--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়স বৃদ্ধিৰ লগে লগে বহুতো শাৰীৰিক সমস্যাই আগুৰি ধৰে। বাতবিষ হৈছে এনে এক সমস্যা। বাত ৰোগত গাঁঠি আৰু হাড়ত বহুত বিষ আৰু জঠৰতাই দেখা দিয়ে। ৫০ বছৰ বয়সৰ পাছত বাতবিষ হোৱা দেখা যায় যদিও পৰিবৰ্তনশীল জীৱনশৈলী আৰু খাদ্যাভ্যাস দুৰ্বল নীতিৰ ফলতেই কম বয়সতে বাতবিষৰ সমস্যা হৈ হাড়বোৰ ক্ষয় হ’বলৈ ধৰে। বাতবিষৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি কিছুমান ফলপ্ৰসূ ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। আহকচোন এই ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানো-

১. আদা উপকাৰীঃ-বাতবিষৰ সমস্যা দূৰ কৰিবলৈ আদা ব্যৱহাৰ কৰিব পাৰে। আদাত বিষনাশক গুণ আছে, যিয়ে গাঁঠিৰ বিষৰ পৰা উপশম দিব পাৰে। বাতবিষৰ সমস্যা হ’লে ৬ চামুচ শুকান আদা গুড়ি, ৬ চামুচ ক’লা জিৰা গুড়ি আৰু ৩ চামুচ ক’লা জলকীয়া গুড়ি পানী মিহলি কৰি দিনে তিনিবাৰ মিহলাই খাব পাৰে। ইয়াৰ দ্বাৰা আপুনি বাতবিষৰ ফলত হোৱা বিষৰ পৰা উপশম পাব পাৰে।

২. আপেল চাইডাৰ ভিনেগাৰঃ-আপেল চাইডাৰ ভিনেগাৰৰ পৰা শৰীৰে কেলচিয়াম, খনিজ পদাৰ্থ, মেগনেছিয়াম, পটাছিয়াম আৰু ফছফৰাছ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে গাঁঠিৰ বিষ কমাব পাৰে। বাতবিষত প্ৰতিদিনে পুৱা এচামুচ আপেল চাইডাৰ ভিনেগাৰ আৰু মৌ একাপ গৰম পানীৰ লগত মিহলাই খালে বহুতো উপকাৰী পোৱা যায়।

৩. সৰিয়হৰ তেলঃ-গাঁঠিৰ বিষত সৰিয়হ তেল ব্যৱহাৰ কৰিব লাগে। সৰিয়হ তেল ব্যৱহাৰ কৰিলে গাঁঠিবোৰত তেজৰ গতি সুস্থিৰ হৈ বিষৰ পৰা কিছু হ’লেও সকাহ পাব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত