--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক আৰু বিতৰ্কিত ভাষণৰ বাবে পৰিচিত বিজেপি নেতা গিৰিৰাজ সিঙে পুনৰ আন এক মন্তব্য প্ৰদান কৰিছে৷এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অৱেইছিৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষ্য প্ৰদান কৰি নাথুৰাম গডছেক ভাৰতৰ সুপুত্ৰ বুলি অভিহিত কৰে। গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰীৰ  দায়িত্বত থকা গিৰিৰাজ সিঙে কয় যে যদি গডছে গান্ধীৰ হত্যাকাৰী হয় তেন্তে তেওঁ জাতিৰ পুত্ৰও হয়৷

ঔৰংজেৱ আৰু টিপু চুলতানক সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টক লৈ ৰাজনৈতিক মতভেদৰ সৃষ্টি হোৱাৰ সময়তে তেওঁৰ এই মন্তব্য প্ৰকাশ কৰিছে।তেওঁ কয় যে গ’ডছে যদি গান্ধীৰ হত্যাকাৰী হয়, তেন্তে তেওঁ জাতিৰ পুত্ৰও। তেওঁৰ জন্ম ভাৰতত, আৰু তেওঁ ঔৰংজেব আৰু বাবৰৰ দৰে আক্ৰমণকাৰী নাছিল। 

হায়দৰাবাদৰ সাংসদ অৱেইছিয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ “ঔৰংজেব কি আউলাদেইন” সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে গিৰিৰাজ সিঙৰ এই মন্তব্য প্ৰকাশ পায়।

অৱেইছিক প্ৰত্যুত্তৰ দি গিৰিৰাজ সিঙে নাথুৰাম গডছেক ভাৰতৰ ‘সপুত্ৰ’ বুলি অভিহিত কৰি কয় যে যিসকলে নিজকে বাবৰ আৰু ঔৰংজেৱৰ সন্তান বুলি ক’বলৈ পাই সুখী অনুভৱ কৰে, আৰু সেইসকল লোক কেতিয়াও ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ হ’ব নোৱাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে