--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান মুক্তি পাবলগীয়া দিনটোৰ ২৪ ঘণ্টা পিছতে মুক্তি লাভ কৰিব আন এখন ছবিয়ে৷ ছবি খনৰ নাম 'গান্ধী গডছে: এক যুদ্ধ' ৷ মুক্তিৰ পূৰ্বেই ছবি খনে বিতৰ্কৰো সৃষ্টি কৰিছে৷ ছবি খনত গান্ধী হত্যাকাৰী নাথুৰাম গড়ছেক ভগৱানৰ ৰূপত উপস্থাপন কৰা হৈছে বুলি বহুতে অভিযোগ কৰিছে৷  ইয়াৰ মাজতে বলীউডৰ পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে।

 ৰাজকুমাৰে সেয়ে  অতিৰিক্ত নিৰাপত্তা বিচাৰি আৰক্ষীৰ ওচৰত আবেদন কৰিছে। আবেদনখনত ৰাজকুমাৰে আৰক্ষীক কৈছে  যে শেহতীয়াকৈ 'গান্ধী গডছে: এক যুদ্ধ' চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ বহু সতৰ্কবাণী তেওঁ লাভ কৰিছে। মোক আৰু মোৰ পৰিয়ালকো মৃত্যুৰ ভাবুকিও  দিয়া হৈছে । '




 মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক  মানুহৰ  চকুত  চয়তানৰ পৰা ঈশ্বৰ সজোৱা বুলি বহুতে অভিযোগ কৰি থকাৰ মাজতে ৰাজকুমাৰলৈ অহা এনে ভাবুকিয়ে বিশেষ আলোড়ণৰ সৃষ্টি কৰিছে৷ ৷  ৰাজকুমাৰ সন্তোষীৰ নতুন ছবি 'গান্ধী-গডছে এক যুদ্ধ' ২৬জানুৱাৰীত মুক্তি পাব। ছবি খনৰ ট্ৰেইলাৰ  ১১ জানুৱাৰীত মুকলি কৰা হৈছিল।  চলচ্চিত্ৰখনত মধ্যপন্থী গান্ধী আৰু উগ্ৰপন্থী গডছেৰ আদৰ্শৰ পাৰ্থক্যৰ বিষয়ে দেখুওৱা হৈছে ।

 'গান্ধী-গডছে এক যুদ্ধ'ৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালকে গান্ধীৰ পক্ষ লৈছে নে গডছেৰ তাকেলৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে৷  চলচ্চিত্ৰখনৰ এটা দৃশ্যত জৱাহৰলাল নেহৰুৰ চৰিত্ৰটোৱে  কৈছে , "গডছে হ'বলৈ এটা দিন লাগে, মহাত্মা গান্ধী হ'বলৈ কেইবাটাও  জন্ম লাগে।" 
চলচ্চিত্ৰখনত দীপক অন্তানি, চিন্ময় মণ্ডেলেকাৰ, আৰিফ জাকাৰিয়া আৰু পৱন চোপ্ৰাৰ লগতে ডাঙৰ পৰ্দাৰ বহু  তাৰকাই  অভিনয় কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল  ৰাজকুমাৰ সন্তোষীৰ জীয়ৰী তানিশা সন্তোষীয়ে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। ছবিখনৰ সংগীত এ আৰ ৰহমানৰ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু