--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ গ্ৰামাঞ্চলত সুলভ হ’ব ইণ্টাৰনেট সেৱা৷ গ্ৰামাঞ্চলত ইণ্টাৰনেট সেৱা সহজলভ্য কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ৷ 

কেন্দ্ৰীয় কেবিনেটে ভাৰতনেট প্ৰকল্পৰ অধীনত সমগ্ৰ দেশৰ ৬.৪ লাখ গাঁৱৰ বাবে ১.৩৯ লাখ কোটি টকাৰ ব্যয়ৰ সৈতে ব্ৰডবেণ্ড সংযোগ পৰিকল্পনাত অনুমোদন জনাইছে৷ বৰ্তমান ভাৰতনেট প্ৰকল্পৰ অধীনত প্ৰায় ১.৯৪ লাখ গাঁও সংযোগ কৰা হৈছে৷ 

শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ সকলো গাঁৱৰ প্ৰতিঘৰলৈ অপ্টিকেল ফাইবাৰ-আধাৰিত সংযোগ প্ৰদানৰ বাবে ১,৩৯,৫৭৯ কোটি টকা অনুমোদন জনাইছে৷

সূত্ৰ অনুসৰি, দেশৰ এগৰাকী উদ্যোগীৰ সহায়ত ‘ফাইবাৰ-টু-দ্য-হোম’লৈ যোৱাৰ মডেলটো এটা পাইলট প্ৰকল্প সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত চূড়ান্ত কৰা হৈছিল। পাইলট প্ৰকল্পটো প্ৰথমতে চাৰিখন জিলাৰ গাওঁবোৰ সংযোগ কৰিবলৈ সম্পন্ন কৰা হৈছিল আৰু তাৰ পিছত বেছিভাগ ৰাজ্যৰ ৬০,০০ গাঁওলৈ সম্প্ৰসাৰিত কৰা হৈছিল৷

৬০,০০০ গাঁৱৰ বাবে সম্পন্ন কৰা পাইলট প্ৰকল্পটোত প্ৰায় ৩,৮০০ উদ্যোগী জড়িত আছিল, যিয়ে ৩.৫১ লাখ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰিছিল। প্ৰতিটো পৰিয়ালত গড় ডাটা ব্যৱহাৰ প্ৰতি মাহে ১৭৫ গিগাবাইটলৈকে নথিভুক্ত কৰা হৈছে বুলি এটা সূত্ৰই সদৰী কৰে৷

প্ৰকল্পটো বিবিএনএল আৰু ভিএলইৰ মাজত ৫০ শতাংশ ৰাজহ ভাগ বটোৱাৰাৰ আধাৰত আৰম্ভ কৰা হৈছে আৰু মাহিলি ব্ৰডবেণ্ড আঁচনিৰ মূল্য ৩৯৯ টকাৰ পৰা আৰম্ভ হ’ব। সূত্ৰ অনুসৰি, দেশত ৩৭ লাখ পথ কিলোমিটাৰ  অপ্টিকেল ফাইবাৰ কেবল স্থাপন কৰা হৈছে, যাৰ ভিতৰত বিবিএনএলে ৭.৭ লাখ কিলোমিটাৰ স্থাপন কৰিছে।

এই প্ৰকল্পই দেশত ২.৫ লাখ চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু