--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  মহাত্মা গান্ধীৰ জয়ন্তীৰ প্ৰাকমুহূৰ্তত পৰিষ্কাৰ ভাৰতৰ অভিযানৰ বাবে  দেশক নেতৃত্ব দিয়ে। তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে হাতত  ঝাড়ু লৈ নিজেই এই অভিযানত নামি পৰে। মোদীয়ে দেওবাৰে প্ৰায় এঘণ্টা ধৰি  বিশেষ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰে। চাফাই অভিযানৰ ভিডিঅ'টো তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে। ভিডিঅ’ৰ শিৰোনামটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "আজি ভাৰতৰ লক্ষ্য হৈছে স্বচ্ছতা। "

১ অক্টোবৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে 'স্বচ্ছ ভাৰত অভিযান'ত অংশগ্ৰহণ কৰিবলৈ দেশবাসীক  আহ্বান জনাইছিল। ২০১৪ চনতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ দেশজুৰি স্বচ্ছ ভাৰত অভিযানৰ আহ্বান জনাইছিল। দ্বিতীয় মোদী চৰকাৰৰ অন্তিম বছৰত প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে ঝাড়ু লৈ ওলাই  গৈছিল আৰু বাৰ্তা দিছিল যে স্বচ্ছতাই হৈছে সেৱা আগবঢ়োৱাৰ উপায়। তেওঁ সুস্বাস্থ্যৰ বাৰ্তাও প্ৰদান কৰিছে । 

ফিটনেছ বিশেষজ্ঞ অংকিত বিয়ানপুৰীয়াক তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰা ভিডিঅ'টোত তেওঁৰ সৈতে দেখা গৈছে।ভিডিঅ'টোত, মোদীক হাতত হাতমোজা পিন্ধি আৱৰ্জনা পৰিষ্কাৰ কৰা দেখা গৈছে।এজন যুৱ ফিটনেছ বিশেষজ্ঞ অংকিতে তেওঁৰ সৈতে এখন বাগিচাত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰা দেখা গৈছে । 

ভিডিঅ'টো ক'ত ৰেকৰ্ড কৰা হৈছে সেয়া সঠিকভাৱে জনা নাযায়। চাৰি মিনিট  ৪১ ছেকেণ্ডৰ ভিডিঅ'টো মোদীয়ে নিজেই তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে। মোদীয়ে কয় "যিহেতু আজি ভাৰতৰ লক্ষ্য হৈছে স্বচ্ছতা, অংকিত বিয়ানপুৰীয়া আৰু মই একেটা কামকে কৰিছো। কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, আমাৰ সৈতে সুস্থতা কথাও জড়িত হৈ আছে। এয়া পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ভাৰতৰ অভিযান। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ