাৰজনে ৰিজৰ্টৰ বাহিৰত পৰ্যটকসকলক পুনৰ লগ পাইছিল। তেওঁলোকৰ মাজত আকৌ তৰ্ক লাগিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি পৰ্যটকসকলে স্থানীয় ৱেইটাৰ জনক গালি পৰা দেখি কিছুসংখ্যক  স্থানীয় লোকে আগবাঢ়ি আহি পৰ্যটকৰ দলটোক আক্ৰমণ কৰে। 

এজন টেক্সি চালকে  চুৰিৰে  এজন পৰ্যটকক আক্ৰমণ ৰাত তেওঁ গুৰুতৰভাবে আহত হয়।গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কৈছএ যে দুয়োপক্ষই উচটনিমূলক মন্তব্য কৰাৰ প্ৰমাণ পোৱা গৈছে।  গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খায়ুণ্টে কৈছেযে এনে ধৰণৰ ঘটনা  সহ্য কৰা নহ'ব। অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement