--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান মুক্তি পাবলগীয়া দিনটোৰ ২৪ ঘণ্টা পিছতে মুক্তি লাভ কৰিব আন এখন ছবিয়ে৷ ছবি খনৰ নাম 'গান্ধী গডছে: এক যুদ্ধ' ৷ মুক্তিৰ পূৰ্বেই ছবি খনে বিতৰ্কৰো সৃষ্টি কৰিছে৷ ছবি খনত গান্ধী হত্যাকাৰী নাথুৰাম গড়ছেক ভগৱানৰ ৰূপত উপস্থাপন কৰা হৈছে বুলি বহুতে অভিযোগ কৰিছে৷  ইয়াৰ মাজতে বলীউডৰ পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে।

 ৰাজকুমাৰে সেয়ে  অতিৰিক্ত নিৰাপত্তা বিচাৰি আৰক্ষীৰ ওচৰত আবেদন কৰিছে। আবেদনখনত ৰাজকুমাৰে আৰক্ষীক কৈছে  যে শেহতীয়াকৈ 'গান্ধী গডছে: এক যুদ্ধ' চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ বহু সতৰ্কবাণী তেওঁ লাভ কৰিছে। মোক আৰু মোৰ পৰিয়ালকো মৃত্যুৰ ভাবুকিও  দিয়া হৈছে । '




 মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক  মানুহৰ  চকুত  চয়তানৰ পৰা ঈশ্বৰ সজোৱা বুলি বহুতে অভিযোগ কৰি থকাৰ মাজতে ৰাজকুমাৰলৈ অহা এনে ভাবুকিয়ে বিশেষ আলোড়ণৰ সৃষ্টি কৰিছে৷ ৷  ৰাজকুমাৰ সন্তোষীৰ নতুন ছবি 'গান্ধী-গডছে এক যুদ্ধ' ২৬জানুৱাৰীত মুক্তি পাব। ছবি খনৰ ট্ৰেইলাৰ  ১১ জানুৱাৰীত মুকলি কৰা হৈছিল।  চলচ্চিত্ৰখনত মধ্যপন্থী গান্ধী আৰু উগ্ৰপন্থী গডছেৰ আদৰ্শৰ পাৰ্থক্যৰ বিষয়ে দেখুওৱা হৈছে ।

 'গান্ধী-গডছে এক যুদ্ধ'ৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালকে গান্ধীৰ পক্ষ লৈছে নে গডছেৰ তাকেলৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে৷  চলচ্চিত্ৰখনৰ এটা দৃশ্যত জৱাহৰলাল নেহৰুৰ চৰিত্ৰটোৱে  কৈছে , "গডছে হ'বলৈ এটা দিন লাগে, মহাত্মা গান্ধী হ'বলৈ কেইবাটাও  জন্ম লাগে।" 
চলচ্চিত্ৰখনত দীপক অন্তানি, চিন্ময় মণ্ডেলেকাৰ, আৰিফ জাকাৰিয়া আৰু পৱন চোপ্ৰাৰ লগতে ডাঙৰ পৰ্দাৰ বহু  তাৰকাই  অভিনয় কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল  ৰাজকুমাৰ সন্তোষীৰ জীয়ৰী তানিশা সন্তোষীয়ে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। ছবিখনৰ সংগীত এ আৰ ৰহমানৰ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক