--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ গ্ৰামাঞ্চলত সুলভ হ’ব ইণ্টাৰনেট সেৱা৷ গ্ৰামাঞ্চলত ইণ্টাৰনেট সেৱা সহজলভ্য কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ৷ 

কেন্দ্ৰীয় কেবিনেটে ভাৰতনেট প্ৰকল্পৰ অধীনত সমগ্ৰ দেশৰ ৬.৪ লাখ গাঁৱৰ বাবে ১.৩৯ লাখ কোটি টকাৰ ব্যয়ৰ সৈতে ব্ৰডবেণ্ড সংযোগ পৰিকল্পনাত অনুমোদন জনাইছে৷ বৰ্তমান ভাৰতনেট প্ৰকল্পৰ অধীনত প্ৰায় ১.৯৪ লাখ গাঁও সংযোগ কৰা হৈছে৷ 

শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ সকলো গাঁৱৰ প্ৰতিঘৰলৈ অপ্টিকেল ফাইবাৰ-আধাৰিত সংযোগ প্ৰদানৰ বাবে ১,৩৯,৫৭৯ কোটি টকা অনুমোদন জনাইছে৷

সূত্ৰ অনুসৰি, দেশৰ এগৰাকী উদ্যোগীৰ সহায়ত ‘ফাইবাৰ-টু-দ্য-হোম’লৈ যোৱাৰ মডেলটো এটা পাইলট প্ৰকল্প সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত চূড়ান্ত কৰা হৈছিল। পাইলট প্ৰকল্পটো প্ৰথমতে চাৰিখন জিলাৰ গাওঁবোৰ সংযোগ কৰিবলৈ সম্পন্ন কৰা হৈছিল আৰু তাৰ পিছত বেছিভাগ ৰাজ্যৰ ৬০,০০ গাঁওলৈ সম্প্ৰসাৰিত কৰা হৈছিল৷

৬০,০০০ গাঁৱৰ বাবে সম্পন্ন কৰা পাইলট প্ৰকল্পটোত প্ৰায় ৩,৮০০ উদ্যোগী জড়িত আছিল, যিয়ে ৩.৫১ লাখ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰিছিল। প্ৰতিটো পৰিয়ালত গড় ডাটা ব্যৱহাৰ প্ৰতি মাহে ১৭৫ গিগাবাইটলৈকে নথিভুক্ত কৰা হৈছে বুলি এটা সূত্ৰই সদৰী কৰে৷

প্ৰকল্পটো বিবিএনএল আৰু ভিএলইৰ মাজত ৫০ শতাংশ ৰাজহ ভাগ বটোৱাৰাৰ আধাৰত আৰম্ভ কৰা হৈছে আৰু মাহিলি ব্ৰডবেণ্ড আঁচনিৰ মূল্য ৩৯৯ টকাৰ পৰা আৰম্ভ হ’ব। সূত্ৰ অনুসৰি, দেশত ৩৭ লাখ পথ কিলোমিটাৰ  অপ্টিকেল ফাইবাৰ কেবল স্থাপন কৰা হৈছে, যাৰ ভিতৰত বিবিএনএলে ৭.৭ লাখ কিলোমিটাৰ স্থাপন কৰিছে।

এই প্ৰকল্পই দেশত ২.৫ লাখ চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ