--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যিসকল লোকৰ ইতিমধ্যে বাতবিষ বা গাঁঠিৰ লগত জড়িত যিকোনো ৰোগ হৈছে, তেওঁলোকৰ শীতকালত আৰু অধিক সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। আনকি বাতবিষ নথকাসকলেও শীতকালত গাঁঠিৰ বিষ আৰু জঠৰতাত সমস্যাৰ সন্মুখীন হয়। এই সকলোবোৰ শীতকালত ঘটে কাৰণ এই বতৰত বহুতৰে শাৰীৰিক ক্ৰিয়া-কলাপ কমি যায়। ফলত এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি জানো আহক।

 শীতকালত গাঁঠিৰ বিষৰ ঘৰুৱা প্ৰতিকাৰ

 * এন্টিঅক্সিডেন্ট খাদ্য খাব লাগে-

গাঁঠিৰ সমস্যাৰ পৰা সকাহ পাবলৈ এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে ফলমূল, শাক-পাচলি, অলিভ অইল খাব পাৰে। নন-ভেজ খালে মাছ অতি উপকাৰী।

 * ভিটামিন-ডিৰ অভাৱ-

শীতকালত শৰীৰৰ গাঁঠিবোৰৰ যত্ন ল’ব লাগে। এই নমনীয়তা বজাই ৰাখিবলৈ কেৱল ভাল খাদ্যই নহয়, ভিটামিন-ডিৰো প্ৰয়োজন। সেইবাবেই দৈনিক কিছু সময় ৰ’দত বহি ভিটামিন-ডি অভাৱ দূৰ কৰিব পাৰে।

 * ষ্ট্ৰেচিং কৰক-

যদি গাঁঠিৰ বিষত অধিক অসুবিধা পায় তেন্তে লাহে লাহে লৰচৰ কৰিব লাগে। ইয়াৰ বাবে আপুনি ঘৰতে কিছুমান সহজ ষ্ট্ৰেচিং কৰিব পাৰে। ইয়াৰ উপৰি চিকিৎসক বা প্ৰশিক্ষকৰ সৈতেও কথা পাতিব পাৰে। মনত ৰাখিব যে এই ষ্ট্ৰেচিংটো অতি সাৱধানে কৰক, যাতে আপুনি যিকোনো ধৰণৰ আঘাতৰ পৰা হাত সাৰিব পাৰে।

 * গৰম কৰি ৰাখক-

গাঁঠিৰ অত্যধিক বিষ হোৱাৰ এটা কাৰণ হ’ল শীতকালত হোৱা ঠাণ্ডা অনুভৱ। সেইবাবেই কিছু সময় জুই বা হিটাৰৰ সহায় ল’ব পাৰে। যাৰ বাবে আপোনাৰ শৰীৰৰ উষ্ণতা সামান্য বৃদ্ধি পাব পাৰে আৰু বিষৰ পৰা সকাহ দিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক