--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  মহাত্মা গান্ধীৰ জয়ন্তীৰ প্ৰাকমুহূৰ্তত পৰিষ্কাৰ ভাৰতৰ অভিযানৰ বাবে  দেশক নেতৃত্ব দিয়ে। তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে হাতত  ঝাড়ু লৈ নিজেই এই অভিযানত নামি পৰে। মোদীয়ে দেওবাৰে প্ৰায় এঘণ্টা ধৰি  বিশেষ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰে। চাফাই অভিযানৰ ভিডিঅ'টো তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে। ভিডিঅ’ৰ শিৰোনামটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে, "আজি ভাৰতৰ লক্ষ্য হৈছে স্বচ্ছতা। "

১ অক্টোবৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে 'স্বচ্ছ ভাৰত অভিযান'ত অংশগ্ৰহণ কৰিবলৈ দেশবাসীক  আহ্বান জনাইছিল। ২০১৪ চনতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ দেশজুৰি স্বচ্ছ ভাৰত অভিযানৰ আহ্বান জনাইছিল। দ্বিতীয় মোদী চৰকাৰৰ অন্তিম বছৰত প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে ঝাড়ু লৈ ওলাই  গৈছিল আৰু বাৰ্তা দিছিল যে স্বচ্ছতাই হৈছে সেৱা আগবঢ়োৱাৰ উপায়। তেওঁ সুস্বাস্থ্যৰ বাৰ্তাও প্ৰদান কৰিছে । 

ফিটনেছ বিশেষজ্ঞ অংকিত বিয়ানপুৰীয়াক তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰা ভিডিঅ'টোত তেওঁৰ সৈতে দেখা গৈছে।ভিডিঅ'টোত, মোদীক হাতত হাতমোজা পিন্ধি আৱৰ্জনা পৰিষ্কাৰ কৰা দেখা গৈছে।এজন যুৱ ফিটনেছ বিশেষজ্ঞ অংকিতে তেওঁৰ সৈতে এখন বাগিচাত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰা দেখা গৈছে । 

ভিডিঅ'টো ক'ত ৰেকৰ্ড কৰা হৈছে সেয়া সঠিকভাৱে জনা নাযায়। চাৰি মিনিট  ৪১ ছেকেণ্ডৰ ভিডিঅ'টো মোদীয়ে নিজেই তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে। মোদীয়ে কয় "যিহেতু আজি ভাৰতৰ লক্ষ্য হৈছে স্বচ্ছতা, অংকিত বিয়ানপুৰীয়া আৰু মই একেটা কামকে কৰিছো। কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, আমাৰ সৈতে সুস্থতা কথাও জড়িত হৈ আছে। এয়া পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ভাৰতৰ অভিযান। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু