--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনক লৈ পশ্চিমবংগত সৃষ্টি হৈছে তীব্ৰ হিংসাত্মক পৰিস্থিতি। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে পশ্চিম বংগৰ ৰাজ্যপাললৈ পত্ৰ লিখি নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনী মোতায়নৰ দাবী জনাইছে। কালি পশ্চিম বংগৰ মুৰ্ছিদাবাদত এজন কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰা হয়। যাৰ সন্দৰ্ভত ৰাজনৈতিক অভিযোগ আৰু প্ৰতি অভিযোগৰ পৰ্যায় চলি আছে। উল্লেখযোগ্য যে অহা ৮ জুলাইত পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, মুৰ্ছিদাবাদৰ খাৰগ্ৰামত এজন সক্ৰিয় কংগ্ৰেছ কৰ্মীক হত্যা কৰা হৈছিল, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ঘটনা সংঘটিত হৈছে। হত্যাৰ অভিযুক্তই খাৰগ্ৰাম প্ৰশাসনৰ সুৰক্ষা লাভ কৰাৰ পিছতে হত্যাকাণ্ড সংঘটিত হয়। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। তৃণমূল কংগ্ৰেছে বুলেট নিৰ্বাচন বিচাৰে নে বেলট নিৰ্বাচন? তৃণমূল কংগ্ৰেছক আমি এই তেজৰ ৰাজনীতি কৰিবলৈ নিদিওঁ।

কালি অৰ্থাৎ শুকুৰবাৰে (৯ জুন) কংগ্ৰেছৰ পশ্চিম বংগ কংগ্ৰেছ গোটৰ সভাপতি অধীৰ ৰঞ্জনে ঘোষণা কৰে যে তেওঁৰ দলে ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআইএম)ৰ সৈতে মিত্ৰতা কৰি ৰাজ্যখনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

তেওঁ কয় যে আমি ইতিমধ্যে আমাৰ দলৰ কৰ্মীসকলক এই বিষয়ত চিপিআইএমক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ কৈছো। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, এই মাহতে পশ্চিম বংগৰ তিনি স্তৰৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰায় ৭৫ হাজাৰ আসনত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাৰ সময়সীমা ১৫ জুনলৈকে চলি থাকিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব