--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ  'পাঠানে’ বহু বন্ধ হৈ পৰা ছবিঘৰৰ মালিকৰ ভাগ্য উদয় কৰিব৷ আপাততঃ তেনে আশাই কৰিছে কোভিডৰ পিছতে বন্ধ হৈ পৰা দেশৰ বহু ছবিঘৰৰ মালিকে৷ শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহাম অভিনীত 'পাঠান' ছবিখন ২৫ জানুৱাৰীত সমগ্ৰ দেশতে মুক্তি লাভ কৰিব। হিন্দীৰ উপৰি ছবিখন তামিল আৰু তেলেগু ভাষাতো  মুক্তি পাব। হিন্দুত্ববাদী সংগঠনৰ ভাবুকিৰ পিছতো ছবি খনে মুক্তিৰ ক্ষণ গণিছে৷ বিক্ৰী হৈছে কোটি কোটি টকাৰ টিকট৷ বহুতে একেমুখে কৈছে-ছবি খন চলিব৷

হিন্দুত্ববাদী সংগঠনে ছবি খনৰ নিগেটিভ প্ৰচাৰহে চলালে বুলিও বহুতে আলোচনা কৰিছে৷  কোভিড অতিমাৰীৰ পিছত সমগ্ৰ দেশতে বন্ধ হৈ থকা বহুতো চিনেমা হলে এই ছবিখনৰ জৰিয়তেই পুনৰ আশাৰে দুৱাৰ মুকলি কৰিব।  হলৰ মালিকসকলেও  শ্বাহৰুখ-দীপিকা যুটিক বিশ্বাস কৰে৷ তেওঁলোকৰ বিশ্বাস বহুদিন বন্ধ কৰি ৰখা ছবিঘৰ খোলাৰ পিছতে তেওঁলোকৰ হাতলৈয়ো দুটকা আহিব৷ অনাদায় হৈ থকা কৰ্মচাৰীৰ দৰমহা অলপ হ’লেও দিব পাৰিব, কৰ্মহীন হৈ পৰা কৰ্মচাৰীসকলেও পুনৰ কামত যোগদান কৰাৰ সুযোগ পাব৷  পূৰ্বে শ্বাহৰুখ-দীপিকাৰ  'ওম শান্তি ওম', 'চেন্নাই এক্সপ্ৰেছ', 'হেপ্পী নিউ ইয়েৰ'  হিট হৈছিল । 

গতিকে হলৰ মালিকসকল এইবাৰো পৰম আশাবাদী৷  কোভিডৰ সময়ত বন্ধ হৈ পৰা উত্তৰ প্ৰদেশৰ দহটা হল, ৰাজস্থানৰ সাতটা, মহাৰাষ্ট্ৰত দুটা, গোৱাত এটা, মধ্য প্ৰদেশত দুটা, ছত্তীশগড়ত এটা কৈ আৰু উত্তৰাখণ্ডত এটাকৈ হলৰ দুৱাৰ   দৰ্শকৰ বাবে 'পাঠান'ৰ জৰিয়তেই পুনৰ  মুকলি কৰা হ’ব৷।


ৰাজস্থানত কোভিডৰ পিছত প্ৰথমবাৰৰ বাবে মুকলি কৰিবলগীয়া হলবোৰ হৈছে কহিনুৰ চিনেমা (চুৰাটগড়), জেম চিনেমা (জয়পুৰ), গীতা টকিজ (হিদুয়া), সঙ্গম চিনেমা (খাণ্ডেলা), ড্ৰীমলাইট চিনেমা (সুজনগড়), প্ৰকাশ টকিজ (নৱালগড়), জেআৰচি চলচ্চিত্ৰ প্ৰাসাদ (ফতেহপুৰ)। উত্তৰ প্ৰদেশত মুকলি  হ’ব জ্ঞান চিনেমা (মহামাদাবাদ), কাৰ্নিভাল টিজিপ চিনেমা (নয়ডা), পিডিআৰ চিনেমা (বাৰাণসী), এম চিনেমা (বিন্দকী), কবিতা চিনেমা (লোনি), ৰামা চিনেমা (জৌনপুৰ), চিনেছিন চিনেমা (তিব্ৰামৌ), জেছি পেলেচ চিনেমা (বদৌন), কপিল চিনেমা (মাৱানা), মধুবন চিনেমা (দাসনা), ৰাজকৰণ চিনেমা (এলাহাবাদ) ।মধ্য প্ৰদেশত মুকলি হ’ব  প্ৰভাত টকিজ (বীণা), জ্যোতি চিনেমা (ইন্দোৰ) । মহাৰাষ্ট্ৰত কাৰ্নিভাল আৰু মল (মুলুন্দ মুম্বাই), প্ৰভাৰ টকিজ (গণ্ডিয়া) মুকলি হ’ব। গোৱাত চিনেকামলা (পণ্ডা), ছত্তীশগড়ৰ লাজৱন্তী টকিজ (বিশ্ৰামপুৰ) আৰু উত্তৰাখণ্ডৰ এছজিএল হেৰিটেজ চিনেমা (আলমোৰা) মুকলি হ’ব শ্বাহৰুখ খানৰ ছবিখনৰ প্ৰদৰ্শনেৰে৷ 


'পাঠান' ছবি খনে  বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ গৈ থকা বুলি ইতিমধ্যে অনুমান কৰা হৈছে৷  ছবিখনে  টিকটৰ   আগতীয়া বুকিঙত অভিলেখ গঢ়িছে। বক্স অফিচ বিশেষজ্ঞ তৰণ আদৰ্শৰ মতে দেওবাৰে আবেলিলৈকে 'পাঠান'ৰ  তিনি লাখতকৈও অধিক টিকট বুক কৰা হৈছে। সূত্ৰ অনুসৰি ইতিমধ্যে ১৪.৬৬ কোটি টকাৰ টিকট বিক্ৰী  হৈছে। ইয়াৰ ভিতৰত দিল্লীতেই ১.৭৯কোটি টকা টিকট বিক্ৰী হৈছে৷মুম্বাইত ১.৭৪ কোটি টকাৰ টিকট বিক্ৰী হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক