--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিষয়কলৈ কেৱল দেশতে প্ৰতিক্ৰিয়া হোৱা নাই৷ বিদেশতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ভাৰতীয় বংশোদ্ভূত সদস্য ৰো খান্নাই ৰাহুল গান্ধীক সংসদৰ সদস্য হিচাপে বৰ্খাস্ত কৰাৰ ঘটনাক নিন্দা কৰিছে। একে সময়তে ক্ষমতাসীন ডেমক্ৰেটিক শিবিৰৰ নেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  ৰাহুলৰ বিৰুদ্ধে  লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে৷

"ৰাহুল গান্ধীক সাংসদ হিচাপে বৰ্খাস্ত কৰাটো গান্ধীবাদী দৰ্শন আৰু ভাৰতৰ গভীৰ মূল্যবোধৰ প্ৰতি বিশ্বাসঘাতকতা," খান্নাই  এনেদৰে  টুইট কৰে। তেওঁ লগতে কয় ''মোৰ ককাদেউতাই সেই দৰ্শন আৰু মূল্যবোধৰ বাবে বহু বছৰ কাৰাগাৰত কটাইছিল। ভাৰতীয় গণতন্ত্ৰৰ স্বাৰ্থত, আপোনাৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ ক্ষমতা আছে নৰেন্দ্ৰ মোদী। ''

উল্লেখ্য খান্নাৰ ককাক অমৰনাথ বিদ্যালংকাৰ এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল। পিছত তেওঁ পঞ্জাৱ চৰকাৰৰ মন্ত্ৰী হয় আৰু লোকসভাত এজন সাংসদো হয়। কেলিফৰ্ণিয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ নিম্ন সদন হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হোৱা খান্না ভাৰতীয় বংশোদ্ভূত সকলৰ ভিতৰৰে  অন্যতম জনপ্ৰিয় নেতা।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন 'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক