--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত ধূমপান কৰাকলৈ  সৃষ্টি হ’ল লংকাকাণ্ডৰ। গোৱাৰ অঞ্জুৱানাত ধূমপানক লৈ সৃষ্টি হোৱা হুলস্থূলত কেইবাজনো লোক আহত হৈছে।জানিব পৰা মতে পুলচাইড ৰিজৰ্টত পৰ্যটকৰ এটা দলক দুৰ্বৃত্তই  আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা  আটাইকেইজন লোক দিল্লীৰ বাসিন্দা। তেওঁলোকে গোৱা ভ্ৰমণলৈ গৈ এনে অনাহূত পৰিস্থিতিৰ সন্মুখীন হৈছে। 

পৰ্যটককেইগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে বুলি অভিযোগ উঠিছে।এজন পৰ্যটকই ইতিমধ্যে ঘটনাটোৰ বিষয়ে  ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। প্ৰকৃততে কি ঘটিছিল গোৱাত?আৰক্ষীৰ সূত্ৰ অনুসৰি পৰ্যটকসকলে ৰিজৰ্টত হুক্কা খাই আছিল। তেওঁলোকে ৰিজৰ্টৰ ৱেইটাৰৰ সৈতে তৰ্কত লিপ্ত হৈছিল। দৰাচলতে ৱেইটাৰে তেওঁলোকক কৈছিল যে সেই স্থানত  ধূমপান কৰা নিষেধ। ৱেইটাৰে লোককেইজনক ধূমপান বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল। পৰ্যটকসকলৰ সৈতে ৱেইটাৰৰ তৰ্কই চৰম সীমাত উপনীত হৈছিল।পিছত ৰিজৰ্টৰ মেনেজাৰে ঘটনাটোৰ মীমাংসা  কৰিবলৈ আহিছিল।

  এটা ভিডিঅ'ত  দেখা গৈছে যে ৰিজৰ্টৰ ৰিচেপচনিষ্টজনে পৰ্যটকসকলৰ সৈতে তৰ্ক কৰি আছে। ৱেইটাৰজনে ৰিজৰ্টৰ বাহিৰত পৰ্যটকসকলক পুনৰ লগ পাইছিল। তেওঁলোকৰ মাজত আকৌ তৰ্ক লাগিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি পৰ্যটকসকলে স্থানীয় ৱেইটাৰ জনক গালি পৰা দেখি কিছুসংখ্যক  স্থানীয় লোকে আগবাঢ়ি আহি পৰ্যটকৰ দলটোক আক্ৰমণ কৰে। 

এজন টেক্সি চালকে  চুৰিৰে  এজন পৰ্যটকক আক্ৰমণ ৰাত তেওঁ গুৰুতৰভাবে আহত হয়।গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কৈছএ যে দুয়োপক্ষই উচটনিমূলক মন্তব্য কৰাৰ প্ৰমাণ পোৱা গৈছে।  গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খায়ুণ্টে কৈছেযে এনে ধৰণৰ ঘটনা  সহ্য কৰা নহ'ব। অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই