--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনক লৈ পশ্চিমবংগত সৃষ্টি হৈছে তীব্ৰ হিংসাত্মক পৰিস্থিতি। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে পশ্চিম বংগৰ ৰাজ্যপাললৈ পত্ৰ লিখি নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনী মোতায়নৰ দাবী জনাইছে। কালি পশ্চিম বংগৰ মুৰ্ছিদাবাদত এজন কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰা হয়। যাৰ সন্দৰ্ভত ৰাজনৈতিক অভিযোগ আৰু প্ৰতি অভিযোগৰ পৰ্যায় চলি আছে। উল্লেখযোগ্য যে অহা ৮ জুলাইত পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, মুৰ্ছিদাবাদৰ খাৰগ্ৰামত এজন সক্ৰিয় কংগ্ৰেছ কৰ্মীক হত্যা কৰা হৈছিল, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ঘটনা সংঘটিত হৈছে। হত্যাৰ অভিযুক্তই খাৰগ্ৰাম প্ৰশাসনৰ সুৰক্ষা লাভ কৰাৰ পিছতে হত্যাকাণ্ড সংঘটিত হয়। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। তৃণমূল কংগ্ৰেছে বুলেট নিৰ্বাচন বিচাৰে নে বেলট নিৰ্বাচন? তৃণমূল কংগ্ৰেছক আমি এই তেজৰ ৰাজনীতি কৰিবলৈ নিদিওঁ।

কালি অৰ্থাৎ শুকুৰবাৰে (৯ জুন) কংগ্ৰেছৰ পশ্চিম বংগ কংগ্ৰেছ গোটৰ সভাপতি অধীৰ ৰঞ্জনে ঘোষণা কৰে যে তেওঁৰ দলে ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআইএম)ৰ সৈতে মিত্ৰতা কৰি ৰাজ্যখনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

তেওঁ কয় যে আমি ইতিমধ্যে আমাৰ দলৰ কৰ্মীসকলক এই বিষয়ত চিপিআইএমক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ কৈছো। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, এই মাহতে পশ্চিম বংগৰ তিনি স্তৰৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰায় ৭৫ হাজাৰ আসনত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাৰ সময়সীমা ১৫ জুনলৈকে চলি থাকিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু