--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক আৰু বিতৰ্কিত ভাষণৰ বাবে পৰিচিত বিজেপি নেতা গিৰিৰাজ সিঙে পুনৰ আন এক মন্তব্য প্ৰদান কৰিছে৷এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অৱেইছিৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষ্য প্ৰদান কৰি নাথুৰাম গডছেক ভাৰতৰ সুপুত্ৰ বুলি অভিহিত কৰে। গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰীৰ  দায়িত্বত থকা গিৰিৰাজ সিঙে কয় যে যদি গডছে গান্ধীৰ হত্যাকাৰী হয় তেন্তে তেওঁ জাতিৰ পুত্ৰও হয়৷

ঔৰংজেৱ আৰু টিপু চুলতানক সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টক লৈ ৰাজনৈতিক মতভেদৰ সৃষ্টি হোৱাৰ সময়তে তেওঁৰ এই মন্তব্য প্ৰকাশ কৰিছে।তেওঁ কয় যে গ’ডছে যদি গান্ধীৰ হত্যাকাৰী হয়, তেন্তে তেওঁ জাতিৰ পুত্ৰও। তেওঁৰ জন্ম ভাৰতত, আৰু তেওঁ ঔৰংজেব আৰু বাবৰৰ দৰে আক্ৰমণকাৰী নাছিল। 

হায়দৰাবাদৰ সাংসদ অৱেইছিয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ “ঔৰংজেব কি আউলাদেইন” সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে গিৰিৰাজ সিঙৰ এই মন্তব্য প্ৰকাশ পায়।

অৱেইছিক প্ৰত্যুত্তৰ দি গিৰিৰাজ সিঙে নাথুৰাম গডছেক ভাৰতৰ ‘সপুত্ৰ’ বুলি অভিহিত কৰি কয় যে যিসকলে নিজকে বাবৰ আৰু ঔৰংজেৱৰ সন্তান বুলি ক’বলৈ পাই সুখী অনুভৱ কৰে, আৰু সেইসকল লোক কেতিয়াও ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ হ’ব নোৱাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু