--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসাংসদ পদ কৰ্তনৰ পিছত ৰাহুল গান্ধীয়ে  আজি তেওঁৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানিকলৈ পুনৰ প্ৰশ্ন উত্থাপন কৰে৷  তেওঁ কয় যে সংসদত মোদী-আদানি সম্পৰ্ককলৈ প্ৰশ্ন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত আদানিৰ ঘনিষ্ঠ চীনৰ  ঔদ্যোগিক কোম্পানীসমূহৰ "অংশগ্ৰহণ" সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত ৰাহুলে কয় "মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে, মই আদানীয়ে তেওঁৰ সৈতে একেখন বিমানত  যোৱা ফটোখনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলো। ইয়াৰ পিছতে দেশৰ বিভিন্ন বিমানবন্দৰ অবৈধ ভাৱে আদানিক হস্তান্তৰ কৰা হৈছে। ''

ৰাহুলে দাবী কৰে  যে মোদীৰ সৈতে আদানিৰ সম্পৰ্ক "দীৰ্ঘদিনীয়া"।ৰাহুলে কয় "কিন্তু মই নাজানো তেওঁ (আদানি) ক'ৰ পৰা আহিছিল। মই ভয় নকৰোঁ," ৷ তেওঁ কয় যে নিম্ন  আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সাংসদ হিচাপে বৰ্খাস্ত কৰা হ'লেও তেওঁ দেশৰ স্বাৰ্থত যুঁজ অব্যাহত ৰাখিব।


উল্লেখ্য গুজৰাটৰ চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক 'মোদী' উপাধিৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ইয়াৰ ভিত্তিত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮ ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। সংবাদমেলত ৰাহুল গান্ধীয়ে উদাত্ত কণ্ঠৰে কয় "প্ৰধানমন্ত্ৰীয়ে সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছিল। সেইকাৰণে এনে কৰা হৈছে। ''তেওঁ লগতে প্ৰশ্ন কৰে যে কেনেকৈ আদানি গোষ্ঠীৰ  এটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ২০,০০০ কোটি টকা লাভ কৰিছিল। কেইমাহমান আগতে শ্ৰীলংকাৰ বিদ্যুৎ পৰিষদৰ অধ্যক্ষই মোদীয়ে   আদানিক বিদ্যুৎ প্ৰকল্পটোৰ কাম  দিয়াৰ বাবে দিয়া  হেঁচাৰ কথাও ৰাহুলে সোঁৱৰাই দিয়ে।

বিজেপি শিবিৰে তেওঁৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত "দেশক অপমান" কৰা বুলি কৰা অভিযোগ খণ্ডন কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, "মই কোনো দেশবিৰোধী মন্তব্য কৰা নাই। তেওঁলোকৰ (বিজেপি) সমস্যাটো হ'ল যে তেওঁলোকে আদনিৰ অপমানক দেশৰ অপমান বুলি বিবেচনা কৰে। ''








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু