--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিষয়কলৈ কেৱল দেশতে প্ৰতিক্ৰিয়া হোৱা নাই৷ বিদেশতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ভাৰতীয় বংশোদ্ভূত সদস্য ৰো খান্নাই ৰাহুল গান্ধীক সংসদৰ সদস্য হিচাপে বৰ্খাস্ত কৰাৰ ঘটনাক নিন্দা কৰিছে। একে সময়তে ক্ষমতাসীন ডেমক্ৰেটিক শিবিৰৰ নেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  ৰাহুলৰ বিৰুদ্ধে  লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে৷

"ৰাহুল গান্ধীক সাংসদ হিচাপে বৰ্খাস্ত কৰাটো গান্ধীবাদী দৰ্শন আৰু ভাৰতৰ গভীৰ মূল্যবোধৰ প্ৰতি বিশ্বাসঘাতকতা," খান্নাই  এনেদৰে  টুইট কৰে। তেওঁ লগতে কয় ''মোৰ ককাদেউতাই সেই দৰ্শন আৰু মূল্যবোধৰ বাবে বহু বছৰ কাৰাগাৰত কটাইছিল। ভাৰতীয় গণতন্ত্ৰৰ স্বাৰ্থত, আপোনাৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ ক্ষমতা আছে নৰেন্দ্ৰ মোদী। ''

উল্লেখ্য খান্নাৰ ককাক অমৰনাথ বিদ্যালংকাৰ এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল। পিছত তেওঁ পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী হয় আৰু লোকসভাত এজন সাংসদো হয়। কেলিফৰ্ণিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হোৱা খান্না ভাৰতীয় বংশোদ্ভূত সকলৰ ভিতৰৰে  অন্যতম জনপ্ৰিয় নেতা।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু