--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসাংসদ পদ কৰ্তনৰ পিছত ৰাহুল গান্ধীয়ে  আজি তেওঁৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানিকলৈ পুনৰ প্ৰশ্ন উত্থাপন কৰে৷  তেওঁ কয় যে সংসদত মোদী-আদানি সম্পৰ্ককলৈ প্ৰশ্ন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত আদানিৰ ঘনিষ্ঠ চীনৰ  ঔদ্যোগিক কোম্পানীসমূহৰ "অংশগ্ৰহণ" সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত ৰাহুলে কয় "মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে, মই আদানীয়ে তেওঁৰ সৈতে একেখন বিমানত  যোৱা ফটোখনক লৈ প্ৰশ্ন উত্থাপন কৰিছিলো। ইয়াৰ পিছতে দেশৰ বিভিন্ন বিমানবন্দৰ অবৈধ ভাৱে আদানিক হস্তান্তৰ কৰা হৈছে। ''

ৰাহুলে দাবী কৰে  যে মোদীৰ সৈতে আদানিৰ সম্পৰ্ক "দীৰ্ঘদিনীয়া"।ৰাহুলে কয় "কিন্তু মই নাজানো তেওঁ (আদানি) ক'ৰ পৰা আহিছিল। মই ভয় নকৰোঁ," ৷ তেওঁ কয় যে নিম্ন  আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সাংসদ হিচাপে বৰ্খাস্ত কৰা হ'লেও তেওঁ দেশৰ স্বাৰ্থত যুঁজ অব্যাহত ৰাখিব।


উল্লেখ্য গুজৰাটৰ চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক 'মোদী' উপাধিৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ইয়াৰ ভিত্তিত শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮ ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। সংবাদমেলত ৰাহুল গান্ধীয়ে উদাত্ত কণ্ঠৰে কয় "প্ৰধানমন্ত্ৰীয়ে সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছিল। সেইকাৰণে এনে কৰা হৈছে। ''তেওঁ লগতে প্ৰশ্ন কৰে যে কেনেকৈ আদানি গোষ্ঠীৰ  এটা প্ৰতিৰক্ষা প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ২০,০০০ কোটি টকা লাভ কৰিছিল। কেইমাহমান আগতে শ্ৰীলংকাৰ বিদ্যুৎ পৰিষদৰ অধ্যক্ষই মোদীয়ে   আদানিক বিদ্যুৎ প্ৰকল্পটোৰ কাম  দিয়াৰ বাবে দিয়া  হেঁচাৰ কথাও ৰাহুলে সোঁৱৰাই দিয়ে।

বিজেপি শিবিৰে তেওঁৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত "দেশক অপমান" কৰা বুলি কৰা অভিযোগ খণ্ডন কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, "মই কোনো দেশবিৰোধী মন্তব্য কৰা নাই। তেওঁলোকৰ (বিজেপি) সমস্যাটো হ'ল যে তেওঁলোকে আদনিৰ অপমানক দেশৰ অপমান বুলি বিবেচনা কৰে। ''








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক